ETV Bharat / politics

নিৰ্বাচনী হিংসাত জ্বলিছে নন্দীগ্ৰাম: মাজনিশা বিজেপিৰ মহিলা কৰ্মীক হত্যা - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 23, 2024, 10:44 PM IST

BJP FEMALE WORKER KILLED: ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে পশ্চিমবংগৰ নন্দীগ্ৰামত নিৰ্বাচনী হিংসা ৷ অস্ত্ৰধাৰীৰ আক্ৰমণত নিহত বিজেপি কৰ্মী ৷ ঘটনাক লৈ তীব্ৰ উত্তেজনা নন্দিগ্ৰামত ৷ তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে হত্যাৰ অভিযোগ বিজেপিৰ ৷

PRE POLL VIOLENCE
BJP FEMALE WORKER HACKED TO DEATH (ETV Bharat)

নিউজ ডেস্ক, ২৩ মে’: নন্দীগ্ৰামৰ হিংসাৰ ক্ৰম বন্ধ হোৱাৰ কোনো লক্ষণ দেখা পোৱা নাই । ঠিক ১৭ বছৰ পূৰ্বৰ দৰে এক ঘটনাৰ পুনৰাবৃত্তি হ’ল নন্দীগ্ৰামত ৷ শনিবাৰে অনুষ্ঠিত হ’বলগীয়া ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ দুদিন পূৰ্বে পূব মেদিনীপুৰত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয় । বুধবাৰে গভীৰ নিশা বিৰোধী দলপতি শুভেন্দু অধিকাৰীৰ সমষ্টিত বিজেপিৰ এগৰাকী মহিলা কৰ্মীক আক্ৰমণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে । পূব মেদিনীপুৰ জিলাৰ নন্দীগ্ৰাম থানাৰ সোণাচূৰা অঞ্চলৰ মনছাতলাত সংঘটিত হৈছে এই ঘটনা । এই ঘটনাই পুনৰ উত্তেজনাৰ সৃষ্টি কৰে ।

স্থানীয় সূত্ৰ অনুসৰি মৃত মহিলাগৰাকীৰ নাম ৰথীবালা আদি । যোৱা নিশা ৰথীবালা আদিৰ ঘৰত দুষ্কৃতিকাৰীৰ দলে আক্ৰমণ কৰে । তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে বিজেপি কৰ্মীক মাৰপিট কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে । তেওঁৰ পুত্ৰ সঞ্জয় আদিৰ অৱস্থা সংকটজনক হোৱাত তেওঁক কলকাতাৰ এখন চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে । বাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৭ জন লোকক নন্দিগ্ৰাম স্পেচিয়েলিটি হাস্পতালত ভৰ্তি কৰোৱা হৈছে ।

ঘটনাৰ পিছতে বৃহস্পতিবাৰে পুৱাৰে পৰা নন্দীগ্ৰাম আৰক্ষী থানা এলেকাত আতংকৰ সৃষ্টি হৈছে । বৃহস্পতিবাৰে পুৱা নন্দীগ্ৰাম থানাৰ সন্মুখত বিজেপি কৰ্মী-সমৰ্থকে প্ৰতিবাদ আৰম্ভ কৰে ।

লগতে পঢ়ক: দিল্লীত কংগ্ৰেছ প্ৰাৰ্থী কানহাইয়া কুমাৰক আক্ৰমণ - lok sabha election 2024

বৃহস্পতিবাৰে পুৱা এক্স হেণ্ডেলত দলীয় কৰ্মী ৰথীবালাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে । "সনাতনী ছহিদ বীৰাংগনা ৰথীবালা আদি অমৰ হওক । তেওঁক প্ৰণাম আৰু সন্মান ।" ঘটনাৰ প্ৰেক্ষাপটত তেওঁ লগতে লিখিছে, "যোৱা নিশা নন্দীগ্ৰামৰ সোণাচূৰাৰ মনসাবজাৰ অঞ্চলত বিজেপি কৰ্মীসকলে বুথত পহৰা দি আছিল । সেই সময়ত তৃণমূলৰ দুষ্কৃতিকাৰীয়ে চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল । ৭ জন লোক চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল । ৰথীবালা আদিয়ে নিজৰ প্ৰাণ হেৰুৱালে ।"

লোকসভা নিৰ্বাচনৰ অধিক খবৰৰ বাবে ক্লিক্ কৰক- https://www.etvbharat.com/as/!elections/election-2024

এই ঘটনাৰ বাবে অভিষেক বেনাৰ্জীক দোষাৰোপ কৰে অধিকাৰীয়ে । "বুধবাৰে নন্দিগ্ৰামত তৃণমূল 'সেনাপতি' অভিষেকৰ উচটনিমূলক মন্তব্যৰ বাবেই এই ঘটনা সংঘটিত হৈছে ।’’ এক্সত তেওঁ লগতে কয়, "কালি নন্দীগ্ৰামত ভতিজা (অভিষেক)ই উচটনি দিয়াৰ প্ৰত্যক্ষ ফল এই ৰক্তপাত । তৃণমূলে নিশ্চিতভাৱে পৰাজয় জানি এই বৰ্বৰ হত্যাকাণ্ড সংঘটিত কৰিছিল । এই জেহাদীসকলে এগৰাকী মহিলাক আক্ৰমণ কৰি হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰিলে !"

সুভেন্দু অধিকাৰী লগতে সকীয়াই দিয়ে, "ভাৰতীয় জনতা পাৰ্টিয়ে ইয়াৰ প্ৰত্যুত্তৰ দিব । আইনী প্ৰতিশোধ লোৱা হ'ব আৰু ইয়াৰ উত্তৰ গণতান্ত্ৰিকভাৱে দিয়া হ'ব । সংগ্ৰাম ভূমি নন্দীগ্ৰামত যি তেজৰ নৈ বোৱাইছিল, সেই তেজ ইতিহাসৰ পাতত হেৰাই গৈছে ।"

লগতে পঢ়ক: দিল্লীৰ প্ৰিয়জনৰ সৈতে মেট্ৰ' যাত্ৰা ৰাহুল গান্ধীৰ; সংগী কানহাইয়া কুমাৰ - lok sabha election 2024

বৃহস্পতিবাৰে পুৱা নন্দীগ্ৰামৰ প্ৰতিবাদকাৰীসকলে মনসাতলা বজাৰৰ কেইবাখনো দোকান জ্বলাই দিয়ে । আনকি বিজেপি কৰ্মীসকলে পথত গছ বগৰাই জুই লগাই প্ৰতিবাদ আৰম্ভ কৰে । যাৰ বাবে ইতিমধ্যে কেইবাখনো দোকান ধ্বংস হৈছে । আৰক্ষীয়ে জুই নিৰ্বাপনৰ বাবে চেষ্টা কৰি আছে ।

পিছত বৃহস্পতিবাৰে কান্তীত অনুষ্ঠিত জনসভাৰ পৰাই এই সমগ্ৰ ঘটনা সন্দৰ্ভত মন্তব্য কৰে অধিকাৰীয়ে । "ৰাথীবালাক নিশা ২ বজাত হত্যা কৰা হ'ল । মোৰ গোটেই ৰাতি টোপনি নাহিল । ৰাতিপুৱা ৪ বজাত সঞ্জয়ক কলকাতা হাস্পতালত ভৰ্তি কৰিলো । প্ৰতিশোধ লোৱা নহ'বনে ? চিন্তা নকৰিব, ভোট শান্তিপূৰ্ণ হ’ব ।’’
তেওঁ লগতে কয়, "তেওঁ (অভিষেক বেনাৰ্জী) কালি ৮০টা বুথত প্ৰতিবাদ কৰিবলৈ গৈছিল । ভতিজা (অভিষেক)ৰ প্ৰৰোচনাত এই ঘটনা সংঘটিত হৈছে । আমি এফআইআৰত তেওঁৰ নামো উল্লেখ কৰিছো । ভয়াৱহ পৰিণতিৰ সতৰ্কবাণী দিছো ।"

আনহাতে, তৃণমূলৰ নেতা শ্বেখ ছুফিয়ানে কয়, "বিজেপিৰ বক্তব্য মিছা । তাত তৃণমূলৰ কোনো পতাকা বহনকাৰীও নাই । শুভেন্দুৱে জানে যে তেওঁ নিৰ্বাচনত এনেধৰণৰ কিবা এটা কৰিব লাগিব তেতিয়াহে তেওঁ নিৰ্বাচনত জয়ী হ'ব পাৰিব । মূল বিজেপি আৰু নতুন বিজেপিৰ মাজত কাজিয়া চলি আছে, সেইবাবেই এইবোৰ হৈ আছে । কোনো মৃত্যু বাঞ্ছনীয় নহয়, মই প্ৰশাসনক নিৰপেক্ষ তদন্ত কৰিবলৈ আহ্বান জনাইছোঁ ।"

লগতে পঢ়ক: কাশ্মীৰ উপত্যকাত নিৰ্বাচনৰ পৰিৱৰ্তিত পৰিস্থিতি; অতীত আৰু বৰ্তমানৰ তুলনামূলক স্থিতি - lok sabha election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.