ETV Bharat / state

ড্ৰাগছসহ সৰবৰাহকাৰীক আটক - Anti drugs operation

Anti drugs operation : কলগাছিয়াৰ পাটবজাৰত ড্ৰাগছসহ এজন যুৱক আটক। আটকাধীন যুৱকজন বলাইপাথাৰ গাঁৱৰ ছবুৰ উদ্দিন বুলি জানিব পৰা গৈছে । যুৱকজনৰ পৰা আৰক্ষীয়ে তিনিটাকৈ চাবোনৰ বাকচত ড্ৰাগছ জব্দ কৰে ।

ANTI DRUGS OPERATION
ড্ৰাগছসহ সৰবৰাহকাৰীক আটক (ETV BAHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : May 6, 2024 at 9:44 AM IST

2 Min Read
Choose ETV Bharat
ড্ৰাগছসহ সৰবৰাহকাৰীক আটক (ETV BAHARAT ASSAM)

জনীয়া, 6 মে’ : ৰাজ্যজুৰি আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পিচতো গা লৰা নাই একাংশ দুষ্ট চক্ৰৰ ৷ আৰক্ষীৰ অভিযানকো আওকান কৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত ক্ৰমাৎ বৃদ্ধি পাইছে ড্ৰাগছৰ ৰমৰমীয়া বেহা । দেওবাৰে নিশা বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ নিচেই কাষত কলগাছিয়া পাটবজাৰত তিনিটা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচসহ এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।

ধৃত সৰবৰাহকাৰী কলগাছিয়াৰ বলাইপাথাৰ গাঁৱৰ ছবুৰ উদ্দিন বুলি জানিব পৰা গৈছে । ধৃত সৰবৰাহকাৰীটোৱে প্ৰকৃততে গুৱাহাটীত দীৰ্ঘদিন ধৰি মিস্ত্ৰী হিচাপে কৰ্মৰত হৈ আছিল । দেওবাৰে নিশা ছবুৰ উদ্দিনে গুৱাহাটীৰ পৰা প্ৰথমবাৰৰ বাবে চাৰিটা চাবোনৰ বাকচত ড্ৰাগছ বিক্ৰীৰ বাবে আনিছিল যদিও কলগাছিয়াৰ মেহদি নামৰ আন এজন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীয়ে এটা ড্ৰাগছৰ বাকচ কাঢ়ি লৈ যায় বুলি অভিযোগ উত্থাপন কৰে ।

পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে ছবুৰ উদ্দিন নামৰ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় যদিও মেহদি নামৰ আনটো কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীটো ঘটনাস্থলীৰ পৰা পলায়ন কৰে । পিছ মুহূৰ্তত ঘটনাস্থলীত কলগাছিয়া আৰক্ষী উপস্থিত হৈ ড্ৰাগছ সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰ কৰি থানালৈ লৈ যায় ।

এই ক্ষেত্ৰত চৰকাৰ বা প্ৰশাসনে যদি এই ড্ৰাগছৰ ব্যৱসায় বন্ধ নকৰে তেন্তে যুৱ প্ৰজন্মৰ ভৱিষ্যত অন্ধকাৰ বুলি দাবী কৰে কলগাছিয়া অঞ্চলৰ ৰাইজে । বৃহত্তৰ কলগাছিয়া অঞ্চলত কেৱল ড্ৰাগছৰ ব্যৱসায়েই নহয়, মদ, ভাং, জুৱা আদি কৰি বিভিন্ন অসামাজিক কাম চলি থকা বুলি স্থানীয় লোকে দাবী কৰে ৷

ইয়াৰ পিচতো আৰক্ষীয়ে এই সন্দৰ্ভত কোনো গুৰুত্ব নিদিয়ে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয়ো লোকে । সেই গতিকে এই ক্ষেত্ৰত অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক দাবী জনায় ৰাইজে ।

লগতে পঢ়ক: বালি মাফিয়াৰ সন্ত্ৰাস : বালি খনন কৰা গাঁতত পৰি কিশোৰৰ সলিল সমাধি - Sand mafia in Mariyani