গুৱাহাটীৰ বৌদ্ধ বিহাৰত বুদ্ধ পূৰ্ণিমা উদযাপন - Bamunimaidan Buddha Bihar - BAMUNIMAIDAN BUDDHA BIHAR
🎬 Watch Now: Feature Video

Published : May 23, 2024 at 10:37 PM IST
গুৱাহাটী, ২৩ মে’ : আজি বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ উৎসৱ বুদ্ধ পূৰ্ণিমা ৷ বৌদ্ধ ধৰ্মৰ প্ৰতিষ্ঠাতা ভগৱান বুদ্ধৰ জন্মদিনটোতে সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্ততো ব্যাপক উৎসাহ উদ্দীপনাৰে বুদ্ধ পূৰ্ণিমা পালন কৰা হয় ।
ইফালে মহানগৰীৰ বামুনীমৈদামস্থিত বৌদ্ধ বিহাৰত পৰম্পৰাগত ৰীতি-নীতিৰ মাজেৰে পালন কৰা হয় বুদ্ধ পূৰ্ণিমাৰ বিভিন্ন কাৰ্যসূচী ৷ প্ৰতি বছৰৰ দৰে এই বছৰো বুদ্ধ পূৰ্ণিমা উপলক্ষে গুৱাহাটী বৌদ্ধ বিহাৰত পুৱাৰে পৰা ভক্তই ভিৰ কৰা পৰিলক্ষিত হয় ।
বৌদ্ধ বিহাৰত ভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে মনোবাঞ্চা সিদ্ধিৰ কামনাৰে ধূপ, চাকি জ্বলাই বুদ্ধদেৱৰ ওচৰত প্ৰাৰ্থনা কৰে । গুৱাহাটীৰ বৌদ্ধ বিহাৰ সমিতিৰ সভাপতি উদয়ন মুত সুদ্ধি, সাধাৰণ সম্পাদক কমল চন্দ্ৰ বৰুৱা আৰু কোষধ্যক্ষ অঞ্জলী বৰুৱাই জানিবলৈ দিয়া মতে ২৫৬৮ সংখ্যক বুদ্ধ পূৰ্ণিমা উৎসৱৰ লগত সংগতি ৰাখি দিনৰ ভাগত ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা, সন্ধিয়াৰ ভাগত বিশ্বকবি ৰবীন্দ্ৰ নাথ ঠাকুৰৰ ‘নটীৰ পূজা’ নামৰ নাটখনি মনস্থ কৰা হয় । তাৰোপৰি দূৰ-দূৰণিৰ পৰা অহা সকলো ভক্তপ্ৰাণ ৰাইজৰ বাবে ভোগৰ ব্যৱস্থা কৰা হয় ।
উল্লেখ্য যে বৌদ্ধ ধৰ্মৰ প্ৰতিষ্ঠাতা ভগৱান বুদ্ধৰ জন্মদিনটোতে উদযাপন কৰা বুদ্ধ পূৰ্ণিমা উৎসৱৰ দিনা বুদ্ধ ভক্তসকলে বৌদ্ধ মন্দিৰত বৌদ্ধ ভিক্ষুৰ প্ৰবচন আৰু বুদ্ধৰ বাণী শুনে । আনহাতে বুদ্ধ পূৰ্ণিমাত বিশ্বৰ সকলো প্ৰান্তৰ বৌদ্ধ ধৰ্মাৱলম্বীসকলে গৌতম বুদ্ধৰ জন্ম, পৰম জ্ঞান লাভ আৰু মৃত্যু দিন হিচাপে পালন কৰে ।
লগতে পঢ়ক: বুদ্ধ পূৰ্ণিমাৰ দিনা ভুলতো নকৰিব এই কাম, অন্যথা ঘৰলৈ আহিব দাৰিদ্ৰতা