চাকৰিৰ নামত প্ৰৱঞ্চনা কৰাৰ অভিযোগত আটাছুৰ পৰা বহিষ্কাৰ মনোজ গগৈক - Manoj Gogoi expelled from ATASU - চাকৰিৰ নামত প্ৰৱঞ্চনা

🎬 Watch Now: Feature Video

thumbnail
মনোজ গগৈক বহিষ্কাৰ (Source : ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : May 28, 2024 at 11:04 PM IST

1 Min Read
Choose ETV Bharat

মৰাণ, 28 মে’: ছাত্ৰ সংগঠনৰ নেতা নামিছে চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰাত ৷ এই গুৰুতৰ অভিযোগ উত্থাপিত হৈছে টাই আহোম ছাত্ৰ সন্থাৰ উপ-সভাপতি মনোজ গগৈৰ বিৰুদ্ধে ৷ শেহতীয়াকৈ কেইবাদিনো ধৰি আটাছুৰ উপ-সভাপতি মনোজ গগৈৰ বিৰুদ্ধে সামাজিক আৰু সংবাদ মাধ্যমত চাকৰি দিয়াৰ বিনিময়ত ধন লোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পাচতে মঙলবাৰে সংগঠনটোৱে মৰাণত অনুষ্ঠিত কৰিছিল কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা ৷

আটাছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত অনুসৰি আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ সংগঠনৰ মজিয়াৰ পৰা উপ-সভাপতি মনোজ গগৈক বহিষ্কাৰ কৰাৰ কথা জানিবলৈ দিছে সংগঠনটোৰ নেতৃত্বই ৷

প্ৰাপ্ত তথ্য অনুসৰি, মনোজ গগৈয়ে চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰা বুলি একাংশ ভুক্তভোগীয়ে লিখিতভাৱে অৱগত কৰিছিল আটাছুৰ কেন্দ্ৰীয় সমিতিক ৷ এই অভিযোগ লাভৰ পিচতে কেন্দ্ৰীয় সমিতিয়ে এখন কমিটি গঠন কৰি তদন্ত আৰম্ভ কৰে ৷ বিষয়টোৰ সন্দৰ্ভত গগৈৰ পৰা কেন্দ্ৰীয় নেতৃত্বই স্পষ্টীকৰণ বিচাৰিছিল যদিও এই জাননী জাৰি কৰাৰ তিনিদিন উকলি যোৱাৰ পাছতো মনোজ গগৈয়ে কোনো উত্তৰ দিব নোৱাৰিলে ৷ যাৰ ফলতে আটাছুৰ কেন্দ্ৰীয় নেতৃত্বই চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰি মনোজ গগৈক দলৰ পৰা বহিষ্কাৰ কৰে ৷

লগতে পঢ়ক: অৰ্ধ শতাধিক মহাবিদ্যালয় বন্ধৰ প্ৰক্ৰিয়া চৰকাৰৰ: সৰৱ আছু-বাঁওপন্থী ছাত্ৰ সংগঠন

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details