Moral policing incident: চৰাইদেউত মৰেল পুলিচিঙৰ ভয়ংকৰ ঘটনা

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 10:33 PM IST

thumbnail

চৰাইদেউ, 4 অক্টোবৰ : মৰেল পুলিচিঙৰ ঘটনাৰ বিৰুদ্ধে অসম আৰক্ষী কঠোৰ হোৱাৰ সময়তে চৰাইদেউত মৰেল পুলিচিঙৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে । ১০ বছৰীয়া শিশুক প্ৰখৰ ৰ’দত গৰুখুঁটিত বান্ধি তালিবানী শাস্তি প্ৰদান কৰিলে কেইজনমানে । জানিব পৰা মতে, নামঘৰৰ পৰা ১০০ টকা চুৰি কৰাৰ অভিযোগত তেওঁলোকে প্ৰদান কৰিলে এই শাস্তি । চৰাইদেউ জিলাৰ দুই নং মৰানহাবি গাঁৱত কালি সংঘটিত হয় এই ঘটনা । আইতাকৰ লগত দিন অতিবাহিত কৰা দহ বছৰীয়া এটা শিশুৱে নামঘৰৰ পৰা এশ টকা চুৰি কৰা বাবেই এইদৰে শাস্তি বিহে ধৰা পেলোৱা সকলে । ধ্ৰুৱজ্যোতি শইকীয়া আৰু নবীন কোঁৱৰ নামৰ দুজন ব্যক্তিয়ে শাস্তি প্ৰদান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।

পুৱা ন বজাৰ পৰা আবেলি তিনি বজালৈ প্ৰখৰ ৰ’দত বান্ধি শাস্তি দিয়াৰ বাবে শাৰিৰীকভাৱে যথেষ্ট আঘাতপ্ৰাপ্ত হয় শিশুটো । আইতাকে সাপেখাতী আৰক্ষী থানাত বুধবাৰে এক এজাহাৰ দাখিল কৰিছে দুই অভিযুক্তৰ বিৰুদ্ধে । ইফালে শিশুটিক উন্নত চিকিৎসাৰ বাবে চিকিৎসকে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে যদিও আৰ্থিক সংকটৰ বাবেই পৰিয়ালৰ লোকে ভৰ্তি কৰিব পৰা নাই চিকিৎসালয়ত ৷ চুৰিকাৰ্য মহাপাপ বুলি শিশুক শিকোৱাৰ প্ৰয়োজনীয়তা আছে ৷ কিন্তু এইদৰে বৰ্বৰভাৱে নিৰ্যাতন নিশ্চয়কৈ গ্ৰহণযোগ্য নহয় ৷ এই ঘটনাই চৰাইদেউ জিলাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক : Bilasipara Moral Policing: বিলাসীপাৰাৰ গণ প্ৰহাৰ ঘটনাৰ লগত জড়িত দুই মূল অভিযুক্তসহ 7 জনক আটক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.