ETV Bharat / bharat

মোদী 'ভক্ত' ভগৱান জগন্নাথ; কি কৈ পেলালে সম্বিত পাত্ৰই - Sambit Patra Jagannath controversy

author img

By ETV Bharat Assamese Team

Published : May 21, 2024, 3:06 PM IST

Sambit Patra controversy on Lord Jagannath: নিৰ্বাচনী প্ৰচাৰৰ মাজতে ভগৱান জগন্নাথক লৈ বিতৰ্কিত মন্তব্য কৰিলে পুৰীৰ বিজেপি দলৰ প্ৰাৰ্থী সম্বিত পাত্ৰই । ওড়িশাৰ জনসাধাৰণৰ লগতে বিৰোধী দলবোৰেও গৰিহণা দিছে নেতাজনক । ভুল স্বীকাৰ কৰি ভগৱানৰ নামত ব্ৰত ৰাখিবলৈ বাধ্য হৈছে বিজেপি প্ৰাৰ্থীগৰাকী ।

Sambit Patra controversy on Lord Jagannath
ভগৱান জগন্নাথক লৈ কি বিতৰ্ক কৰিলে সম্বিত পাত্ৰই (ETV Bharat)

নেশ্যনেল ডেস্ক,২১ মে': বিভিন্ন সময়ত ৰাজনৈতিক মন্তব্যৰ দ্বাৰা বিতৰ্কত থকা বিজেপি নেতা সম্বিত পাত্ৰৰ আন এক বিতৰ্কিত মন্তব্য । ভগৱান জগন্নাথ সম্পৰ্কে মন্তব্য কৰি বিতৰ্কত নেতাগৰাকীয়ে । ভগৱান জগন্নাথক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এজন 'ভক্ত' বুলি কৈছিল সম্বিত পাত্ৰই । অৱশ্যে বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ তথা পুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থীগৰাকীয়ে এই মন্তব্যৰ ভুল স্বীকাৰ কৰিছে আৰু ক্ষমাও বিচাৰিছে । জিভা পিছলি যোৱাৰ বাবে এই মন্তব্য কৰা বুলি নেতাগৰাকীয়ে উল্লেখ কৰিছে । ভগৱানৰ নামত মঙলবাৰৰ পৰা ৩ দিন ব্ৰত ৰখাৰ কথাও তেওঁ ঘোষণা কৰে ।

কিন্তু বিজেপি নেতাগৰাকীৰ সেই মন্তব্যক বিৰোধী নেতাসকলে শাসকীয় চৰকাৰৰ বিৰুদ্ধে নিৰ্বাচনী অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে । ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে এই মন্তব্যক ভগৱানৰ প্ৰতি অপমান বুলি অভিহিত কৰিছে ।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুৱা পুৰীত এক ৰোড শ্ব'ত অংশ লোৱাৰ সময়তে সম্বিত পাত্ৰই এটা সংবাদ মাধ্যমৰ সন্মুখত বিতৰ্কিত মন্তব্যটো কৰিছিল । তেওঁ কৈছিল, "লোকসভা সমষ্টিৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ লোকে প্ৰধানমন্ত্ৰীৰ ৰোড শ্ব'ত অংশগ্ৰহণ কৰিবলৈ আহিছে । তেওঁলোকে মোদীৰ ভক্ত ভগৱান জগন্নাথৰ দৰ্শনৰ বাবে আহিছিল ।"

সম্বিত পাত্ৰৰ সেই মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ওড়িশাৰ মুখ্যমন্ত্ৰী নবীনে পাটনায়কে এক্সৰ এটা পোষ্টত কয় যে ই বিশ্বব্ৰহ্মাণ্ডৰ ভগৱান মহাপ্ৰভু জগন্নাথৰ অপমান । তেওঁ উল্লেখ কৰিছে যে মহাপ্ৰভুক আন এজন লোকৰ ভক্ত বুলি কোৱাটো ভগৱানৰ প্ৰতি অপমান । ই সমগ্ৰ বিশ্বৰ কোটি কোটি জগন্নাথ ভক্ত আৰু ওড়িয়াৰ বিশ্বাসক অৱমাননা কৰিছে । পাটনায়কে এই মন্তব্যৰ বাবে বিজেপি তথা নেতাগৰাকীক তীব্ৰ গৰিহণা দিয়ে ।

ইফালে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা প্ৰসাদ হৰিচন্দনেও পাত্ৰৰ বক্তব্যক নিন্দা কৰিছে । ভুৱনেশ্বৰত এক সংবাদমেল সম্বোধন কৰি তেওঁ কয় যে বিজেপি নেতাজনে ভগৱান জগন্নাথক মোদীৰ 'ভক্ত' বুলি অভিহিত কৰি তেওঁক অৱমাননা কৰাটো আশ্চৰ্যজনক । ইফালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও সম্বিত পাত্ৰক সমালোচনা কৰিছে ।

লগতে পঢ়ক :ভাৰতৰ সকলো লোক পাকিস্তানী নেকি ? অমিত শ্বাহক তীব্ৰ সমালোচনা কেজৰিৱালৰ - Kejriwal Slams Amit Shah

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.