ETV Bharat / health

গৰমৰ দিনত ঘৰতে প্ৰস্তুত কৰক এই ৭বিধ সোৱাদযুক্ত স্মুদি

author img

By ETV Bharat Assamese Team

Published : Mar 11, 2024, 4:45 PM IST

Make these 7 healthy and tasty smoothies at home in summer
গৰমৰ দিনত ঘৰতে প্ৰস্তুত কৰক এই ৭বিধ সোৱাদযুক্ত স্মুদি

Smoothie Recipes: শীতকালৰ অন্ত পৰাৰ লগে লগে এতিয়া বতৰ কিছু উষ্ণ হ’বলৈ আৰম্ভ কৰিছে । এনে পৰিস্থিতিত আমি আমাৰ শৰীৰক সতেজ কৰি ৰখাটো খুবেই প্ৰয়োজনীয় । সেয়েহে আমি আপোনালোকক কিছু স্বাস্থ্যকৰ আৰু সোৱাদযুক্ত স্মুদিৰ ৰেচিপি আগবঢ়াইছো যাক আপুনি গ্ৰীষ্মকালত গ্ৰহণ কৰিব পাৰে ।

গ্ৰীষ্মকাল আহিবলৈ আৰু বেচি দিন নাই ৷ এনে পৰিস্থিতিত গৰমৰ দিনত শৰীৰক শীতল কৰি ৰাখিবলৈ পানীৰ লগতে শৰীৰক ঠাণ্ডা স্বাস্থ্যকৰ পানীয়ৰো প্ৰয়োজন হয় ৷ গ্ৰীষ্মকালত প্ৰতিখন ঘৰতে চৰবতৰ পৰা আৰম্ভ কৰি নেমু পানীলৈকে সকলো প্ৰস্তুত কৰা হয় আৰু ঘৰলৈ অহা অতিথিসকলকো পৰিবেশন কৰা হয় ৷ পুষ্টিকৰ উপাদানৰে সমৃদ্ধ কিছুমান স্বাস্থ্যকৰ পানীয় এই গ্ৰীষ্মকালত আপুনি ট্ৰাই কৰিব পাৰে ৷ এই স্বাস্থ্যকৰ স্মুদিবোৰে আপোনাৰ স্বাস্থ্য উন্নত কৰিব আৰু লগতে আপোনাক ভিতৰৰ পৰাও ঠাণ্ডা কৰি ৰাখিব, গতিকে গ্ৰীষ্মকালত বনোৱা কিছুমান উত্তম গ্ৰীষ্মকালীন পানীয়ৰ ৰেচিপি জানো আহক-

  • মিক্স ফ্ৰুট অটছ স্মুদি

ইয়াক বনাবলৈ প্ৰথমে কিছুমান ফল ধুই সৰু সৰুকৈ কাটি লওক ৷ এতিয়া আধা কাপ ওটছ লৈ গাখীৰ দি ব্লেণ্ডাৰত মিহলাই লওক ৷

  • আম-কলৰ স্মুদি

গ্ৰীষ্মকালত বজাৰত প্ৰচুৰ পৰিমাণে আম পোৱা যায় ৷ আম-কলৰ স্মুদি বনাবলৈ বজাৰৰ পৰা সতেজ আম আনিব ৷ ধুই সৰু সৰুকৈ কাটি লওক ৷ এতিয়া কল আৰু কাঠবাদামৰ গাখীৰৰ লগত মিহলাই লওক ৷

  • তৰমুজ স্মুদি

তৰমুজৰ স্মুদি বনাবলৈ তৰমুজ সৰু সৰুকৈ কাটি গাখীৰৰ লগত মিহলাই লওক ৷ যদি আপুনি গাখীৰ ব্যৱহাৰ কৰিব নিবিচাৰে তেন্তে নাৰিকল পানী ব্যৱহাৰ কৰিব পাৰে ৷

  • পীচ-অমিতাৰ স্মুদি

পীচ আৰু অমিতাৰ স্মুদি বনাবলৈ পীচ আৰু অমিতা দৈৰ সৈতে মিহলাই উপভোগ কৰক ৷

  • চকলেট কলৰ স্মুদি

শিশুৱে চকলেট কলৰ স্মুদি বৰ ভাল পায় ৷ এইটো বনাবলৈ ১-২ টা পকা কল লৈ চকলেট টুকুৰা আৰু গাখীৰৰ লগত মিহলাই লওক ৷ তাৰ ওপৰত কাঠবাদাম আৰু নাৰিকল গুড়ি দি তৈয়াৰ কৰি লওক ৷

  • মিন্ট স্মুদি

পদিনা স্মুদি বনাবলৈ পদিনা পাত গাখীৰৰ লগত মিহলাই লওক ৷ ইয়াৰ পিচত তাত ফলমূল আৰু দৈ মিহলাই লওক ৷

  • বেৰী স্মুদি

গাখীৰৰ লগত ষ্ট্ৰবেৰী, ব্লেকবেৰী আৰু ব্লুবেৰী মিহলাই ঋতু অনুসৰি আৰু স্বাস্থ্যকৰ স্মুদি প্ৰস্তুত কৰক ৷

লগতে পঢ়ক: গৰ্ভধাৰণৰ পূৰ্বে নিশ্চয়কৈ কৰাওক এইসমূহ পৰীক্ষা; মাক তথা সন্তান উভয়ে থাকিব সুস্থ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.