গোলাঘাটৰ পাচলি বজাৰত ৰং মিস্ত্ৰীৰ মৃতদেহ উদ্ধাৰ - Dead Body recovered

By ETV Bharat Assamese Team

Published : May 23, 2024, 11:33 AM IST

thumbnail
গোলাঘাটৰ পাচলি বজাৰত ৰং মিস্ত্ৰীৰ মৃতদেহ উদ্ধাৰ (ETV Bharat)

গোলাঘাট,২৩ মে': গোলাঘাট নগৰৰ মাজমজিয়াত থকা পাচলি বজাৰত পুৱাই উদ্ধাৰ এটা মৃতদেহ । চিৰিত পৰি আছিল মৃতদেহটো । মৃত লোকজন গোলাঘাট মিচন কম্পাউণ্ডৰ গোপাল চেত্ৰী বুলি জানিব পৰা গৈছে । পেচাত ৰং মিস্ত্ৰী গোপাল চেত্ৰী বুধবাৰে দিনৰ ১১ বজাতে ঘৰৰ পৰা কামলৈ বুলি ওলাই গৈছিল । নিশা ঘৰলৈও যোৱা নাছিল গোপাল চেত্ৰী ।

পৰিয়ালৰ লোকে বহুবাৰ ফোন কৰিছিল যদিও তেওঁ উত্তৰ দিয়া নাছিল । অৱশেষ পুৱা স্থানীয় লোকে গোপালৰ মৃতদেহ প্ৰত্যক্ষ কৰি পৰিয়ালৰ লোকক খবৰ দিয়ে । এই ঘটনাক লৈ এতিয়া গোলাঘাট বজাৰ অঞ্চলত তীব্ৰ চাঞ্চল্য অব্যাহত আছে । কি কাৰণত গোপালৰ মৃত্যু হ'ল সেয়া ৰহস্যৰ আৱৰ্তত আছে । গোলাঘাট আৰক্ষীয়ে ইতিমধ্যে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে । আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্তও অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :চামগুৰিত ক’লা ড্ৰাগছৰ অবাধ বেহা, আটক আলী হুছেইন - Anti Drugs Operation

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.