ETV Bharat / politics

অগপৰ নিৰ্বাচনী প্ৰতিবেদনত বিধায়কৰ ভুৱা স্বাক্ষৰ ! - AGP Election Report

author img

By ETV Bharat Assamese Team

Published : May 29, 2024, 8:58 PM IST

MLA Bhabendra Nath Bharali : নিৰ্বাচনী প্ৰতিবেদনত ভুৱা স্বাক্ষৰ ব্যৱহাৰ কৰাৰ অভিযোগ বিধায়ক ভবেন্দ্ৰ নাথ ভৰালীৰ ৷ ৰাজনৈতিকভাৱে তেওঁক হত্যাৰ ষড়যন্ত্ৰৰো অভিযোগ ৷

MLA Bhabendra Nath Bharali
বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালী (ETV Bharat Assam)

যোৰহাট, 29 মে’: ‘‘যোৰহাট লোকসভা সমষ্টিক লৈ চলোৱা পৰ্যালোচনা পত্ৰখন আৰু স্বাক্ষৰ ভুৱা । মোক ৰাজনৈতিকভাৱে হত্যা ষড়যন্ত্ৰ চলোৱা হৈছে ৷’’ এই মন্তব্য অগপৰ বিধায়ক ভবেন্দ্ৰ নাথ ভৰালীৰ ৷

নিৰ্বাচনৰ ফলাফলক লৈ অগপ মজিয়াৰ পৰা এক পৰ্যালোচনা চলোৱা এক পত্ৰ বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিচতেই একপ্ৰকাৰে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে অগপ আৰু বিজেপিৰ ভিতৰচ’ৰাত । দেৰগাঁও সমষ্টিৰ বিধায়ক ভবেন্দ্ৰ নাথ ভৰালীৰ স্বাক্ষৰ থকা পত্ৰখনত অগপ আৰু বিজেপি কৰ্মীৰ মাজত কোনোধৰণৰ মিল নথকাৰ লগতে তপন কুমাৰ গগৈক বিজেপি কৰ্মীয়ে সহায় নকৰা বুলি প্ৰকাশ পাইছিল ।

ফলত উপায়ন্তৰ হৈ তথা শীৰ্ষ নেতৃত্বৰ নিৰ্দেশত যোৰহাট প্ৰেছ ক্লাবত বুধবাৰে এক সংবাদমেল সম্বোধন কৰি বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালীয়ে কয়, ‘‘ যোৰহাট লোকসভা সমষ্টিভিত্তিত পৰ্যালোচনা চলোৱা পত্ৰখন ভুৱা আৰু মোৰ যিটো স্বাক্ষৰ পত্ৰখনত আছে, সেইটো স্বাক্ষৰো ভুৱা । এনেদৰে ভুৱা স্বাক্ষৰ প্ৰকাশ কৰি পত্ৰখনৰ জৰিয়তে প্ৰচাৰ চলাই মোক ৰাজনৈতিকভাৱে হত্যাৰ ষড়যন্ত্ৰ চলোৱা হৈছে ।’’

এয়া দলীয় কৰ্মীৰ তৰফৰ পৰা প্ৰচাৰ নচলালেও উক্ত দিনা সভাত উপস্থিত থকা লোকৰ মাজৰ পৰা প্ৰচাৰ চলোৱা বুলি আওপকীয়াকৈ মন্তব্য কৰে ভবেন্দ্ৰ নাথ ভৰালীয়ে ৷ ভৰালীয়ে কয়, ‘‘অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ উপস্থিতত ২০ মে’ত গুৱাহাটী আমবাৰীত নিৰ্বাচনৰ ফলাফল তথা অন্য বিষয়ক লৈ যিখন সভা হৈছিল সেই সভাত যোৰহাট লোকসভা সমষ্টিৰ বিষয়ে মই মৌখিকভাৱে কৈছিলোঁ ৷ কিন্তু লিখিতভাৱে একো কোৱা নাছিলো ।’’

তদুপৰি বিধায়ক ভৰালীয়ে কয় ‘‘যোৰহাট লোকসভা নিৰ্বাচনত অগপ আৰু বিজেপিয়ে আন্তৰিকতাৰে কাম কৰিছিল ৷ সকলোৰে পৰামৰ্শ লৈ আগৱঢ়োৱা হৈছিল ৷ বিজেপি আৰু অগপই মিত্ৰতা ধৰ্ম পালন কৰাৰ লগতে আৰু দুয়োৱে দুয়োকে সহায় কৰাৰ লগতে পৰামৰ্শ গ্ৰহণ কৰি নিৰ্বাচনী কামত আগবাঢ়িছিল ৷’’ এনেধৰণৰ মিছা প্ৰচাৰৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় বিধায়কগৰাকীয়ে ।

লগতে পঢ়ক: অগপৰ নিৰ্বাচনী প্ৰতিবেদনত অসন্তুষ্ট মিত্ৰজোঁটৰ নেতা-কৰ্মী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.