গাঁৱত সোমাল প্ৰকাণ্ড হাতী; ৰাইজৰ মাজত হাহাকাৰ - Wild Elephant in village

By ETV Bharat Assamese Team

Published : May 14, 2024, 4:42 PM IST

thumbnail
হাতীৰ মুকলি বিচৰণ; আতংকিত ৰাইজ (Etv Bharat Assam)

ধেমাজি, 14 মে’: জনাঞ্চলত মুকলিকৈ বিচৰণ কৰা এটা হাতীয়ে ধেমাজিত সৃষ্টি কৰিছে ত্ৰাসৰ ৷ ধেমাজিৰ যোৰকটা মাছখোৱা আৰক্ষী চকীৰ অধীনৰ যোৰকটাত এটা প্ৰকাণ্ড হাতীয়ে মুক্তভাৱে বিচৰণ কৰাত অঞ্চলজুৰি আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ স্থানীয় লোকৰ মতে মঙলবাৰৰ পুৱা মাছখোৱা বৰপাক গাঁৱৰ পৰা লাইপুলীয়া নৈ পাৰ হৈ যোৰকটাত প্ৰৱেশ কৰে হাতীটোৱে ৷ তাৰ পিছত স্থানীয় লোকৰ মাজত চিঞৰ বাখৰ লগাত হাতীটোৱে ৰজাবাৰী পথাৰত বিচৰণ কৰিবলৈ ধৰে ৷

হঠাতে প্ৰকাণ্ড হাতীটোৱে জনাঞ্চলত প্ৰৱেশ কৰাত ৰাইজৰ মাজত হুৱা-দুৱা লাগে ৷ খাদ্যৰ সন্ধানতে জাকৰ পৰা বিচ্ছিন্ন হৈ জনাঞ্চলত হাতীটোৱে প্ৰৱেশ কৰিছে বুলি জানিব পৰা গৈছে ৷ অৱশ্যে হাতীটোৰ গাত দেখা দুই এক লক্ষণৰ জৰিয়তে হাতীটো ঘৰচীয়া বুলি সন্দেহ প্ৰকাশ কৰিছে প্ৰত্যক্ষদৰ্শীয়ে ৷ অৱশ্যে বন বিভাগেহে এই সন্দৰ্ভত নিশ্চয়তা প্ৰদান কৰিব পাৰিব ৷ ইতিমধ্যে ধেমাজি পৰা বন বিভাগৰ লোক আহি ঘটনাস্থলীত উপস্থিত হোৱা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: কাজিৰঙাৰ কাষৰীয়া অঞ্চলত বন্যহস্তীৰ তাণ্ডৱ - Man Elephant Conflict

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.