ETV Bharat / state

ভয়াৱহ বানৰ কৱলত ৰাজ্যৰ আঠখন জিলা : ৪১ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত - FLOOD SITUATION OF ASSAM

author img

By ETV Bharat Assamese Team

Published : May 30, 2024, 2:20 PM IST

Cyclone Remal Impact : বাৰিষাৰ প্ৰথমটো বানত প্লাবিত হৈছে ৰাজ্যৰ 8 খনকৈ জিলা ৷ বান বিভীষিকাই একপ্ৰকাৰ আতংকৰ সৃষ্টি কৰিছে সাধাৰণ ৰাইজৰ মনত ৷ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ শেহতীয়া তথ্য অনুসৰি, ৰাজ্যৰ আঠখন জিলা সম্প্ৰতি বানৰ কবলত পৰিছে ৷ বানত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ চাওক আমাৰ এই প্ৰতিবেদনত ৷

FLOOD SITUATION OF ASSAM
বাৰিষাৰ প্ৰথমটো বানৰ কবলত আঠ জিলা (Source : Etv Bharat Assam)

গুৱাহাটী, ৩০ মে’: ৰেমলৰ আতংকৰ পিছতে ৰাজ্যত তাণ্ডৱ সৃষ্টি বানৰ ৷ বাৰিষাৰ প্ৰথমটো বানত প্লাবিত হৈছে ৰাজ্যৰ 8 খনকৈ জিলাৰ লোকসকল ৷ বিগত কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ বাবে ৰাজ্যত সৃষ্টি হৈছে বান পৰিস্থিতি ৷

ভয়াৱহ বানৰ কৱলত ৰাজ্যৰ আঠখন জিলা (Source : Etv Bharat Assam)

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ শেহতীয়া তথ্য অনুসৰি, ৰাজ্যৰ আঠখন জিলা সম্প্ৰতি বানৰ কবলত পৰিছে ৷ এই আঠ জিলা হৈছে ক্ৰমে - নগাঁও, হাইলাকান্দি, পশ্চিম কাৰ্বি আংলং, কৰিমগঞ্জ, কাছাৰ, হোজাই, গোলাঘাট আৰু কাৰ্বি আংলং ৷ এই আঠখন জিলাৰ ১৬ টা ৰাজহ চক্ৰৰ অধীনষ্ঠ ১৪৩ খন গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে ৷

জনসংখ্যা ক্ষতিগ্ৰস্ত : বানৰ কবলত পৰা আঠখন জিলাৰ প্ৰায় ৪১,৭১৯ লোক ক্ষতিগ্ৰস্ত হৈছে ৷ ইয়াৰ ভিতৰত কৰিমগঞ্জ জিলাত সৰ্বাধিক ২৬,৪৩০ গৰাকী লোক ক্ষতিগ্ৰস্ত হৈছে ৷ জিলাখনৰ ১০,২৪০ জন পুৰুষ, ৭,৫৯৪ গৰাকী মহিলা আৰু ৮,৫৯৭ টি শিশু বানৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে ৷ জিলা হিচাপে বানত ক্ষতিগ্ৰস্ত হৈছে কাছাৰ জিলাৰ ৮,৩৫১ গৰাকী, হাইলাকান্দিৰ ৬,২২৭ গৰাকী, হোজাইৰ ৪৯৬ গৰাকী আৰু কাৰ্বি আংলং জিলাৰ ২১৫ গৰাকী লোক ৷

বানত ক্ষতিগ্ৰস্ত শস্যভূমি : শেহতীয়া বানত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই সদৰী কৰা অনুসৰি, আঠখন জিলাৰ ৩৩৬ হেক্টৰ কৃষিভূমি বানত ক্ষতিগ্ৰস্ত হৈছে ৷ ইয়াৰ ভিতৰত নগাঁও জিলাৰ সৰ্বাধিক ১৯৭ হেক্টৰ কৃষি ভূমি বানৰ কবলত পৰে ৷ ঠিক একেদৰে, বানত ক্ষতিগ্ৰস্ত হৈছে কাছাৰ জিলাৰ ১৭ হেক্টৰ, গোলাঘাট জিলাৰ ৬৬ হেক্টৰ আৰু হোজাই জিলাৰ ৫৬ হেক্টৰ কৃষি ভূমি ৷

সাহায্য আৰু আশ্ৰয় শিবিৰ : বান প্ৰভাৱিত জিলাসমূহত স্থাপন কৰা হৈছে 6 টাকৈ সাহায্য শিবিৰ ৷ সমান্তৰালকৈ ১৫৫ টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে ৷ ইয়াৰে কাছাৰ জিলাত সৰ্বাধিক ৮৮ টা আশ্ৰয় শিবিৰ স্থাপন কৰাৰ বিপৰীতে কৰিমগঞ্জত ৬৭ টা অস্থায়ী আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে ৷ এই শিবিৰত ১৫৫ গৰাকী লোকে আশ্ৰয় গ্ৰহণ কৰিছে ৷ য’ত আছে ৫১ জন পুৰুষ, ৬২ গৰাকী মহিলা আৰু ৪২ টি শিশু ৷ আনহাতে, সাহায্য সামগ্ৰী প্ৰদানৰ বাবেও ৭১৫ টা কেন্দ্ৰ স্থাপন কৰা হৈছে ৷

বানত মৃত্যু : ৰাজ্যজুৰি ভয়াৱহ ৰূপ ধাৰণ কৰা বানত এতিয়ালৈকে মৃত্যু ঘটিছে এজন লোকৰ ৷ কৰিমগঞ্জ জিলাৰ ৰামকৃষ্ণ নগৰত মৃত্যু ঘটে এই লোকজনৰ ৷

পশুধন ক্ষতিগ্ৰস্ত : বানত মুঠ ২,২৭,০৬০ টাকৈ পশুধন ক্ষতিগ্ৰস্ত হৈছে ৷ ইয়াৰ ভিতৰত ৪৫,৫৮২ টা পশুধন ডাঙৰ প্ৰজাতিৰ আৰু ৪৩,৮০৮ টা পশুধন সৰু প্ৰজাতিৰ ৷ সেইদৰে পলিট্ৰি ফাৰ্মিঙৰ ১,৩৭,৬৭০ টা পশুধনে বানত ক্ষতিৰ সন্মুখীন হয় ৷ জিলা হিচাপে কৰিমগঞ্জত ১,৭৫,৬৬৫ টা, হাইলাকান্দিত ৪১,৯১৩ টা আৰু নগাঁৱত ৯,২৮০ টা পশুধন বানত ক্ষতিগ্ৰস্ত হৈছে ৷

বানৰ ক্ষয়ক্ষতি : বাৰিষাৰ প্ৰথম বানতেই ৰাজ্যত বিস্তৰ ক্ষতিসাধন হৈছে ৷ ইতিমধ্যে বানত ধ্বংস হৈছে ৮৫ টাকৈ কেঁচা ঘৰ আৰু ১০ টা পকী ঘৰ ৷ সেইদৰে বানত চাৰিটাকৈ পথ বিধ্বস্ত হোৱাৰ উপৰিও দুখনকৈ দলং ক্ষতিগ্ৰস্ত হৈছে ৷ বানত ক্ষতিগ্ৰস্ত হৈছে ছটাকৈ মথাউৰি ৷ বিশেষকৈ হাইলাকান্দি, কাৰ্বি আংলং জিলাত বিভিন্ন চৰকাৰী আন্তঃগাঁথনি বানত ক্ষতিগ্ৰস্ত হৈছে ৷

লগতে পঢ়ক: ধুমুহাৰ ফলত গুৱাহাটীত উভালি পৰিল ৩৪ জোপা গছ - Cyclone Remal Impact

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.