ETV Bharat / sports

বিশ্বৰ শীৰ্ষ স্থানৰ খেলুৱৈক পৰাস্ত কৰি সমাদৰ বুটলিছে প্ৰজ্ঞানন্দাই - Praggnanandhaa beat Magnus Carlsen

author img

By ETV Bharat Assamese Team

Published : May 30, 2024, 2:18 PM IST

Praggnanandhaa beat Magnus Carlsen: ভাৰতীয় দবা খেলুৱৈ আৰ প্ৰজ্ঞানন্দাৰ আন এক অভিলেখ । বিশ্বৰ এক নম্বৰ খেলুৱৈ জিএম মেগনাছক পৰাস্ত কৰি বিশ্বজুৰি চৰ্চিত হৈ পৰিছে ।

Praggnanandhaa beat Magnus Carlsen
বিশ্বৰ শীৰ্ষ স্থানৰ খেলুৱৈক পৰাস্ত কৰি সমাদৰ বুটলিছে প্ৰজ্ঞানন্দাই (ETV Bharat)

স্পৰ্টছ ডেস্ক,৩০ মে': বিশ্বত পুনৰ এবাৰ ভাৰতীয় দবা খেলুৱৈ ৰমেশবাবু প্ৰজ্ঞানন্দাৰ সফলতা । ১৮ বছৰীয়া খেলুৱৈগৰাকীৰ হাতত এইবাৰ পৰাস্ত বিশ্ব ৰেংকিঙৰ শীৰ্ষত থকা নৰৱেৰ জিএম মেগনাছ কাৰ্লচেন । নৰৱে ষ্টাভেঞ্জাৰত অনুষ্ঠিত দবা প্ৰতিযোগিতাৰ তৃতীয় ৰাউণ্ডত ৰমেশবাবু প্ৰজ্ঞানন্দাৰ এই সফলতা । প্ৰথমবাৰৰ বাবে প্ৰজ্ঞানন্দাই বিশ্বৰ ১ নম্বৰ খেলুৱৈ জিএম মেগনাছ কাৰ্লচেনক পৰাস্ত কৰিবলৈ সক্ষম হয় ।

খেলুৱৈগৰাকীৰ এই বিজয়ৰ পিচতে ভাৰতীয় অনুৰাগীসকলে তেওঁৰ কৃতিত্বত যথেষ্ট আনন্দিত হোৱা দেখা গৈছে আৰু সামাজিক মাধ্যমত তেওঁক অভিনন্দন জনোৱা আৰম্ভ কৰিছে । ১৮ বছৰীয়া ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰে কাৰ্লচেনক পৰাস্ত কৰি ৫.৫ পইণ্টৰ সৈতে বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ।

কাৰ্লচেন আৰু প্ৰজ্ঞানন্দাই এই ফৰ্মেটত তেওঁলোকৰ অন্তিম তিনিখন মেচত ড্ৰ' খেলিছিল । তাৰ ভিতৰত দুখন ২০২৩ চনৰ বিশ্বকাপৰ ফাইনেলত আছিল । বুধবাৰে নিশা ১৮ বছৰীয়া ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰে ৰোমাঞ্চকৰ খেলখনত কাৰ্লচেনক পৰাস্ত কৰি ইতিহাস সৃষ্টি কৰিবলৈ সক্ষম হয় । কিয়নো প্ৰজ্ঞানন্দাৰ সন্মুখত কাৰ্লচেনে তেওঁ ৰজাক সুৰক্ষা দিব নোৱাৰিলে আৰু মেচখনত পৰাজিত হয় ।

বিশ্বৰ এক নম্বৰ নৰৱেৰ খেলুৱৈৰ বিৰুদ্ধে প্ৰজ্ঞানন্দাৰ এই জয়ৰ পিচতে সামাজিক মাধ্যমত অভিনন্দন বাৰ্তাৰ বৰষুণ পৰিছে । বিভিন্ন অনুৰাগীয়ে ভাৰতীয় খেলুৱৈগৰাকীক অভিনন্দন জনাইছে । বিশ্বৰ এক নম্বৰ খেলুৱৈজনক পৰাস্ত কৰাত ভাৰতীয় অনুৰাগীসকল আনন্দিত হৈছে । এগৰাকী ব্যৱহাৰকাৰীয়ে লিখিছে কাৰ্লচেনক গৃহভূমিত পৰাস্ত কৰাটো সহজ কথা নহয় আৰু ই বৃহৎ সাফল্য । প্ৰজ্ঞানন্দাক প্ৰশংসা কৰি বহুতে তেওঁ নায়ক বা চেম্পিয়ন বুলি অভিহিত কৰিছে ।

লগতে পঢ়ক :টি-২০ বিশ্বকাপ; ভাৰত-পাকিস্তানৰ খেলৰ পূৰ্বে ISISৰ ভাবুকি ! - ISIS Threats

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.