বিদ্যুৎস্পৃষ্টক বচবালৈ গৈ বিদ্যুৎস্পৃষ্ট হ’ল সেনা জোৱান: বিভাগৰ কাৰ্যালয়ত আক্ৰমণ - Electrocution in Nalbari - বিদ্যুৎস্পৃষ্ট

🎬 Watch Now: Feature Video

thumbnail
নলবাৰীত বিদ্যুৎস্পৃষ্ট হৈ আহত তিনিগৰাকী (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : May 28, 2024 at 11:04 PM IST

1 Min Read
Choose ETV Bharat

নলবাৰী, ২৮ মে’ : ধুমুহা-বৰষুণৰ মাজতে মঙলবাৰে নলবাৰীৰ সুৰাদিত সংঘটিত হয় এক শোকাৱহ ঘটনা ৷ সীমা সুৰক্ষা বলৰ কেম্পৰ পিচফালৰ মাটিত পৰি থকা ১১ হাজাৰ ভ’ল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰত লাগি ধৰে পশুধন ।

পশুধনটো বচাবলৈ গৈ বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত হয় ডিপ্তা সুৰাদিৰ মহিদুল আলী নামৰ অষ্টম শ্ৰেণীৰ এজন ছাত্ৰ ৷ আনহাতে বিদ্যুৎস্পৃষ্ট ছাত্ৰজনক বচাবলৈ গৈ আহত হয় এজন এছ এছ বিৰ জোৱানো ৷

এই ঘটনাৰ পিচত বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ অভিযোগত উত্তেজিত একাংশ লোকে বৰজাৰস্থিত বৰমা বিদ্যুৎ উপসংমণ্ডল বিভাগৰ নিয়ন্ত্ৰণকক্ষত আক্ৰমন চলায় ৷ উত্তেজিত লোকসকলে নিয়ন্ত্ৰণকক্ষৰ দুৱাৰ-খিৰিকী, আচবাব আদি ভাঙি লণ্ডভণ্ড কৰে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত নলবাৰী আৰক্ষীৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।

লগতে পঢ়ক: বিধায়ক অখিল গগৈৰ চকুৰ আগতে চেপেটা হ’ল দুখনকৈ গাড়ী

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details