আৰক্ষীও পালেগৈ, ড্ৰাগছ ব্যৱসায়ীও পলাল - police anti drug mission

By ETV Bharat Assamese Team

Published : May 14, 2024, 2:20 PM IST

thumbnail
স্থানীয় লোকৰ ভাষ্য (etv bharat assam)

বৰপেটা, ১৪ মে’ : বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান । গোপন খবৰৰ ভিত্তিত সোমবাৰে সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোৰঞ্জন কোঁৱৰৰ নেতৃত্বত থানাখনৰ অন্তৰ্গত চতলাত চলিছিল ড্ৰাগছৰ বিৰুদ্ধে অভিযান । সৰ্থেবাৰী আৰক্ষীৰ এটি বৃহৎ দল আৰু মাজদিয়া আৰক্ষী চকীৰ আৰক্ষীৰ সহযোগত চলিছিল ড্ৰাগছৰ বিৰুদ্ধে এই অভিযান ।

চতলাৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী আবুল কালাম আজাদৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে আবুল কালাম আজাদৰ বাসগৃহৰ পৰা ২২৮ টা পেকেটত থকা মুঠ ৩২,৮৩২ টা নিচাজাতীয় টেবলেট জব্দ কৰে । নিচাজাতীয় টেবলেটখিনিৰ আনুমানিক মূল্য তিনি লক্ষাধিক টকা হ'ব বুলি জানিব পৰা গৈছে ।

ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগত আবুল কালাম আজাদৰ পত্নীক আৰক্ষীয়ে আটক কৰে । ঘটনাস্থলীত সৰ্থেবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশ ডঃ পৱন কুমাৰ উপাধ্যায় উপস্থিত হয় । কাৰ্যবাহী দণ্ডাধীশগৰাকীৰ উপস্থিতিত বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেটখিনি জব্দ কৰে আৰক্ষীয়ে ।

ইফালে আৰক্ষী অহাৰ উমান পাই কুখ্যাত ড্ৰাগছ ব্যৱসায়ী আবুল কালাম আজাদে পলায়ন কৰে । উল্লেখ্য যে, বৃহত্তৰ অঞ্চলটোত দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই অহা আবুল কালাম আজাদ পূৰ্বতে কেইবাবাৰো জে'ল-হাজোতলৈ যাবলগীয়া হৈছিল ।

লগতে পঢ়ক : গোলাঘাটত ড্ৰাগছসহ আটক তিনি - Drugs seized in Golaghat

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.