ETV Bharat / health

বজাৰৰ আইচক্ৰীমে আপোনাক কৰিব পাৰে ৰুগীয়া; ঘৰতে কম খৰচতে প্ৰস্তুত কৰক আইচক্ৰীম - Homemade Ice Cream Recipe

author img

By ETV Bharat Health Team

Published : May 13, 2024, 12:35 PM IST

Homemade Ice Cream Recipe: বজাৰত উপলব্ধ আইচক্ৰীমত বহু ধৰণৰ ৰাসায়নিক পদাৰ্থ থাকে । এনে পৰিস্থিতিত আম, চকলেট আৰু কফি আইচক্ৰীম সহজে ঘৰতে বনাব পাৰি । এই সুস্বাদু আইচক্ৰীম বনোৱাৰ পদ্ধতি জানো আহক-

Market ice cream can cause illness Here are some easy recipes to make at home
বজাৰৰ আইচক্ৰীমে আপোনাক কৰিব পাৰে ৰুগীয়া; ঘৰতে কম খৰচতে প্ৰস্তুত কৰক আইচক্ৰীম (SOURCE: FREEPIK)

বহুতে গ্ৰীষ্মকালত আইচক্ৰীম খাবলৈ ভাল পায় । বিশেষকৈ শিশুসকলে প্ৰতিদিনে আইচক্ৰীম খাবলৈ মন কৰে । আজিকালি বজাৰত বহু ধৰণৰ আইচক্ৰীম উপলব্ধ । কিন্তু ইয়াক তৈয়াৰ কৰিবলৈ ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয় । এনে পৰিস্থিতিত দৈনিক এই আইচক্ৰীম সেৱন কৰিলে স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে । গতিকে বজাৰৰ পৰা ক্ৰয় কৰাতকৈ ঘৰতে বনাই শিশুক আইচক্ৰীম খুৱাব পাৰে । প্ৰাকৃতিক উপাদানৰ সহায়ত ইয়াক বনাবলৈ অতি সহজ । তেন্তে চাও আহক ৰেচিপি-

কফি আইচক্ৰীম

এই সুস্বাদু আইচক্ৰীম বনাবলৈ কেৰাহীত গাখীৰ আৰু চেনি দি কম জুইত ১০ মিনিট মান উতলিবলৈ দিব, মাজে মাজে লৰাই থাকিব । তাৰ পাচত জুই বন্ধ কৰি ঠাণ্ডা হ’বলৈ দিব । এতিয়া এই গাখীৰ আৰু চেনিৰ মিশ্ৰণত কফি, হুইপড ক্ৰীম দি ভালদৰে মিহলাই লওক । এই মিশ্ৰণটো এয়াৰ টাইট পাত্ৰত ঢালি কমেও ৪ ঘণ্টা বা ৰাতিটো ফ্ৰীজত ৰাখিব, তাৰ পাচত চকলেট চিৰাপ আৰু শুকান ফলৰে সজাই পৰিৱেশন কৰক ।

Market ice cream can cause illness Here are some easy recipes to make at home
বজাৰৰ আইচক্ৰীমে আপোনাক কৰিব পাৰে ৰুগীয়া; ঘৰতে কম খৰচতে প্ৰস্তুত কৰক আইচক্ৰীম (SOURCE: FREEPIK)

আমৰ আইচক্ৰীম

আমৰ আইচক্ৰীম বনাবলৈ কেৰাহীত গাখীৰ, কৰ্ণ ফ্ল’ৰ বা মাকৈৰ আটা আৰু ১/৪ কাপ চেনি দি মিহলাই কম জুইত উতলিবলৈ দিব । এই মিশ্ৰণটো ১০ৰ পৰা ১২ মিনিটত অলপ ঘন হোৱাৰ পাচত ঠাণ্ডা হ’বলৈ এফালে ৰাখিব । এতিয়া আন এটা বাটিত ১ কাপ হুইপিং ক্ৰীম লৈ তাত এই গাখীৰৰ মিশ্ৰণটো দি ভালদৰে মিহলাই লওক । এতিয়া আমৰ পিউৰিৰ আধাখিনি মিশ্ৰণটোত মিহলাই লোৱাৰ পাচত এই মিশ্ৰণটোত দিব । আপুনিও নিজৰ পছন্দ অনুসৰি ওপৰত আম কুটিও দিব পাৰে । এতিয়া এই মিশ্ৰণখিনি ফ্ৰীজত ৰাখি উপক্ষভোগ কৰক ।

চকলেট আইচক্ৰীম

ইয়াক বনাবলৈ কেৰাহীত গাখীৰ, সতেজ ক্ৰীম আৰু গাখীৰৰ গুড়ি দি কম জুইত ১০ মিনিট উতলিবলৈ দিব । ইতিমধ্যে তাত চেনি দি ভালদৰে মিহলাই লওক । ১০ মিনিটৰ পিছত গেছ বন্ধ কৰি এই মিশ্ৰণটো ঠাণ্ডা হ’বলৈ ৰাখক । গাখীৰৰ টেক্সচাৰ ক্ৰীমযুক্ত হ’লে তাত চ’ক’ চিপছ আৰু ক’ক’ পাউদাৰ দি ভালদৰে মিহলাই লওক । এতিয়া এই মিশ্ৰণটো ঠাণ্ডা হ’বলৈ দিয়ক । এয়াৰটাইট পাত্ৰ বা কুল্ফি ম’ল্ডত থৈ ফ্ৰীজত ৰাখি ঠাণ্ডাই ঠাণ্ডাই উপভোগ কৰক ।

লগতে পঢ়ক: গৰমৰ দিনত ঘৰতে প্ৰস্তুত কৰক এই ৭বিধ সোৱাদযুক্ত স্মুদি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.