দিল্লীৰ প্ৰিয়জনৰ সৈতে মেট্ৰ' যাত্ৰা ৰাহুল গান্ধীৰ; সংগী কানহাইয়া কুমাৰ - lok sabha election 2024
Rahul Gandhi Election Rally : লোকসভা নিৰ্বাচনৰ মাজতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নিৰ্বাচনী ৰেলীৰ অন্তত উত্তৰ-পূব দিল্লীৰ প্ৰাৰ্থী কানহাইয়া কুমাৰৰ সৈতে দিল্লী মেট্ৰ’ত যাত্ৰা কৰে । ছ’চিয়েল মিডিয়া ‘এক্স’ত ৰাহুল গান্ধীয়ে এই মেট্ৰ’ যাত্ৰাৰ বহু ছবি শ্বেয়াৰ কৰিছে ।

Published : May 23, 2024 at 5:33 PM IST
নিউজ ডেস্ক, ২৩ মে' : দেশৰ চলিত লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ অহা ২৫ মে’ত অনুষ্ঠিত হ’ব । ইয়াৰ বাবে বৃহস্পতিবাৰে সন্ধিয়া ৫ বজাত এই নিৰ্বাচনী প্ৰচাৰ কাৰ্যৰ অন্ত পৰিব । ইয়াৰ পূৰ্বে নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত সকলো দলে নিজা নিজা প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ কাৰ্যত পূৰ্ণ শক্তি প্ৰয়োগ কৰিছে । কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দিল্লীৰ উত্তৰ-পূব আৰু উত্তৰ-পশ্চিম লোকসভা সমষ্টিত ৰাজহুৱা সভাত ভাষণ দিয়ে । ইয়াৰ উপৰি তেওঁ ৰাইজৰ সৈতে অধিক অন্তৰংগভাৱে সংযোগ স্থাপনৰ বাবে দিল্লী মেট্ৰ’যোগেও যাত্ৰা কৰে ।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত ৰাহুল গান্ধীয়ে এই মেট্ৰ’ যাত্ৰাৰ বহু ছবি শ্বেয়াৰ কৰিছে । তাত তেওঁ লিখিছে, "দিল্লীৰ প্ৰিয়জনৰ সৈতে মেট্ৰ' যাত্ৰা । সহযাত্ৰীসকলক লগ পাই তেওঁলোকৰ কুশল-মংগলৰ কথা পাতো । দিল্লীত মেট্ৰ' নিৰ্মাণৰ আমাৰ পদক্ষেপ ৰাজহুৱা পৰিবহণৰ বাবে ইমান সুবিধাজনক বুলি প্ৰমাণিত হোৱাটো প্ৰত্যক্ষ কৰি মই আনন্দিত অনুভৱ কৰিছোঁ ।"

উল্লেখ্য যে ৰাহুল গান্ধীয়ে মেট্ৰ’ত যাত্ৰা কৰাৰ সময়ত জনসাধাৰণৰ সৈতে মত বিনিময় কৰে আৰু লগতে ছেলফিও উঠে । উত্তৰ-পূব দিল্লীৰ লোকসভা আসনখনৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী কানহাইয়া কুমাৰৰ সমৰ্থনত দিলশাদ গাৰ্ডেনত এক সভা অনুষ্ঠিত কৰি মংগলপুৰীৰ ৰেলীলৈ যাওঁতে মেট্ৰ’ৰে যাত্ৰা কৰে কংগ্ৰেছ নেতাগৰাকীয়ে । এই যাত্ৰাত কানহাইয়া কুমাৰেও তেওঁক সংগ দিয়ে ।

প্ৰণিধানযোগ্য যে এইবাৰ কংগ্ৰেছ আৰু আম আদমী পাৰ্টীয়ে দিল্লী লোকসভাৰ সাতখন আসনত যৌথভাৱে নিৰ্বাচনত অৱতীৰ্ণ হৈছে । এই ৭ খন আসনৰ ভিতৰত কংগ্ৰেছে তিনিখন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে আম আদমী পাৰ্টীয়ে চাৰিখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে । উত্তৰ-পূব দিল্লীৰ আসনৰ পৰা নিৰ্বাচনী ৰণত কানহাইয়া কুমাৰ আৰু উত্তৰ-পশ্চিম আসনৰ পৰা ডঃ উদিত ৰাজ নিৰ্বাচনী ৰণত যুঁজিছে ।
আনহাতে, চান্দনী চ'ক লোকসভা আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে জে পি আগৰৱালে । ইতিমধ্যে জে পি আগৰৱালৰ সমষ্টিত ৰাহুল গান্ধীয়ে অংশগ্ৰহণ কৰিছে । উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও বহুবাৰ দিল্লী মেট্ৰ’ৰে যাত্ৰা কৰিছে ।

