ETV Bharat / state

আই পি এল জুৱাৰ সম্ৰাট বিকাশ বেৰিয়াক তিনিদিনৰ অন্তত পুনৰ আদালতত হাজিৰ - IPL Gamblers In Tinsukia

IPL gambling in Assam: আই পি এল জুৱাৰী চক্ৰৰ সম্পত্তি বাজেয়াপ্ত কৰাৰ আহ্বান মৰাণ ছাত্ৰ সন্থাৰ ৷ দুগৰাকীকৈ সংবাদ সেৱাৰ লগত জড়িত লোককো আইনৰ আওতাত ।

IPL gambling in Assam
আই পি এল জুৱাৰী
author img

By ETV Bharat Assamese Team

Published : April 30, 2024 at 8:20 PM IST

3 Min Read
Choose ETV Bharat

তিনিচুকীয়া, ৩০ এপ্ৰিল: কোটি কোটি জনতাই আই পি এলৰ আনন্দ উপভোগ কৰি থকাৰ সময়তেই বেৰিয়া ভাতৃয়ে শ শ লোকৰ পৰা লুটি লৈ যায় কোটি কোটি টকা ৷ কিন্তু "এশ গৰু মাৰিলে বাঘৰো মৰণ" বুলি বাক্যশাৰীৰ দৰেই হ’ল বেৰিয়া ভাতৃদ্বয়ৰ ৷

যোৱা ১৯ এপ্ৰিলত তিনিচুকীয়া সদৰ আৰক্ষী থানাত ৰুজু হোৱা এক গোচৰ অনুসৰি সুপ্ৰিত বিশ্বাস নামৰ এটা আই পি এল জুৱাৰ স’তে জড়িত বুকীক আটক কৰা হৈছিল । ইয়াৰ পাছতে সেই তথ্যৰ ভিত্তিত শুক্ৰবাৰে পুৱাই মানৱ কল্যাণস্থিত নিজ বাসগৃহৰ পৰা আই পি এল জুৱাৰ সম্ৰাট বিকাশ বেৰিয়াক তিনিচুকীয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ নেতৃত্বত এটা দলে গ্ৰেপ্তাৰ কৰাৰ লগতে জব্দ কৰে ১০ লক্ষাধিক টকা ৷

পৰৱৰ্তী সময়ত শনিবাৰে আবেলি তিনিচুকীয়াৰ আদালতত বিকাশ বেৰিয়াক হাজিৰ কৰি তিনিদিনৰ বাবে নিজৰ জিম্মাত লয় তিনিচুকীয়া আৰক্ষীয়ে ।

সমান্তৰালভাৱে বিকাশ বেৰিয়াৰ ভাতৃ নীতিন বেৰিয়াৰ বাসগৃহটো অভিযান চলাই উদ্ধাৰ কৰিছিল ৮.৫০ লাখ টকা ৷ বিকাশ বেৰিয়াক জিম্মাত লোৱাৰ সময়ত তিনিচুকীয়া আৰক্ষীয়ে লাভ কৰিছে বহু বিস্ফোৰক তথ্য । আই পি এল জুৱাৰ পৰা লাভ কৰা ধনেৰে বিভিন্ন দিশত শক্তিশালী ভূমিকা প্ৰদৰ্শন কৰা ব্যক্তিক নিয়মিতভাৱে মোটা অংকৰ ধন প্ৰদান কৰাৰ লগতে বিভিন্নজনক দিয়ে দামী দামী উপহাৰ ৷ সমান্তৰালভাৱে বিশেষ বিশেষ ব্যক্তিক দিয়ে বিদেশ ভ্ৰমণৰ সুবিধাও ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ইতিমধ্যে তিনিচুকীয়া আৰক্ষীয়ে বিকাশ বেৰিয়া এণ্ড কোম্পানীৰ জুৱাৰ ধন আদান-প্ৰদান কৰাৰ তথ্য লাভ কৰাৰ পাছতে সংবাদমাধ্যমৰ স’তে জড়িত সদৰৰ দুগৰাকীকো মাতি পঠাই জেৰা চলোৱা বুলি চৰ্চিত হৈছে । ইফালে, আৰক্ষীয়ে লোৱা তিনিদিনৰ জিম্মা শেষ হোৱাৰ পাছত আজি আবেলি পুনৰ তিনিচুকীয়াৰ আদালতত বিকাশ বেৰিয়াক হাজিৰ কৰে যদিও বাতৰি প্ৰেৰণ কৰাৰ সময়লৈকে আদালতে কোনো সিদ্ধান্ত দিয়া নাছিল ৷

আনহাতে,তিনিচুকীয়া জিলাখনৰ বিভিন্ন অঞ্চলত অবৈধভাৱে আই পি এল জুৱাৰ দৰে সামাজিক ব্যাধিস্বৰূপ কার্যকলাপ গঢ় লৈ উঠাত সৰৱ হৈ পৰিছে সদৌ মৰাণ ছাত্ৰ সন্থা । সোমবাৰে সদৌ মৰাণ ছাত্ৰ সন্থাই সভাপতি পলিন্দ্ৰ বড়া আৰু সাধাৰণ সম্পাদক জয়কান্ত মৰাণে এখন স্মাৰকপত্ৰ জিলা আৰক্ষী অধীক্ষকক প্ৰদান কৰি আই পি এল জুৱাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে লোৱা পদক্ষেপক সদৌ মৰাণ ছাত্ৰ সন্থাই প্ৰশংসা কৰি ধন্যবাদ জ্ঞাপন কৰে ৷ লগতে স্মাৰকপত্ৰ উল্লেখ কৰে যে সমগ্র কাৰ্যকলাপ জনৈক বেৰিয়া উপাধিধাৰীৰ এজন লোকৰ নেতৃত্বত চলি আছে ।

ইতিমধ্যেই গাঁৱে-ভূঞে একাংশ ব্যক্তি এই আই পি এল জুৱাৰ চক্ৰত পৰি সৰ্বস্বান্ত হৈছে । সেয়েহে এই সমগ্র চক্ৰটোৰ ওপৰত সদৌ মৰাণ ছাত্ৰ সন্থাই দৃষ্টিগোচৰ কৰে । জনৈক বেৰিয়াৰ লগতে জনৈক বিশ্বাস, টিকিৰা, পাণ্ডে, আগৰৱাল, চৌধুৰী, গুপ্তা আদি আই পি এল জুৱাৰ লগত জড়িত আছে । উক্ত জুৱাত জড়িত হৈ বহুলোক তথা নতুন প্রজন্ম ধ্বংসৰ মুখলৈ গতি কৰিছে ।

IPL gambling in Assam
আই পি এল জুৱাৰী

উক্ত লোককেইজনৰ সকলো ধৰণৰ সম্পত্তি বাজেয়াপ্ত কৰিবলৈ দাবী জনালো । গতিকে অতি শীঘ্রেই এই অনৈতিক তথা নীতি বহির্ভূত কার্যকলাপৰ বিৰুদ্ধে বৃহৎ পদক্ষেপ লৈ এই লোককেইজনৰ লগতে সমগ্ৰ চক্ৰটোৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ আহ্বান জনায় সংগঠনটোৱে ।

লগতে পঢ়ক: তিনি দিনৰ আৰক্ষী জিম্মাত ক্ৰিকেট জুৱাৰ চৰ্দাৰ বিকাশ বেৰিয়া; বৰ্তমানেও সন্ধান নাই সহযোগী ভাতৃৰ - IPL Gamblers In Tinsukia