ETV Bharat / health

কেঁচা নে পকা ! কোনবিধ আম স্বাস্থ্যৰ পক্ষে উত্তম জানেনে ? - Raw Mango vs Ripe Mango

author img

By ETV Bharat Assamese Team

Published : May 16, 2024, 3:49 PM IST

Raw Mango vs Ripe Mango: গ্ৰীষ্ম কাল আহিলেই যেনিয়েই চাই তেনিয়েই দেখিব আমেই আম । কোনোৱে যদি কেঁচাকৈ খায়, আন কোনোৱে আকৌ পকা আমহে খাই ভাল পায় । কিন্তু, আপুনি জানেনে এই দুটাৰ ভিতৰত কোনটো স্বাস্থ্যৰ বাবে উত্তম ?

Raw mango vs ripe mango, which is better for your health?
কেঁচা আম নে পকা আম ? কোনবিধ আমাৰ স্বাস্থ্যৰ পক্ষে উত্তম (ETV BHARAT ASSAM)

আম খাই বেয়াপোৱা মানুহ হয়তো বহু কমেই আছে ৷ গ্ৰীষ্মৰ বতৰত প্ৰায়সকলোৱেই এচকল আমৰ সোৱাদ ল’ব বিচাৰে ৷ কিছুমানে কেঁচা আম খাবলৈ ভাল পোৱাৰ বিপৰীতে, আন কিছুমানে আকৌ পকা আম খোৱাৰ প্ৰতি অধিক আগ্ৰহ প্ৰকাশ কৰে ৷ কিন্তু কেতিয়াবা বাৰু ভাবি চাইছেনে, দুয়োটাৰ ভিতৰত কোনবিধত অধিক পুষ্টিকৰ উপাদান পোৱা যায় ? কোনবিধ স্বাস্থ্যৰ বাবে ভাল ?

ইয়াৰ উত্তৰ জানিবলৈ পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন…

কেঁচা বা পকা দুয়োবিধ আমৰেই অৱশ্যে উপকাৰিতা আছে ৷ দুয়োটাই আমাৰ শৰীৰক পুষ্টি যোগান ধৰে ৷

কেঁচা আমৰ স্বাস্থ্য উপকাৰিতা:

  • কেঁচা আমত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে ৷ আগশাৰীৰ পুষ্টিবিদ ডাঃ সুহানী আগৰৱালাই কয় যে, পকা আমৰ তুলনাত ই অধিক এচিডিক ৷ ফলত হজম শক্তি বৃদ্ধিত ই যথেষ্ট সহায় কৰে ৷
  • বিশেষকৈ কেঁচা আমত আঁহৰ পৰিমাণ বেছি ৷ ই হজম শক্তি উন্নত কৰাত সহায় কৰে বুলি কোৱা হয় ৷ চিকিৎসকসকলেও কয় যে ই এটা সুস্থ আন্ত্ৰিক মাইক্ৰ’বায়’মক সমৰ্থন কৰে ৷
  • কোৱা হয় যে আমত প্ৰচুৰ পৰিমাণে থকা ভিটামিন চিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে ৷
  • একেদৰে ডাঃ আগৰৱালাই কেঁচা আমত থকা এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণে কেন্সাৰ আৰু হৃদযন্ত্ৰৰ ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰে বুলি মত প্ৰকাশ কৰিছে ৷
  • ২০২০ চনত ‘জাৰ্নেল অৱ ফুড চাইন্স এণ্ড টেকন’লজি’ত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি কেঁচা আমৰ এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণ আছে যিয়ে পাচন শক্তি উন্নত কৰাত সহায় কৰে ৷

পকা আমৰ স্বাস্থ্য উপকাৰিতা:

  • চিকিৎসকে কয় যে পকা আমত বিটা-কেৰটিন, লুটিন, জিএক্সান্থিন আৰু বিভিন্ন ফেনলিক যৌগ আদি এন্টিঅক্সিডেন্ট থাকে ৷
  • এই এন্টিঅক্সিডেন্টবোৰে কোষক অক্সিডেটিভ ক্ষতিৰ পৰা ৰক্ষা কৰাত সহায় কৰে ৷ লগতে.. ডাঃ আগৰৱালে দীৰ্ঘদিনীয়া ৰোগৰ আশংকা হ্ৰাস কৰাত অতি উপযোগী বুলি মত প্ৰকাশ কৰিছে ৷
  • ২০১৮ চনত ‘Food Function’ নামৰ আলোচনীখনত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি গৱেষকসকলে পকা আমত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট আৰু পলিফিনল পোৱা যায়, যিয়ে কিছুমান বিশেষ ধৰণৰ কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰে ৷
  • একেদৰে আমত থকা বিটা-কেৰটিনৰ দৰে শক্তিশালী এন্টিঅক্সিডেন্টে বয়সৰ লগত জড়িত মেকুলাৰ ডিজেনেৰেচনৰ দৰে কিছুমান ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰে ৷
  • পকা আমত প্ৰচুৰ পৰিমাণে ভিটামিন এ থাকে ৷ সুস্থ দৃষ্টিশক্তি, ৰোগ প্ৰতিৰোধ ক্ষমতাৰ কাৰ্যক্ষমতা আৰু ছালৰ স্বাস্থ্য উন্নত কৰাত ই অতি উপযোগী বুলি কোৱা হয় ৷
  • আমত অধিক পৰিমাণে প্ৰাকৃতিক চেনি থাকে ৷ ফলত ইহঁতৰ সোৱাদ মিঠা ৷ গতিকে.. চেনি বেছি থকা ইয়াৰ অত্যধিক সেৱনে কিছু স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে ৷ ডাঃ সুহানী ছেঠ আগৰৱালাই মধুমেহ ৰোগীয়ে আমৰ প্ৰতি সজাগ হোৱাটো ভাল বুলি মত প্ৰকাশ কৰিছে ৷

কেঁচা নে পকা আম: কোনটো উত্তম ?

শেষত.. বিশেষজ্ঞসকলে পৰামৰ্শ দিয়ে যে আম আমাৰ স্বাস্থ্যৰ পক্ষে অতি উপকাৰী ৷ দুয়োটাতে স্বাস্থ্যৰ বাবে উপযোগী পুষ্টিকৰ উপাদান থকা বুলি কোৱা হয় ৷ গতিকে, কি খাব লাগে সেয়া ব্যক্তিগত পছন্দ আৰু পুষ্টিৰ প্ৰয়োজনীয়তাৰ ওপৰত নিৰ্ভৰ কৰে বুলি বিশেষজ্ঞসকলে পৰামৰ্শ দিয়ে ৷

লগতে পঢ়ক: বদহজমৰ সমস্যাত ভুগিছে নেকি ? চিন্তা কৰিব নালাগে, এবিধ ফল খালে আঁতৰিব এই সমস্যা - Benefits Of Mangoes

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.