টীয়কৰ হাঁহচৰা চূড়ামণি গাঁৱৰ মূল পথৰ দুৰৱস্থাই দুৰ্ভোগ ভোগাইছে পথচাৰীক - poor road condition in teok - PEOPLE DEMAND ROAD CONSTRUCTION

🎬 Watch Now: Feature Video

thumbnail
টীয়কৰ এই পথটোৰ বাবে দুৰ্ভোগ ভুগিছে ৰাইজে (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : May 28, 2024 at 11:01 PM IST

1 Min Read
Choose ETV Bharat

টীয়ক, ২৮ মে' : যিসময়ত দেশত বিকাশৰ গংগা বৈছে বুলি ৰজাঘৰীয়াই শ্লোগান দিছে, সেই সময়ত প্ৰকৃততে বিকাশ কেনেদৰে আহিছে তাৰ এখন ছবি প্ৰতিফলিত হৈছে টীয়কত । টীয়ক সমষ্টিৰ জাঁজী হাঁহচৰা চূড়ামণি গাৱঁৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগী মূল পথটোৰ দুৰৱস্থাই উদঙাইছে বিকাশৰ প্ৰকৃত ছবি ৷ 

এই বৃহত্তৰ অঞ্চলটোৰ বহিঃজগতৰ লগত যোগাযোগৰ একমাত্ৰ সম্বল হৈছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা চূড়ামণি গাওঁ হৈ ললিত চন্দ্ৰ ৰাজখোৱা পথৰ লগত সংযোগী এই পথটো । কিন্তু এই পথটোৰ বাবে বছৰ বছৰ ধৰি জীয়াতু ভুগি আহিছে এইসকল গাওঁবাসীয়ে । নিৰ্বাচন আহিছে, নিৰ্বাচন গৈছে; প্ৰতিটো নিৰ্বাচনতেই একে প্ৰতিশ্ৰুতি- পথটো হ’ব ৷ কিন্তু কোনো এখন চৰকাৰৰ দিনতেই পথছোৱাৰ উন্নতিৰ নামত একো ব্যৱস্থা গ্ৰহণ নকৰিলে ৷

বিধায়ক-সাংসদক অনুৰোধ কৰি কৰি ভাগৰি পৰিছে এইসকল ৰাইজ । কিন্তু আজিকোপতি নহ'ল ইয়াৰ একো সু-ব্যৱস্থা । সেয়ে কিনকিনিয়া বৰষুণকো নেওচি অঞ্চলটোৰ ৰাইজ ৰাজপথলৈ ওলাই আহি পথটোৰে অনতি পলমে যাতায়াত সুচল কৰি দিবলৈ ঊৰ্ধ্বতন কৰ্তৃপক্ষক আহ্বান জনাইছে ।

লগতে পঢ়ক :নিয়মীয়া পাঠ্যপুথি যোগানৰ দাবীত আছুৰ গৰ্জন - AASU Protest

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details