হাত দাঙিলে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তাই - PHE Engineer Caught Taking BRIBE

By ETV Bharat Assamese Team

Published : May 13, 2024, 9:50 PM IST

thumbnail
উৎকোচ লৈ হাত দাঙিলে এগৰাকী চৰকাৰী বিষয়াই (ETV BHARAT ASSAM)

গুৱাহাটী, 13 মে’ : উৎকোচ লৈ পুনৰ হাত দাঙিলে এগৰাকী চৰকাৰী বিষয়াই ৷ এইবাৰ উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া ৷ দুৰ্নীতি নিবাৰক শাখাৰ হাতত উৎকোচ লৈ আটক হ’ল কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামী ৷ হেঙেৰাবাৰীৰ ধৃতি প্ৰভা নামৰ এখন হোটেলত 20 হাজাৰ টকা উৎকোচ লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে বিষয়াজন ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উত্তৰ লখিমপুৰ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামী ৷  

ইতিমধ্যে আটকাধীন বিষয়াজনৰ হেঙেৰাবাৰীস্থিত বাসগৃহতো চলিছে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান ৷ অভিযানত দুৰ্নীতি নিবাৰক শাখাই গোস্বামীৰ ঘৰৰ পৰা 79,87,500 টকা জব্দ কৰিছে বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে গগৈ উপাধিৰ ঠিকাদাৰ এজনৰ পৰা বিল মোকলাই দিয়াৰ বাবে উৎকোচ বিচাৰিছিল গোস্বামীয়ে ৷ ঠিকাদাৰজনে দুৰ্নীতি নিবাৰক শাখাক এই বিষয়ে জনোৱাত অভিযান চলাই হাতে-লোটে আটক কৰে অভিযন্তাজনক ৷  

লগতে পঢ়ক : কাছাৰৰ লক্ষীপুৰত হেৰ'ইনসহ গ্ৰেপ্তাৰ দুই সৰৱৰাহকাৰী - DRUGS SEIZED IN CACHAR

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.