ETV Bharat / state

গোলাঘাটত ড্ৰাগছসহ আটক তিনি - Drugs seized in Golaghat

author img

By ETV Bharat Assamese Team

Published : May 14, 2024, 10:19 AM IST

ANTI DRUGS OPARATION : ৰঙাজান টোলগেটৰ সমীপত জব্দ ড্ৰাগছ ৷ আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছখিনিৰ পৰিমাণ হৈছে 43.89 গ্ৰাম ৷ সবিশেষ পঢ়ক এই প্ৰতিবেদনত ৷

DRUGS SEIZED IN GOLAGHAT
ৰঙাজান টোলগেটৰ সমীপত জব্দ ড্ৰাগছ (Source : Etv Bharat Assam)

ৰঙাজান টোলগেটৰ সমীপত জব্দ ড্ৰাগছ (Source : Etv Bharat Assam)

গোলাঘাট, 14 মে’ : পুনৰ মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে এক সফল অভিযান গোলাঘাট আৰক্ষীৰ ৷ এক গোপন সূত্ৰৰ পম খেদি জিলা অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত চলিছিল এই ড্ৰাগছ বিৰোধী অভিযান ৷ দাসক এই অভিযানত সংগ প্ৰদান কৰে গোলাঘাট সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতুমণি ডেকাই ৷

ঘটনাৰ বিৱৰণী অনুসৰি, সোমবাৰে নিশা 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰঙাজান টোলগেটৰ সমীপত এখন বাহনত তালাচী চলাই আৰক্ষীয়ে চাৰিটাকৈ চাবোনৰ বাকচত লৈ অনা ড্ৰাগছখিনি জব্দ কৰে ৷ আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছখিনিৰ পৰিমাণ হৈছে 43.89 গ্ৰাম ৷

উল্লেখ্য যে, ঘটনাত জড়িত থকাৰ অপৰাধত আৰক্ষীয়ে আটক কৰে তিনিজন যুৱকক ৷ তদুপৰি আৰক্ষীয়ে যুৱক তিনিজনে ব্যৱহাৰ কৰা এ এছ 06 পি 0717 নম্বৰৰ বাহনখন জব্দ কৰে ৷ আটকাধীন যুৱক তিনিজন ক্ৰমে সাৰ গাঁৱৰ নজৰুল হুছেইন, কুৰুকা গাঁৱৰ নৱ হাজৰিকা আৰু অভয়পুৰীয়া গাঁৱৰ নিপু শইকীয়া বুলি জানিব পৰা গৈছে ৷ ড্ৰাগছ সৰবৰাহকাৰী কেইজনে বাহনখনত অতি কৌশলেৰে ড্ৰাগছখিনি লুকুৱাই ডিমাপুৰ দিশৰ পৰা গোলাঘাট অভিমুখে আহি থকা অৱস্থাত গোলাঘাট আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷

তাৎপৰ্যপূৰ্ণভাৱে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই যুৱপ্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিয়া মাৰাত্মক নিচাযুক্ত দ্ৰব্য ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱাৰ পাচৰে পৰা সমগ্ৰ অসমতে অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান ৷ সমান্তৰালকৈ গোলাঘাট আৰক্ষীয়েও এই অভিযান চলাই আছে ৷ বিভিন্ন সময়ত গোলাঘাট আৰক্ষীয়ে এই নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে যদিও সৰবৰাহকাৰীয়ে দৈনিক ন ন কৌশল অৱলম্বন কৰি অব্যাহত ৰাখিছে মাৰাত্মক ড্ৰাগছৰ সৰবৰাহ ৷

আৰক্ষীৰ চকুত ধূলি মাৰি জিলাৰ বিভিন্ন প্ৰান্তত বৰ্তমানেও সহজলভ্য হৈ আছে এই মাৰাত্মক নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ ৷ অভিযোগ অনুসৰি, বিশেষকৈ গোলাঘাটৰ মাজমজিয়াৰ তিনিআলি, চাৰিআলিসমূহৰ লগতে পৰিত্যক্ত অঞ্চলসমূহত একাংশ ড্ৰাগছ সৰবৰাহকাৰীয়ে যুৱ প্ৰজন্মক যোগান ধৰি আহিছে ড্ৰাগছৰ ৷

ইতিমধ্যে গোলাঘাট আৰক্ষীয়ে বিভিন্ন ঠাইৰ পৰা জব্দ কৰা কেইবাকোটি টকাৰ নিচাযুক্ত দ্ৰব্য বিনষ্ট কৰা পৰিলক্ষিত হৈছে । অতি গুৰুত্বপূৰ্ণ কথা এই যে, 2023 বৰ্ষত গোলাঘাট নগৰৰ মাজমজিয়াত এগৰাকী আৰক্ষী জোৱান আৰু এজন যুৱক এই মাৰাত্মক নিচাযুক্ত দ্ৰব্য সেৱনৰ ফলত মৃত্যুমুখত পৰে ৷

লগতে পঢ়ক: কলগাছিয়াত তিনি ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ - DRUGS SEIZED IN Kalgachia

লাহৰিজানত ৬ লক্ষাধিক টকাৰ হেৰ'ইনসহ যুৱক গ্ৰেপ্তাৰ - Anti Drugs Operation

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.