কঁৰ ফাকি দি ক’লৈ সাৰিব ? - Income Tax department raids

By ETV Bharat Assamese Team

Published : May 30, 2024, 10:58 PM IST

thumbnail
নগাঁৱৰ বিকানেৰ জুৱেলাৰীত আয়কৰ বিভাগৰ অভিযান (etv bharat assam)

নগাঁও, 30 মে’ : বৃহস্পতিবাৰে বিয়লি নগাঁৱৰ এক প্ৰতিষ্ঠিত ব্যৱসায়িক প্ৰতিষ্ঠানত আয়কৰ বিভাগে অতৰ্কিতে অভিযান চলায় ৷ কৰ ফাঁকি দিয়াৰ সন্দেহত নগাঁৱৰ জুৱেলাৰী প্ৰতিষ্ঠিত জুৱেলাৰী প্ৰতিষ্ঠানটোত অভিযান চলায় আয়কৰ বিভাগৰ এটা দলে। নগাঁৱৰ বিকানেৰ জেমছ এণ্ড জুৱেলাৰী নামৰ প্ৰতিষ্ঠানটোত আয়কৰ বিভাগৰ দলটোৱে চলাই অভিযান সোধাপোছা কৰে ।

ব্যৱসায়িক প্ৰতিষ্ঠানটোৱে কৰ ফাঁকি দিয়াৰ সন্দেহ কৰিয়েই জুৱেলাৰী প্ৰতিষ্ঠানটোত আয়কৰ বিভাগৰ দলে অভিযান চলোৱা বুলি জানিব পৰা গৈছে । অভিযানকাৰী দলটোৱে প্ৰতিষ্ঠানটোৰ বিক্ৰী, আয় আৰু কৰ সন্দৰ্ভত সোধাপোছা কৰিবলৈ প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰীক লগত লৈ যোৱা বুলিও জানিব পৰা গৈছে । লগতে ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ পৰা অভিযানকাৰী আয়কৰ বিভাগৰ দলটোৱে জব্দ কৰিছে বহু কেইটা ফাইল । নগাঁৱৰ ৰাজস্থান হোটেলত অৱস্থিত জুৱেলাৰী প্ৰতিষ্ঠান বিকানেৰ জেমছ এণ্ড জুৱেলাৰী জিলাখনৰ আগশাৰীৰ এক গহনাৰ বিপণি ।

লগতে পঢ়ক: সাহিত্য সভা ভৱনত চোৰৰ হাত চাফাই : মাছৰ পেটু ভজাৰে চোৰে পেট ভৰাই খাই গ’ল একাঁহী - Theft at Sahitya Sabha Bhawan

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.