ETV Bharat / politics

পণবন্দী পৰিস্থিতিত আছে মুখ্যমন্ত্ৰী: নবীন পাটনায়ক সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাৰ চাঞ্চল্যকৰ দাবী - lok sabha election 2024

author img

By ANI

Published : May 23, 2024, 4:10 PM IST

Assam CM Election Rally : হিমন্ত বিশ্ব শৰ্মাই কয় যে নবীন পাটনায়কৰ অভাৱত বিজেডিৰ কেইবাজনো সদস্যই উদ্বেগ প্ৰকাশ কৰিছে । কিয়নো বিগত দশকত তেওঁক ব্যক্তিগতভাৱে লগ পোৱা নাই, সদায় পাণ্ডিয়ানৰ সৈতে থাকে । "এজন মুখ্যমন্ত্ৰী, সাংবিধানিকভাৱে নিৰ্বাচিত মুখ্যমন্ত্ৰী যদি পণবন্দী অৱস্থাত থাকে, তেন্তে সেয়া ভাল নহয়... দেশ আৰু ওড়িশাৰ বাবে ভাল নহয় ।" মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় ।

Assam CM Election Rally
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (ANI Photo)

নিউজ ডেস্ক, ২৩ মে' : ওড়িশাৰ মুখ্যমন্ত্ৰী সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক গুৰুতৰ মন্তব্য কৰিছে । ওড়িশাৰ মুখ্যমন্ত্ৰীৰ স্বশাসন আৰু মংগল সন্দৰ্ভত তেওঁ গুৰুতৰ উদ্বেগ প্ৰকাশ কৰি কয় যে বিজু জনতা দলৰ নেতা ভি কে পাণ্ডিয়ানে নবীন পাটনায়কক পণবন্দী কৰি ৰাখিছে । যাৰ ফলত তেওঁৰ স্বাধীনভাৱে মত প্ৰকাশ কৰাৰ ক্ষমতা সীমিত হৈ পৰিছে ।

Assam CM Odisha visit
মন্দিৰত পূজা কৰি থকা অৱস্থাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (ANI Photo)

মুখ্যমন্ত্ৰীয়ে কয়, "এই নিৰ্বাচনত ওড়িশাৰ মৰ্যাদাৰ কথা আহি পৰিছে ।" তেওঁ এই কথাত গুৰুত্ব আৰোপ কৰে যে এগৰাকী মুখ্যমন্ত্ৰী হিচাপে তেওঁ অকলে ভ্ৰমণ কৰে, মানুহক মুক্তভাৱে লগ কৰে আৰু সংবাদ মাধ্যমৰ বাবেও সুলভ । ইয়াৰ বিপৰীতে তেওঁ লক্ষ্য কৰিছে যে নবীন পাটনায়কক পাণ্ডিয়ান অবিহনে কেতিয়াও দেখা নাযায় ।

"ময়ো এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী, কিন্তু মই অকলে আহিছোঁ । মই অকলে কথা ক'ব পাৰোঁ, মানুহক লগ পাব পাৰোঁ আৰু মানুহে মোক লগ পাব পাৰে, ঠিক যেনেকৈ আপোনালোক সকলোৱে (মিডিয়া ব্যক্তিয়ে) এতিয়া মোক লগ পাইছে । কিন্তু ওড়িশাৰ মুখ্যমন্ত্রীয়ে অকলে কাকো লগ কৰিব নোৱাৰে, কথা পাতিব নোৱাৰে ৷ ভি কে পাণ্ডিয়ান সদায় তেওঁৰ লগত থাকে । কোনোবাই এই কথা জানিব লাগিব যে নবীন বাবু নিজেই পাণ্ডিয়ানৰ লগত আছে নে পাণ্ডিয়ানে কিবা খেল খেলি আছে, যাৰ বাবে নবীন বাবু পাণ্ডিয়ানৰ কবলৰ পৰা ওলাই আহিব নোৱাৰে ।" মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় ।

তেওঁ লগতে পৰামৰ্শ দিয়ে যে উচ্চ ন্যায়ালয়ৰ এজন ন্যায়াধীশ, নিৰপেক্ষ ব্যক্তিয়ে নবীন পাটনায়কৰ সৈতে ব্যক্তিগতভাৱে কথা পাতিব লাগে । এইটো মূল্যায়ন কৰিবলৈ যে তেওঁ মংগলে আছে আৰু নিশ্চিত কৰিব লাগে যে তেওঁক কোনো জোৰ-জবৰদস্তি কৰা হোৱা নাই ।

"মোৰ বিশ্বাস তেওঁ সুখী হয়নে নহয় আৰু ঠিকে আছেনে নাই জানিবলৈ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এজনে নবীন বাবুৰ লগত অকলে কথা পাতিব লাগে । উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ কথা এই কাৰণে ক’লোঁ কাৰণ তেওঁলোক নিৰপেক্ষ হ’ব । এবাৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে অকলে নবীন বাবুৰ সৈতে ১০ মিনিট কথা পাতিব লাগে । মই বিজেডিৰ বহু বন্ধুৰ সৈতে কথা পাতিছোঁ আৰু বিগত ১০ বছৰত নবীন বাবুক অকলে কোনেও লগ পোৱা নাই । যেতিয়াই লগ পায় পাণ্ডিয়ানো তাৰ লগত থাকে আৰু নবীন বাবুৱে কেৱল 'ok ok' বুলি কয়, ইয়াতকৈ অধিক একো নকয় ।" মুখ্যমন্ত্ৰীয়ে কয় ।

"নিৰ্বাচন হওক বা নহওক, উচ্চ ন্যায়ালয়ৰ এজন ন্যায়াধীশে নবীন পাটনায়কৰ সৈতে এবাৰ কথা পতা উচিত বুলি মোৰ বিশ্বাস । বৰ্তমান যিটো ঘটি আছে সেয়া এক অসাধাৰণ পৰিস্থিতি; এইটো স্বাভাৱিক পৰিস্থিতি নহয় । যদি নবীন বাবু সুখী, তেন্তে আমিও সুখী । মোৰ অনুভৱ হয় আক্ষৰিক অৰ্থত সেই পাণ্ডিয়ানে নবীন বাবুক বন্দী কৰিছে ।" তেওঁ লগতে কয় ।

হিমন্ত বিশ্ব শৰ্মাই কয় যে নবীন পাটনায়কৰ অভাৱত বিজেডিৰ কেইবাজনো সদস্যই উদ্বেগ প্ৰকাশ কৰিছে । কিয়নো বিগত দশকত তেওঁক ব্যক্তিগতভাৱে লগ পোৱা নাই, সদায় পাণ্ডিয়ানৰ সৈতে থাকে । "এজন মুখ্যমন্ত্ৰী, সাংবিধানিকভাৱে নিৰ্বাচিত মুখ্যমন্ত্ৰী যদি পণবন্দী অৱস্থাত থাকে, তেন্তে সেয়া ভাল নহয়... দেশ আৰু ওড়িশাৰ বাবে ভাল নহয় ।" মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় ।

উল্লেখ্য যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী তথা সম্বলপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ধৰ্মেন্দ্ৰ প্ৰধানে বৃহস্পতিবাৰে ওড়িশাৰ সম্বলপুৰত ‘মা সমলেশ্বৰী’ মন্দিৰত পূজা কৰে ।

২৫ মে’ত সম্বলপুৰ সমষ্টিৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । বিজেডিৰ তিনিবাৰৰ বিধায়ক প্ৰণৱ প্ৰকাশ দাস আৰু কংগ্ৰেছৰ নগেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে ধৰ্মেন্দ্ৰ প্ৰধান । উল্লেখ্য, ওড়িশাত বিধানসভা আৰু লোকসভা নিৰ্বাচন চাৰিটা পৰ্যায়ত একেলগে অনুষ্ঠিত হৈছে । ১৩ মে’ৰ পৰা অনুষ্ঠিত ভোটগ্ৰহণ প্ৰক্ৰিয়া ১ জুনলৈকে চলিব ।

২০১৯ চনৰ লোকসভা নিৰ্বাচনত বিজেডিয়ে ১২ খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে ৮ খন আসন লাভ কৰিছিল । কংগ্ৰেছে মাত্ৰ এখন আসনহে লাভ কৰিছিল । আনহাতে, ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনত বিজেডিয়ে ২০ খন আসনত জয়লাভ কৰাৰ বিপৰীতে বিজেপিয়ে মাত্ৰ এখন আসনহে লাভ কৰিবলৈ সক্ষম হৈছিল ।

ইফালে ২০১৯ চনৰ বিধানসভা নিৰ্বাচনত বিজু জনতা দলে ১৪৬ খন আসনৰ ভিতৰত ১১২ খন আসন লাভ কৰাৰ বিপৰীতে ভাৰতীয় জনতা পাৰ্টীয়ে ২৩ খন আৰু কংগ্ৰেছে ৯ খন আসন লাভ কৰে ।

লগতে পঢ়ক :মোদী 'ভক্ত' ভগৱান জগন্নাথ; কি কৈ পেলালে সম্বিত পাত্ৰই - Sambit Patra Jagannath Controversy
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.