ছয়গাঁৱত ৰহস্য়জনকভাৱে সন্ধানহীন যুৱক - Youth missing in Chaygaon

By ETV Bharat Assamese Team

Published : May 11, 2024, 8:07 PM IST

thumbnail
মাজপাৰাত যুৱক নিৰুদ্দেশ (ETV BHARAT ASSAM)

মিৰ্জা, ১১ মে': দক্ষিণ কামৰূপৰ ছয়গাঁও থানাৰ অন্তৰ্গত টোকোৰাদিয়া মাজপাৰাত যুৱক নিৰুদ্দেশ । হেমন্ত কলিতা নামৰ যুৱকজন বৃহস্পতিবাৰে নিশা পদূলি মুখৰ পৰাই ৰহস্য়জনকভাৱে সন্ধানহীন হৈ আছে । এই সন্দৰ্ভত যুৱকজনৰ পৰিয়ালৰ লোকে কয় যে বৃহস্পতিবাৰে কামৰ পৰা উভতি আহি নিশা ১১ বজাত পদূলি মুখলৈ ওলাই যায় । বহুত সময় ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰে যদিও যুৱকজনৰ কোনো সন্ধান উলিয়াব নোৱাৰিলে ।

এই যুৱকজন আজিলৈকে ঘৰলৈ উভতি অহা নাই । বিভিন্ন ঠাইত বিচাৰ খোচৰ কৰিও কোনো সম্ভেদ লাভ নকৰাত অৱশেষত ছয়গাঁও আৰক্ষী থানাত এই সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে । আৰক্ষীয়ে এতিয়ালৈকে যুৱকজন নিৰুদ্দেশ সম্পৰ্কীয় কোনো তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই । এতিয়া অসহায় পৰিয়ালটোত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ।

 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.