কাছাৰৰ লক্ষীপুৰত হেৰ'ইনসহ গ্ৰেপ্তাৰ দুই সৰৱৰাহকাৰী - DRUGS SEIZED IN CACHAR

By ETV Bharat Assamese Team

Published : May 13, 2024, 2:03 PM IST

thumbnail
ড্ৰাগছ বিৰোধী অভিযান (ETV BHARAT ASSAM)

শিলচৰ, ১৩ মে’ : ৰাজ্য়ত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান চলি থকাৰ সময়তে কাছাৰত ন ন পন্থাৰে সৰৱৰাহকাৰীয়ে চলাইছে এই বেহা ৷ বাইকৰ টিউব আৰু বলেৰ’ৰ টেংকীত হেৰ’ইন সৰবৰাহ কৰাৰ তথ্য় পোহৰলৈ অহাৰ মাজতেই কাছাৰৰ লক্ষীপুৰত জব্দ বৃহৎ পৰিমাণৰ হেৰ’ইন ৷ আৰক্ষীয়ে এই ঘটনাৰে জড়িত দুটা সৰৱৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

ধৃত দুই সৰৱৰাহকাৰী হৈছে লক্ষীপুৰৰ বিন্নকান্দিৰ প্ৰেমচন্দ্ৰ সিং আৰু জয় কুমাৰ মৈতাই ৷ স্কুটীৰে দুই অভিযুক্তই হেৰ’ইন সৰৱৰাহৰ চেষ্টা চলোৱাৰ সময়তেই আৰক্ষীৰ জালত পৰে । লক্ষীপুৰ আৰক্ষীয়ে এখন স্কুটীত তলাচী চলাই কেইবাটাও চাবোনৰ বাকচত ৪৬ গ্ৰাম হেৰ'ইন জব্দ কৰাৰ লগতে দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰে ৷

এই সন্দৰ্ভত লক্ষীপুৰ থানাত প্ৰেমচন্দ্ৰ সিং আৰু জয় কুমাৰ মৈতাক আৰক্ষীয়ে সোধ-পোছ কৰি আছে ৷ জব্দকৃত হেৰ'ইনৰ বজাৰ মূল্য কেইবালাখ টকা ৷ উল্লেখযোগ্য যে, শুক্ৰবাৰে নিশা কাছাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শামিম হুছেইন নামৰ এক সৰবৰাহকাৰীক ৷ কাছাৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জব্দ হয় 1.8 কেজি হেৰ’ইন ৷ 

 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.