ETV Bharat / state

মাণিকপুৰ আৰক্ষীৰ জালত জুৱাৰী; লক্ষাধিক ধন জব্দ - IPL Gambler Arrested IN MANIKPUR

author img

By ETV Bharat Assamese Team

Published : May 21, 2024, 7:05 PM IST

IPL Gambler Arrested: তীৰ খেল আৰু আই পি এল জুৱাৰীৰ বিৰুদ্ধে মাণিকপুৰ আৰক্ষীৰ অভিযান ৷ ন্যায়িক জিম্মালৈ প্ৰেৰণ ধৃত এজেন্টক ৷ জব্দ বৃহৎ পৰিমাণৰ নগদ ধন ৷

IPL Gambler Arrested
মাণিকপুৰ আৰক্ষীৰ জালত জুৱাৰী; লক্ষাধিক ধন জব্দ (Etv bharat assam)

মাণিকপুৰ, 21 মে’: আই পি এলৰ জ্বৰত আক্ৰান্ত দেশৰ কোটি কোটি জনতা ৷ দেশবাসীয়ে ক্ৰিকেটৰ আনন্দ উপভোগ কৰি থকাৰ সময়তেই একাংশই এই খেলৰ এখন ক’লা বজাৰ মুকলি কৰিছে ৷ ইয়াৰ বিৰুদ্ধে সষ্টম হৈ আছে আৰক্ষী-প্ৰশাসন ৷

বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত চকিহালীত তীৰ খেল আৰু আই পি এল জুৱাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই খেলৰ এজন এজেন্টক আটক কৰিবলৈ সক্ষম হয় । উপ-আৰক্ষী অধীক্ষক গৌতম বৰাৰ নেতৃত্বত আৰু মাণিকপুৰ আৰক্ষী থানাৰ আৰক্ষীৰ সহযোগত এক গোপন সূত্ৰৰ পম খেদি এজেন্টজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় আৰক্ষী ।

চকিহালী বজাৰত কৰায়ত্ত কৰাৰ পাচত এজেন্টটোৰ ঘৰত অভিযান চলাই চাৰি লাখ তেৰ হাজাৰ ছয়শ নব্বৈ টকা আৰু দুটা ম’বাইল হেণ্ডছেট জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী । আটক কৰা এজেন্টটো চকিহালী পাৰেয়াপাৰা গাঁৱৰ গৌতম দাস (24) বুলি জানিব পৰা গৈছে । মাণিকপুৰ আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষাৰ অন্তত টকাসহ লোকজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে ।

অভিযোগ অনুসৰি ধৃত গৌতম দাসে চকিহালী, নোৱাগাওঁ আৰু মাণিকপুৰ অঞ্চলৰ বিভিন্ন গাঁৱত এক বৃহৎ নেটৱৰ্ক গঢ়ি তুলি জুৱাৰ এক ৰমৰমীয়া বেহা চলাই আহিছিল । বঙাইগাঁও জিলা প্ৰশাসনে ইয়াৰ পূৰ্বে কেবাবাৰো দাসক কৰায়ত্ত কৰিবলৈ অভিযান চলাই বিফল হৈছিল বুলি জানিব পৰা গৈছে ।

উল্লেখ কৰা প্ৰয়োজন যে, গাঁওখনত ধৃত গৌতম দাসৰ বহুসংখ্যক সহকাৰী এজেন্ট আছে ৷ সেইসকলৰ বিৰুদ্ধে আৰক্ষীয়ে কি ভূমিকা গ্ৰহণ কৰে সেয়া হ’ব পৰৱৰ্তী সময়ত লক্ষণীয় বিষয় ।

লগতে পঢ়ক: আই পি এল জুৱাৰ সম্ৰাট বিকাশ বেৰিয়াক তিনিদিনৰ অন্তত পুনৰ আদালতত হাজিৰ - IPL Gamblers In Tinsukia

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.