চামগুৰিত ক’লা ড্ৰাগছৰ অবাধ বেহা, আটক আলী হুছেইন - Anti drugs operation

By ETV Bharat Assamese Team

Published : May 23, 2024, 7:07 AM IST

thumbnail
চামগুৰিত ড্ৰাগছৰ অবাধ বেহা (ETV Bharat Assam)

চামগুৰি, 23 মে’ : ৰাজ্যত বৰ্তমানো অব্যাহত আছে ক’লা ড্ৰাগছৰ অবাধ বেহা ৷ আৰক্ষী-প্ৰশাসনেও যেন নাকী লগাবলৈ সক্ষম হোৱা নাই ড্ৰাগছ সৰবৰাহকাৰীক ৷ নানান উপায় অৱলম্বন কৰি হ’লেও ড্ৰাগছ সৰবৰাহকাৰীয়ে কৰি গৈছে ড্ৰাগছৰ বেহা ৷ অৱশ্যে আৰক্ষীয় কিম্বা প্ৰশাসনো হাত সাবতি বহি থকা নাই ৷ এইবাৰ অসম আৰক্ষীয়ে অভিযান চলাই চামগুৰিৰ বাজীয়াগাঁৱৰ পৰা ড্ৰাগছসহ আটক কৰিবলৈ সক্ষম হয় এটা সৰবৰাহকাৰী ৷

এক গোপন খবৰৰ তথ্যৰ আলমতে চামগুৰি আৰক্ষীৰ ASI জয়ন্ত বৰাৰ নেতৃত্বত এটা দলে বুধবাৰে চামগুৰিৰ বাজীয়াগাঁৱত অভিযান চলায় ৷ এই অভিযানত আৰক্ষীৰ দলটোৱে আলী হুছেইন নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ লগতে নগদ ধনসহ 59 টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয় ৷

স্থানীয় লোকৰ অভিযোগ অনুসৰি, দীৰ্ঘদিন ধৰি নিজৰ বাসগৃহৰ পৰাই ড্ৰাগছ বেপাৰ চলাই আহিছিল আলী হুছেইন নামৰ ধৃত সৰবৰাহকাৰীটোৱে । ইফালে বিগত সোমবাৰেও চামগুৰি ডাউন টাউনৰ এখন পান দোকানৰ পৰা আৰক্ষীয়ে বুজন পৰিমাণৰ ড্ৰাগছসহ আটক কৰে এটা ড্ৰাগছ বিক্ৰেতাক ৷

এতিয়া প্ৰশ্ন হয়, আৰু কিমান দিনলৈ চামগুৰিৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ ৰমৰমীয়া বেহা চলি থাকিব ? কেৱল ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিয়েই ক্ষান্ত থাকিব নেকি আৰক্ষী ?

লগতে পঢ়ক : এফালে আৰক্ষীৰ অভিযান, আনফালে ড্ৰাগছৰ বেহা - anti drugs operation

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.