Liquor seized: ডিব্ৰুগড়ত জব্দ কৰা অৰুণাচলী সুৰা ভৰ্তি দুখন ট্ৰাকক লৈ ৰহস্য - অৰুণাচলী সুৰাৰ ৰমৰমীয়া বেহা

🎬 Watch Now: Feature Video

thumbnail
সুৰা ভৰ্তি ট্ৰাক জব্দ (undefined)

By ETV Bharat Assamese Team

Published : September 21, 2023 at 8:13 PM IST

Choose ETV Bharat

ডিব্ৰুগড়, 21 ছেপ্টেম্বৰ: ডিব্ৰুগড় হৈ পৰিছে অৰুণাচলী সুৰাৰ ঘাটি ৷ উজনি অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া আৰু চৰাইদেউ জিলাত চলিছে অৰুণাচলী সুৰাৰ ৰমৰমীয়া বেহা । অৰুণাচলী সুৰা সৰবৰাহৰ মুকলি কৰিডৰত পৰিণত হৈছে ডিব্ৰুগড়ৰ বগীবিল দলং । ডিব্ৰুগড়ৰ পৰাই নিয়ন্ত্ৰিত হয় অবৈধ অৰুণাচলী সুৰাৰ ব্যৱসায় । 

অৰুণাচলী সুৰাৰ ৰি-বটলিং আৰু নতুন লেবেল লগাই উজনিত এক বৃহৎ সুৰা মাফিয়া চক্ৰই অবাধ বেহা চলাই অহা সময়তে কেইটামান দিনৰ পূৰ্বে ডিব্ৰুগড়ৰ আবকাৰী বিভাগে জব্দ কৰিছিল দুখনকৈ দহ চকীয়া ট্ৰাকত কঢ়িয়াই অনা ২২০০ কাৰ্টন অৰুণাচলী সুৰা । ৰহস্যজনকভাৱে সংবাদ মাধ্যমৰ পৰা সম্পূৰ্ণ গোপনে ৰাখি লাহোৱালৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত লুকুৱাই ৰখা কাৰ্যত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ।

উল্লেখ্য যে, বগীবিল দলঙৰ নিয়মীয়া তালাচীত বগীবিল আৰক্ষীয়ে সুৰা ভৰ্তি ট্ৰাক দুখনৰ ওপৰত সন্দেহ ওপজাত নিয়ম অনুসৰি ডিব্ৰুগড় জিলাৰ আবকাৰী বিভাগক গতাই দিছিল । উক্ত দুয়োখন ট্ৰাক চমজি লৈ বিভাগীয় পৰীক্ষা-নিৰীক্ষাৰ অন্তত ৰাখিব লাগিছিল আবকাৰী বিভাগৰ কাৰ্যালয়ৰ সন্মুখত নতুবা আৰক্ষী থানাত । 

কিন্তু ট্ৰাক দুয়োখন ডিব্ৰুগড় লাহোৱালৰ Eastern Liquor Private limited নামৰ এটা ব্যক্তিগত কাৰ্যালয়ত ৰহস্যজনকভাৱে ৰখাতো আবকাৰী আৰু সুৰা মাফিয়াৰ মাজত গোপন বুজাবুজি হৈছে বুলি লাহোৱালৰ বিভিন্ন দল-সংগঠনে সন্দেহ প্ৰকাশ কৰিছে ।

ইফালে ইটিভি ভাৰতৰ ডিব্ৰুগড় জিলাৰ সাংবাদিকৰ আগত জিলা আবকাৰী অধীক্ষক বেদাংগ ভূষণ শইকীয়াই নিৰাপত্তা আৰু তদন্তৰ খাতিৰত সুৰা ভৰ্তি ট্ৰাক দুখন লাহোৱালত ৰখাৰ লগতে সমগ্ৰ ঘটনাক লৈ গোচৰ চলি থকা বুলি টেলিফোনিক বাৰ্তালাপত জানিবলৈ দিছে ।

লগতে পঢ়ক : Arunachali liquor seized in Biswanath:বিশ্বনাথ আৰক্ষীৰ অভিযানত অবৈধ অৰুণাচলী সুৰা ভৰ্তি ট্ৰাক জব্দ