মহানগৰীত ড্ৰাগছৰ ৰমৰমীয়া বেহা, STF ৰ অভিযান - ANTI DRUGS OPERATION

By ETV Bharat Assamese Team

Published : May 30, 2024, 10:44 PM IST

thumbnail
ড্ৰাগছৰ বিৰুদ্ধে STF ৰ অভিযান (ETV BHARAT ASSAM)

গুৱাহাটী, ২০ মে’ : গুৱাহাটীৰ খানাপাৰাত পুনৰ ড্ৰাগছৰ বিৰুদ্ধে STF ৰ অভিযান । বৃহস্পতিবাৰে খানাপাৰা উৰণ সেতুৰ সমীপত এছ টি এফৰ এটা দলে অভিযান চলাই জব্দ কৰে ৬৩ টাকৈ ড্ৰাগছভৰ্তি কণ্টেইনাৰ । লগতে প্ৰায় ১৫০০ টকা নগদ ধনৰ লগতে ২ টাকৈ মোবাইল ফোন জব্দ কৰিবলৈ সক্ষম হয় ।

এক গোপন সূত্ৰৰ পম খেদি STF যে খানাপাৰাৰ নৱনিৰ্মিত ISBT ত চলাইছিল এই অভিযান । এই অভিযানত দলটোৱে এজন যুৱকৰ লগতে এগৰাকী মহিলা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় । ভাস্কৰ বৰা নামৰ যুৱকজনে দীৰ্ঘদিন ধৰি মহিলাগৰাকীৰ সৈতে মিলি দীৰ্ঘদিন ধৰি চলাই গৈছিল ড্ৰাগছৰ বেহা ।

সম্প্ৰতি অধিক তথ্য়ৰ বাবে STF য়ে ধৃত সৰবৰাহকাৰীকদ্বয়ৰ বিৰুদ্ধে দিছপুৰ থানাত এক গোচৰ ৰুজু কৰি সোধা পোছা অব্যাহত ৰাখিছে । উল্লেখ্য যে, প্ৰতিদিনে STF এ খানাপাৰাত অভিযান চলাই নকল নোট, ড্ৰাগছ, গাঞ্জাৰ লগতে বিভিন্ন নিচাযুক্ত দ্ৰব্য জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰিছিল বহু সৰবৰহাকাৰীক ৷

লগতে পঢ়ক: মহানগৰীত ড্ৰাগছ সৰবৰাহকাৰীৰ টিঘিলঘিলনি - Operation against Drugs

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.