ETV Bharat / health

বজাৰৰ ক’ল্ড ড্ৰিংক যাব পাহৰি; এবাৰ খাই চাওক কেঁচা আমেৰে তৈয়াৰী এবিধ পানীয় - Aam Panna for Summer

Aam Panna Recipe: গ্ৰীষ্মকালত স্বাস্থ্য সম্পৰ্কীয় বহু সমস্যাই দেখা । প্ৰচণ্ড গৰমত বহুলোকে বাহিৰলৈ ওলাই যোৱাৰ লগে লগে অৱস্থা বেয়া হৈ পৰে আৰু প্ৰতিজন ব্যক্তিয়ে মূৰৰ বিষ, মূৰ ঘূৰোৱা, ভাগৰুৱা আৰু দুৰ্বলতাৰ সৈতে যুঁজিব লগীয়া হয় । এনে পৰিস্থিতিত ইয়াৰ বিৰুদ্ধে যুঁজিবলৈ আমি আপোনালোকক আম পান্নাৰ এনে এক সহজ বিশেষ ৰেচিপিৰ বিষয়ে ক’বলৈ ওলাইছো যাক পান কৰি আপুনি আপোনাৰ শৰীৰক এই উৎকট গৰমতো শীতল কৰি ৰাখিব পাৰে ।

AAM PANNA will save you from scorching sun and heat, know the easy recipe to make it
বজাৰৰ ক’ল্ড ড্ৰিংকক যাব পাহৰি; এবাৰ খাই চাওক কেঁচা আমেৰে তৈয়াৰী এইবিধ পানীয় (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : May 20, 2024 at 10:42 AM IST

2 Min Read
Choose ETV Bharat

গ্ৰীষ্মকালত শৰীৰক হাইড্ৰেট কৰি ৰখাটো অতি প্ৰয়োজনীয় ৷ এনে ক্ষেত্ৰত ঘৰতে অতি সহজে তৈয়াৰ কৰিব আম পান্না সুস্বাদু হোৱাৰ লগতে আমাৰ স্বাস্থ্য পক্ষেও অতি উপকাৰী ৷ গৰমৰ দিনত কেঁচা আমৰ পান্নাৰ এটা চুমুকে আপোনাক এখন বেলেগ পৃথিৱীলৈ লৈ যাব ৷ সেয়ে আজি আমি আপোনালোকক ক’বলৈ ওলাইছো কেঁচা আমৰ সহায়ত কেনেকৈ আম পান্না তৈয়াৰ কৰিব পাৰি, যাৰ সহায়ত আপুনি এই বতৰতো শৰীৰক শীতল কৰি ৰখাই নহয়, হিটষ্ট্ৰোকৰ বিৰুদ্ধেও আপোনাৰ শৰীৰে যুঁজিবলৈ সক্ষম হ’ব ৷

আম পান্না বনাবলৈ উপকৰণ

  • কেঁচা আম – ২টা
  • গুড়/চেনি – ৩ চামুচ
  • ৰোষ্ট কৰা জিৰাৰ গুড়ি – ১ চামুচ
  • পদিনা পাত – ১/২ চামুচ
  • ক’লা নিমখ – ১ চামুচ
  • বগা নিমখ – ৰুচি অনুসৰি

আম পান্না কেনেকৈ বনাব

  1. আম পান্না বনাবলৈ প্ৰথমে কেঁচা আম লৈ ভালদৰে ধুই লওক
  2. ইয়াৰ পিছত প্ৰেচাৰ কুকাৰত থৈ উতলিবলৈ ৰাখিব
  3. কুকাৰৰ ৪টা হুইচেল দি গেছ বন্ধ কৰি ঠাণ্ডা হ’বলৈ কাষত ৰাখিব
  4. কুকাৰৰ ভাপ এৰিবলৈ দি ঢাকনিখন আঁতৰাই আমখিনি পানীৰ পৰা উলিয়াই আনিব
  5. আমবোৰ ঠাণ্ডা হ’লেই তাৰ বাকলিখিনি আঁতৰাই এটা বাটিত আমৰ পাল্পখিনি উলিয়াই এফালে থৈ দিব
  6. এতিয়া এই পাল্পখিনি হাতৰ সহায়ত ভালদৰে পিটিকা কৰি তাত গুড় বা চেনি দিব
  7. মিহিকৈ কটা পদিনা পাত, জিৰাৰ গুড়ি, ক’লা নিমখ আৰু বগা নিমখ ৰুচি অনুসৰি দি মিহলাই লওক
  8. আপোনাৰ সুস্বাদু আম পান্না সাজু হৈছে, এই উৎকট গৰমত ঠাণ্ডাই ঠাণ্ডাই উপভোগ কৰক

আম পান্না খোৱাৰ উপকাৰিতা

  • ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰা
  • উৎকট গৰম আৰু ডিহাইড্ৰেচনৰ পৰা ৰক্ষা কৰে
  • পাচনতন্ত্ৰৰ সমস্যাৰ পৰা উপশম দিয়াত সহায় কৰে
  • শৰীৰত তেজৰ অভাৱ দূৰ কৰাত সহায় কৰে
  • মুখৰ স্বাস্থ্যৰ বাবে উপকাৰী
  • চকুযুৰিক সুস্থ কৰি ৰাখে

গ্ৰীষ্মকালত আম পান্না খালে আপোনাৰ শৰীৰে এই আটাইখিনি উপকাৰিতা লাভ কৰিব পাৰে । কিন্তু মনত ৰাখিব যে আম পান্না সীমিত পৰিমাণতহে সেৱন কৰিব । ইয়াক অতিমাত্ৰা সেৱন কৰিলে ডায়েবেটিছ, মেদবহুলতা, উচ্চ ৰক্তচাপ আৰু ডায়েৰিয়া আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে ।

লগতে পঢ়ক: কেঁচা নে পকা ! কোনবিধ আম স্বাস্থ্যৰ পক্ষে উত্তম জানেনে ? - Raw Mango vs Ripe Mango