চাকৰিৰ নামত প্ৰৱঞ্চনা কৰাৰ অভিযোগত আটাছুৰ পৰা বহিষ্কাৰ মনোজ গগৈক - Manoj Gogoi expelled from ATASU

By ETV Bharat Assamese Team

Published : May 28, 2024, 11:04 PM IST

thumbnail
মনোজ গগৈক বহিষ্কাৰ (Source : ETV Bharat Assam)

মৰাণ, 28 মে’: ছাত্ৰ সংগঠনৰ নেতা নামিছে চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰাত ৷ এই গুৰুতৰ অভিযোগ উত্থাপিত হৈছে টাই আহোম ছাত্ৰ সন্থাৰ উপ-সভাপতি মনোজ গগৈৰ বিৰুদ্ধে ৷ শেহতীয়াকৈ কেইবাদিনো ধৰি আটাছুৰ উপ-সভাপতি মনোজ গগৈৰ বিৰুদ্ধে সামাজিক আৰু সংবাদ মাধ্যমত চাকৰি দিয়াৰ বিনিময়ত ধন লোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পাচতে মঙলবাৰে সংগঠনটোৱে মৰাণত অনুষ্ঠিত কৰিছিল কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা ৷

আটাছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত অনুসৰি আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ সংগঠনৰ মজিয়াৰ পৰা উপ-সভাপতি মনোজ গগৈক বহিষ্কাৰ কৰাৰ কথা জানিবলৈ দিছে সংগঠনটোৰ নেতৃত্বই ৷

প্ৰাপ্ত তথ্য অনুসৰি, মনোজ গগৈয়ে চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰা বুলি একাংশ ভুক্তভোগীয়ে লিখিতভাৱে অৱগত কৰিছিল আটাছুৰ কেন্দ্ৰীয় সমিতিক ৷ এই অভিযোগ লাভৰ পিচতে কেন্দ্ৰীয় সমিতিয়ে এখন কমিটি গঠন কৰি তদন্ত আৰম্ভ কৰে ৷ বিষয়টোৰ সন্দৰ্ভত গগৈৰ পৰা কেন্দ্ৰীয় নেতৃত্বই স্পষ্টীকৰণ বিচাৰিছিল যদিও এই জাননী জাৰি কৰাৰ তিনিদিন উকলি যোৱাৰ পাছতো মনোজ গগৈয়ে কোনো উত্তৰ দিব নোৱাৰিলে ৷ যাৰ ফলতে আটাছুৰ কেন্দ্ৰীয় নেতৃত্বই চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰি মনোজ গগৈক দলৰ পৰা বহিষ্কাৰ কৰে ৷

লগতে পঢ়ক: অৰ্ধ শতাধিক মহাবিদ্যালয় বন্ধৰ প্ৰক্ৰিয়া চৰকাৰৰ: সৰৱ আছু-বাঁওপন্থী ছাত্ৰ সংগঠন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.