ETV Bharat / entertainment

পৰিয়ালৰ সৈতে ৰিতেশ চিধৱানীৰ মাতৃ বিয়োগৰ খবৰ ল’লে শ্বাহৰুখ খানে - RITESH SIDHWANI MOTHER PASSES AWAY

author img

By ETV Bharat Assamese Team

Published : May 19, 2024, 10:49 PM IST

SRK and Karan Johar Visits Ritesh Sidhwani: প্ৰযোজক ৰিতেশ চিধৱানীৰ মাতৃ বিয়োগ ৷ দেওবাৰে শ্বাহৰুখ খান, গৌৰী খান আৰু কৰণ জোহৰে প্ৰযোজকগৰাকীৰ ঘৰত উপস্থিত হৈ পৰিয়ালক সমবেদনা জ্ঞাপন কৰে ৷ অভিষেক বচ্চন, চেইফ আলী খানকে ধৰি বলীউডৰ বহু চেলিব্ৰিটিয়ে প্ৰযোজকগৰাকীৰ মাতৃৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থকা দেখা গৈছিল ।

RITESH SIDHWANI MOTHER PASSES AWAY
ৰিতেশ চিধৱানীৰ ঘৰত শ্বাহৰুখ খান (Source : Instagram)

চিটাৰা ডেস্ক, 19 মে’: চলচ্চিত্ৰ নিৰ্মাতা ৰিতেশ চিধৱানীৰ মাতৃ বিয়োগ ৷ ৰিতেশৰ মাতৃ লিলু চিধৱানীৰ বিগত ১৭ মে' ত দেহাৱসান ঘটে ৷ লিলু চিধৱানীক মুম্বাইৰ খাৰত অৱস্থিত হিন্দুজা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে চলচিত্ৰ নিৰ্মাতাগৰাকীৰ মাতৃৰ ৷

দেওবাৰে বলীউডৰ অভিনেতা, বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানে পত্নী গৌৰী আৰু কন্যা সুহানা খানৰ সৈতে মুম্বাইস্থিত বাসগৃহত ৰিতেশক সাক্ষাৎ কৰি পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে ৷ শ্বাহৰুখ খানক এই কাৰ্যসূচীত সংগ প্ৰদান কৰিছিল চলচিত্ৰ নিৰ্মাতা, পৰিচালক কৰণ জোহৰে ৷

ৰিতেশ ফাৰহান আখতাৰৰ সৈতে এক্সেল এণ্টাৰটেইনমেণ্টৰ সহ-প্ৰতিষ্ঠাপক । দেওবাৰে পাপাৰাজীয়ে শ্বাহৰুখ খান, গৌৰী খান আৰু কৰণ জোহৰৰ বাহনখন ৰিতেশ চিধৱানীৰ বাসগৃহৰ পৰা ওলাই অহা দেখিছিল । ইফালে শ্বাহৰুখ তনয়া সুহানা খানকো এখন পৃথক বাহনত দেখা গৈছিল ।

আনহাতে, শনিবাৰে প্ৰযোজকগৰাকীৰ বাসগৃহত উপস্থিত হৈছিল চেইফ আলী খান আৰু কৰীণা কাপুৰক ৷ তেওঁলোকৰ লগতে চলচ্চিত্ৰ নিৰ্মাতা ফাৰহান আখতাৰ, জয়া আখতাৰ, কুনাল খেমু আৰু ছোহা আলী খানকো চিধৱানীৰ বাসগৃহত দেখা গৈছিল ৷

উল্লেখ্য যে, শনিবাৰে ৰিতেশৰ মাতৃৰ ছাণ্টাক্ৰুজ হিন্দু শ্মশানত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হৈছিল । পৰিয়ালটোৱে এই সন্দৰ্ভত এটা টোকা প্ৰকাশ কৰিছিল, য'ত লিখা আছিল, "2024 চনৰ 17 মে’ত লীলু চিধৱানীৰ মৃত্যু হয়, এই কথা ঘোষণা কৰি আমি গভীৰভাৱে দুখিতঃ । বিদেহী আত্মাৰ সদগতিৰ অৰ্থে হ’বলগীয়া প্ৰাৰ্থনা 18 মে’ ত অনুষ্ঠিত হ'ব । এই প্ৰাৰ্থনা আবেলি 3.15 বজাত কোৱাণ্টাম পাৰ্কৰ আৰজি স্তৰত অনুষ্ঠিত হ’ব । ইয়াৰ পিছত অন্তিম সংস্কাৰ সম্পন্ন কৰা হ'ব আবেলি 4.30 বজাত ছাণ্টাক্ৰুজ হিন্দু শ্মশানত" ৷

উল্লেখ্য যে, শ্বাহৰুখ খানে ডন, ডন 2 আৰু ৰইছকে ধৰি বহু চলচ্চিত্ৰত ৰিতেশৰ সৈতে কাম কৰিছে । অভিনেতাজনক শেষবাৰৰ বাবে ৰাজকুমাৰ হিৰাণীৰ ডংকিত দেখা গৈছিল ৷

লগতে পঢ়ক: দুশ বছৰ পুৰণি মুগাৰ সাজ পিন্ধি কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত খোজ আইমী বৰুৱাৰ - Cannes Film Festival 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.