ETV Bharat / state

অৰ্ধ শতাধিক মহাবিদ্যালয় বন্ধৰ প্ৰক্ৰিয়া চৰকাৰৰ: সৰৱ আছু-বাঁওপন্থী ছাত্ৰ সংগঠন

Protest Against College Amalgamation : চৰকাৰৰ বিফলতা ঢাকিবলৈহে কলেজ বন্ধৰ দৰে হঠকাৰী সিদ্ধান্ত ল'ব বিচাৰিছে । কলেজ বন্ধ কৰাটো চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ প্ৰতিফলন । চৰকাৰী মহাবিদ্যালয় বন্ধৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা প্ৰক্ৰিয়াক লৈ এনেদৰে সৰৱ হৈ উঠে আইছাৰ ৰাজ্য়িক সভাপতি ।

চৰকাৰৰ মহাবিদ্যালয় বন্ধৰ প্ৰক্ৰিয়াত ক্ষুব্ধ ছাত্ৰ সংগঠন
চৰকাৰৰ মহাবিদ্যালয় বন্ধৰ প্ৰক্ৰিয়াত ক্ষুব্ধ ছাত্ৰ সংগঠন
author img

By ETV Bharat Assamese Team

Published : February 28, 2024 at 9:13 PM IST

4 Min Read
Choose ETV Bharat
চৰকাৰৰ মহাবিদ্যালয় বন্ধ প্ৰক্ৰিয়াক লৈ সৰৱ আছু আৰু বাঁওপন্থী ছাত্ৰ সংগঠন

গুৱাহাটী, ২৮ ফেব্ৰুৱাৰী : অসমৰ শিক্ষা খণ্ডত শেহতীয়াকৈ ৰাজ্যৰ মহাবিদ্যালয়ৰ একত্ৰীকৰণৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ অংশ‌ হিচাপে ৰাজ্যৰ ৭০ খন মহাবিদ্যালয় বন্ধ কৰাৰ বাবে প্ৰক্ৰিয়া‌ আৰম্ভ কৰাৰ বিৰুদ্ধে বিভিন্ন দল‌-সংগঠন জাঙুৰ খাই উঠিছে । ৰাজ্যৰ জাতীয় সংগঠন আছুকে ধৰি বাঁওপন্থী ছাত্ৰ সংগঠনৰ নেতৃত্বই একেমুখে চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

এই সন্দৰ্ভত এক আছুতীয়া সাক্ষাৎকাৰত আছুৰ শিক্ষা সম্পাদক টুটুমণি কলিতাই কয় যে চৰকাৰে এটাৰ পাছত আনটো শিক্ষা ব্যৱস্থাক মাধমাৰ শোধোৱাৰ সিদ্ধান্ত লৈ আহিছে । প্রথমে বিদ্যালয় একত্ৰীকৰণৰ নামত অসমৰ ৮,০০০ খন ৰাজহুৱা খণ্ডৰ বিদ্যালয় বন্ধ কৰিলে । এতিয়া প্ৰায় ৭০ খন মহাবিদ্যালয় বন্ধ কৰিব বিচাৰিছে । যিসময়ত হেজাৰ হেজাৰ ছাত্ৰ-ছাত্ৰীয়ে উচ্চ শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হৈ আহিছে, সেই সময়ত কলেজ বন্ধৰ সিদ্ধান্ত কোনো কাৰণতে গ্রহণযোগ্য নহয় বুলি আছু নেতাগৰাকীয়ে কয় ।

চৰকাৰে হেজাৰ হেজাৰ ছাত্ৰ-ছাত্ৰীৰ উচ্চ শিক্ষা গ্ৰহণৰ দুৱাৰ বন্ধ কৰিব বিচাৰিছে বুলি অভিযোগ কৰি তেওঁ কয়, "অসম চৰকাৰে কলেজ বন্ধ কৰাৰ পৰিৱৰ্তে কলেজসমূহৰ আন্তঃগাঁথনি আধুনিক সা-সুবিধাৰে সজাই তোলক । নতুন নতুন বিষয় সময়োপযোগীকৈ প্ৰৱৰ্তন কৰক । খালী হৈ থকা শিক্ষক, কর্মচাৰীৰ পদবোৰ পূৰণ কৰক । ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতলৈ চাই চৰকাৰে সিদ্ধান্ত লওক ।" তাৰ বিপৰীতে এনেবোৰ কাম কৰি চৰকাৰৰ বিফলতা ঢাকিবলৈহে কলেজ বন্ধৰ দৰে হঠকাৰী সিদ্ধান্ত ল'ব বিচাৰিছে বুলি তেওঁ উল্লেখ কৰে । কলেজ বন্ধ কৰাটো চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ প্ৰতিফলন বুলি তেওঁ মন্তব্য কৰে ।

ইপিনে আইছাৰ ৰাজ্যিক সভাপতি সুব্ৰত তালুকদাৰে কয় যে চৰকাৰে ৰাজহুৱা শিক্ষা ব্যৱস্থাটো ধ্বংস কৰাৰ‌‌ বাবে এই সিদ্ধান্ত ল'ব বিচাৰিছে । তেওঁ কয় যে ৰাজ্যৰ আঠ সহস্রাধিক চৰকাৰী বিদ্যালয় বন্ধ কৰাৰ পাছত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত পাঁচশতকৈ কম শিক্ষার্থী থকা মহাবিদ্যালয়ৰ তালিকা প্রস্তুতকৰণক লৈ ৰাজ্যত প্ৰতিক্ৰিয়া অব্যাহত আছে । শিক্ষা বিভাগ তথা চৰকাৰৰ বিৰুদ্ধে প্রতিবাদৰ জোৱাৰ উঠাৰ সময়তে ৰাজ্যত ৭০ খন মহাবিদ্যালয়ৰ তালিকা ৰাজহুৱা হৈছে ।

তালিকাত ৰাজ্যৰ বহুকেইখন পুৰণি আৰু ঐতিহ্যমণ্ডিত মহাবিদ্যালয়ো আছে । ৰাজ্যৰ চাৰিখন চৰকাৰী আদর্শ মহাবিদ্যালয়ো এই তালিকাত আছে । তেওঁ কয় যে ইয়াৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদৰ জোৱাৰ উঠাৰ পৰিপ্ৰেক্ষিতত শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে ওলোটা খৰ মাৰি একত্ৰীকৰণ সন্দৰ্ভত বুধবাৰে স্পষ্টীকৰণ আগবঢ়াইছে । আচলতে শিক্ষা মন্ত্রীয়ে‌ ইয়াৰ জৰিয়তে প্ৰতিবাদৰ তীব্ৰতা চাব বিচাৰিছে বুলি বাঁওপন্থী ছাত্ৰ সংগঠনটোৰ নেতাগৰাকীয়ে কয় ।

আনহাতে, শিক্ষা মন্ত্ৰীয়ে যি স্পষ্টীকৰণ নিদিয়ক কিয়, চৰকাৰে তালিকা প্ৰস্তুত কৰা মহাবিদ্যালয়‌সমূহ বন্ধ কৰাৰ অভিসন্ধি ইতিমধ্যে ৰচনা কৰিছে বুলিও তেওঁ উল্লেখ কৰে । উল্লেখ্য যে শিক্ষা বিভাগে একত্ৰীকৰণৰ মাধ্যমেৰে বন্ধ কৰিবলৈ ওলোৱা মহাবিদ্যালয়কেইখন হৈছে ক্ৰমে— আগিয়া কলেজ, আলহাজ সোণাই বিবি চৌধুৰী কলেজ, বামুন্দী মহাবিদ্যালয়, বৰপেটা বঙাইগাঁও কলেজ, বৰপেটা গাৰ্লছ কলেজ, বৰহাট বিপিবি মেম'ৰিয়েল কলেজ, ব্রহ্মপুত্র ডিগ্রী কলেজ, বোকাখাতৰ চন্দ্ৰনাথ বেজবৰুৱা কলেজ, চমৰীয়া আঞ্চলিক কলেজ, চিনামৰা কলেজ, কোকৰাঝাৰ কমাৰ্চ কলেজ, দলগোমা আঞ্চলিক কলেজ, ধেমাজি গাৰ্লছ কলেজ, দিখৌমুখ কলেজ, ডঃ এনবি কলেজ, দুলীয়াজান গাৰ্লছ কলেজ, গোলাঘাট পূর্বাঞ্চলিক কলেজ, নিতাইপুখুৰীৰ এইচচিডিজি কলেজ, হাৰ্বি কলেজ, জেএইচএনএছ কলেজ, যমুনামুখ কলেজ, জনপ্রিয় কলেজ, জীয়াধল কলেজ, কামাখ্যাৰাম বৰুৱা গাৰ্লছ কলেজ, কমাৰবন্ধা কন্যা মহাবিদ্যালয়, লখিমপুৰ কেন্দ্ৰীয় মহাবিদ্যালয়, লিডু কলেজ, লুইতপৰীয়া কলেজ, মাছখোৱা ডিগ্রী কলেজ, খোৱাঙৰ পৃথুবৰ গাৰ্লছ ডিগ্রী কলেজ, পূব মাজুলী কলেজ, পূব ডিক্রং কলেজ, ৰঙাচাহী কলেজ, নামতিৰ এছপিপি কলেজ, চেপাখাটী কলেজ, কালিনগৰৰ সাদা চৰণ দে' কলেজ, সতীন্দ্ৰ মোহনদেৱ কলেজ, শিলচৰ কলেজ, মধ্য কামপীঠ কলেজ, গোলাঘাটৰ মৰঙী মহাবিদ্যালয়, মেলামৰা কলেজ, মহেন্দ্ৰ কুমাৰ দে' কলেজ, মৰিয়নি কলেজ, নকচাৰী কলেজ, নামৰূপ কলেজ, তিনিচুকীয়াৰ কাকপথাৰৰ পদ্মনাথ গোহাঁইবৰুৱা চৰকাৰী আদৰ্শ মহাবিদ্যালয়, পানীগাঁও অ'পিডি কলেজ, পশ্চিম বড়িগোগ আঞ্চলিক মহাবিদ্যালয়, চিচিবৰগাঁও কলেজ, সোণাৰি কমার্চ কলেজ, স্বামী বিবেকানন্দ কলেজ, স্বামী যোগানন্দগিৰি কলেজ, তেলাহী তুৱাৰাম দাস কলেজ, টেঙাখাত কলেজ, ইউএমকে কলেজ, উত্তৰ বৰপেটা কলেজ আৰু উত্তৰ কামপীঠ কলেজ আদি ।

লগতে পঢ়ক :ৰাজ্যত কোন ৭০ খন মহাবিদ্যালয়ত লাগিব তলা ?