চি ডি এমত জমা নকৰি আত্মসাৎ কোটি কোটি টকা : গুৱাহাটীত জালত পৰিল প্ৰৱন্ধক - Manager arrested in Guwahati

By ETV Bharat Assamese Team

Published : May 29, 2024, 10:42 PM IST

thumbnail
বহুজাতিক কোম্পানীৰ প্ৰৱন্ধকক গ্ৰেপ্তাৰ (ETV Bharat Assam)

গুৱাহাটী, ২৯ মে’ : ৰাজধানী গুৱাহাটী মহানগৰীত উদ্বেগজনকভাবে বৃদ্ধি পাইছে ঠগ-প্ৰৱঞ্চক ৷ শেহতীয়াকৈ পোহৰলৈ আহিছে ‘হিটাচি’ নামৰ এটা বহুজাতিক কোম্পানীৰ এক ভয়ংকৰ কাণ্ড ৷

কোম্পানীটোৰ একাংশ কৰ্মচাৰীয়ে ভাৰতীয় ষ্টেট বেংকৰ নগদ ৪ কোটি টকা চি ডি এমত ভৰোৱাৰ নামত ধন আত্মসাৎ কৰাৰ অভিযোগ পোৱাৰ পিচত আৰক্ষীৰ জালত পৰিল বহুজাতিক কোম্পানীটোৰ এজন প্ৰৱন্ধক ৷ আৰক্ষীৰ জালত পৰা প্ৰবন্ধকজন হিটাচি নামৰ বহুজাতিক কোম্পানীটোৰ প্ৰৱন্ধক অজয় বিশ্বকৰ্মা বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে ৷ ঘটনাৰ সৈতে জড়িত আন কেবাজনো কৰ্মচাৰী ইতিমধ্যে পলাতক অৱস্থাত আছে  ।

উল্লেখ্য যে ভাৰতীয় ষ্টেট বেংকৰ ৪ কোটি টকা এ টি এম বুথত থকা চি ডি এমত ভৰোৱাৰ দায়িত্বত আছিল হিটাচি নামৰ বহুজাতিক কোম্পানীটো । কিন্তু উক্ত ধন সময়মতে চি ডি এমত জমা নকৰাৰ অভিযোগ উত্থাপিত হোৱাৰ পিচত দিছপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ভাৰতীয় ষ্টেট বেংক কৰ্তৃপক্ষই ।

উক্ত এজাহাৰৰ ভিত্তিত দিছপুৰ আৰক্ষীয়ে ৫১৭/২৪ নম্বৰত এটি গোচৰ ৰুজু কৰি কালি দিনৰ ভাগত নাৰেংগী বীৰকুচিৰ পৰা কোম্পানীটোৰ প্ৰৱন্ধক অজয় বিশ্বকৰ্মাক গ্ৰেপ্তাৰ কৰে ৷ মঙলবাৰে কোম্পানীটোৰ প্ৰৱন্ধকগৰাকীক আদালতত হাজিৰ কৰোৱাৰ পিচত তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মাত লয় ।

ইপিনে সংবাদ মাধ্যমৰ আগত এই ঘটনাত তেওঁ জড়িত থকাৰ অভিযোগ সম্পূৰ্ণ নস্যাৎ কৰিছে প্ৰৱন্ধকজনে ৷  তেওঁ কয় যে কোম্পানীয়ে এই ঘটনাত তেওঁক মিছাকৈ জগৰীয়া কৰিছে  ৷ এই ঘটনাত জড়িত প্ৰকৃত অপৰাধীসকল পলাই যোৱা বুলি অভিযোগ উত্থাপন কৰি তেওঁ কয় যে তেওঁ শাখা প্ৰৱন্ধক, গতিকে তেওঁৰ হাতত নগদ ধন নাথাকে ৷

লগতে পঢ়ক: "চৰকাৰী চাকৰি" লৈ ঋণত ডুবিল বহু যুৱক ! লখিমপুৰত অভূতপূৰ্ব প্ৰৱঞ্চনা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.