বৰপেটা সত্ৰৰ প্ৰথমগৰাকী সত্ৰাধিকাৰৰ ৫৩৪ সংখ্যক জন্মজ‌য়ন্তী পালন - MATHURA DAS BURHA ATA - BARPETA SATRA

🎬 Watch Now: Feature Video

thumbnail
মথুৰা দাস বুঢ়া আতা (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : May 21, 2024 at 6:36 PM IST

1 Min Read
Choose ETV Bharat

বৰপেটা, ২১ মে': বৰপেটা সত্ৰৰ প্ৰথমগৰাকী সত্ৰাধিকাৰ মথুৰা দাস বুঢ়া আতাৰ ৫৩৪ সংখ্যক জন্মজ‌য়ন্তী দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয় । যোৱা ১৯ মে'ৰ পৰা বৰপেটা সত্ৰত আয়োজিত এই জন্মজ‌য়ন্তীৰ সোমবাৰে সামৰণি পৰে । জন্মজয়ন্তী উপলক্ষে নিত্যনৈমিত্তিক নাম প্ৰসংগৰ লগতে ধৰ্মালোচনী সভা আৰু আই সকলৰ আয়তি নামৰ আয়োজন কৰা হয় । সোমবাৰে আইসকলৰ আয়তি নামেৰে মথুৰা দাস বুঢ়া আতাৰ জন্ম জয়ন্তীৰ কাৰ্যসূচীৰ সামৰণি পৰে । আয়তি নামৰ শেষত চেনীৰ প্ৰসাদ বিতৰণ কৰা হয় ।

উল্লেখ্য় যে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ১৮৮৩ খৃষ্টাব্দত বৰপেটা সত্ৰ প্ৰতিষ্ঠা কৰি আঠ বছৰ সত্ৰত থকাৰ পাছত এই সত্ৰখনৰ সমস্ত দায়িত্ব গোপাল তাঁতীক অৰ্পণ কৰা হৈছিল । গোপাল তাঁতীক মহাপুৰুষ মাধৱদেৱে মথুৰাদাস বুঢ়া আতা নামেৰে নামকৰণ কৰি তেওঁক সত্ৰাধিকাৰ পদত অধিষ্ঠিত কৰিছিল । শ্ৰীমন্ত শংকৰদেৱ-মাধৱদেৱ গুৰু দুজৰ পাচতেই বৰপেটাৰ সত্ৰীয়া ব্যৱস্থাত অধিক মান্যতা প্ৰদান কৰা হয় মহাপুৰুষ মাধৱদেৱৰ প্ৰিয় শিষ্য, তিনিও ৰাজ্যৰ বন্দনীয় থান বৰপেটা সত্ৰৰ প্ৰথমগৰাকী সত্ৰাধিকাৰ শ্ৰীশ্ৰীমথুৰা দাস বুঢ়া আতাক ৷

লগতে পঢ়ক:বৰপেটা সত্ৰত মথুৰা দাস বুঢ়া আতাৰ তিৰোভাৱ তিথি পালন

Mathura Das Burha Ata: বৰপেটা সত্ৰৰ প্ৰথমজন সত্ৰাধিকাৰ শ্ৰীশ্ৰীমথুৰাদাস বুঢ়া আতাৰ তিৰোভাৱ তিথি পালন

শ্ৰী শ্ৰী বদলা পদ্ম আতাৰ 478 সংখ্যক আবিৰ্ভাৱ মহোৎসৱৰ আয়োজন - Badala Padma Aata

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details