মাছ মাৰিবলৈ গৈ চিয়াং নদীৰ বুকুত সন্ধানহীন এজন যুৱক - youth missing in siang river

By ETV Bharat Assamese Team

Published : May 14, 2024, 12:33 PM IST

thumbnail
আত্মীয়ৰ ভাষ্য (etv bharat assam)

জোনাই, ১৪ মে’ : জোনাইত আজি পুৱাই সংঘটিত হ’ল এক অঘটন । চিয়াং নদীত মাছ মাৰিবলৈ গৈ পুৱাই নদীৰ বুকুত সন্ধান হ’ল এজন যুৱক ৷ সন্ধানহীন জোনাইৰ বেৰা বেংগলী গাঁৱৰ এজন যুৱক । জানিব পৰা মতে, সোমবাৰে আবেলি প্ৰায় ২ বজাত দুই বন্ধুৰ সৈতে সন্ধানহীন যুৱকজনে এখন সৰু যন্ত্ৰচালিত নাৱত চিয়াং নদীত মাছ মাৰিবলৈ গৈছিল । মঙলবাৰে পুৱা হঠাতে প্ৰায় চাৰি বজাত নাৱখনৰ পৰা যুৱকজন পিছলি নদীৰ বুকুত পৰি যায় ।

ঘটনাৰ পিচতে যুৱকজনৰ সৈতে যোৱা দুই বন্ধুৱে যুৱকজনক বচাবলৈ আপ্ৰাণ চেষ্টা চলাই যদিও সক্ষম নহ'ল । লগে লগে ঘটনা সন্দৰ্ভত পৰিয়াল তথা ৰাইজক অৱগত কৰাত পৰিয়ালে জোনাই আৰক্ষী আৰু SDRF বাহিনীক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হৈ নদীৰ বুকুত অনুসন্ধান চলাই আছে ৷ বাতৰি সংগ্ৰহ কৰা সময়লৈকে যুৱকজনৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই কোনো । সন্ধানহীন যুৱকজন জোনাইৰ বেৰা বেংগলী গাঁৱৰ ২৮ বছৰীয়া ভুৱন দাস বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : চামগুৰিৰ হদহদী জলপ্ৰপাতত যুৱকৰ মৃতদেহ উদ্ধাৰ - DEATH BY DROWNING

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.