মন্ত্ৰীৰ নামত পেড-চহী জালিয়াতি : প্ৰৱঞ্চকক গ্ৰেপ্তাৰ - Jogen Mohan Press Meet

By ETV Bharat Assamese Team

Published : May 29, 2024, 10:55 PM IST

thumbnail
মন্ত্ৰী যোগেন মহনৰ প্ৰতিক্ৰিয়া (ETV BHARAT ASSAM)

মৰাণ, 29 মে’ : দালালৰ বিৰুদ্ধে অসম আৰক্ষী কঠোৰ হোৱাৰ সময়তে এইবাৰ খোদ মন্ত্ৰীৰ নামত দালালী আৰম্ভ কৰিছে এটা চক্ৰই ৷ অসম চৰকাৰৰ ৰাজহ বিভাগৰ মন্ত্ৰী যোগেন মহনৰ নামত ভুৱা চহী, চীল-মোহৰ, পেড তৈয়াৰ কৰি অসমৰ কেইবাটাও ৰাজহ চক্ৰত ভূমি সংক্ৰান্তীয় জালিয়াতিৰে কোটি কোটি টকা লুণ্ঠন কৰা বিবেকানন্দ টাইড নামৰ প্ৰৱঞ্চকটোক বুধবাৰে অসম আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰে ৷ ইয়াৰ পাচতে আজি সন্ধিয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মন্ত্ৰী যোগেন মহনে ৷

মন্ত্ৰীজনে সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি তেওঁৰ নামত জালিয়াতি কৰি থকা প্ৰৱঞ্চক চক্ৰটোৰ বিৰুদ্ধে 2023 বৰ্ষৰ 8 জুনত দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল ৷ এই এজাহাৰৰ ভিত্তিত অসম আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে তদন্ত চলাই থকাৰ মাজতে আজি কোকৰাঝাৰৰ পৰা প্ৰধান অভিযুক্ত বিবেকানন্দ টাইডক গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষীৰ তৎপৰতাত মন্ত্ৰী যোগেন মহনে সন্তোষ ব্যক্ত কৰাৰ লগতে এই জালিয়াতিত জড়িত চক্ৰটোৰ সকলো সদস্যকে কৰায়ত্ব কৰিবলৈ আহ্বান জনাইছে ৷

একেদৰে মন্ত্ৰীৰ অঙহী-বঙহী বুলি চিনাকী দি অসমৰ বিভিন্ন ৰাজহ চক্ৰত কোনো লোকে ভূমি সংক্ৰান্তীয় কাম-কাজ কৰিবলৈ আবেদন জনালে মন্ত্ৰীজনক অৱগত কৰিবলৈয়ো মন্ত্ৰী যোগেন মহনে ৰাজহ চক্ৰ সমূহলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷

লগতে পঢ়ক : অগপৰ নিৰ্বাচনী প্ৰতিবেদনত বিধায়কৰ ভুৱা স্বাক্ষৰ ! - AGP Election Report

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.