ETV Bharat / state

এফালে আৰক্ষীৰ অভিযান, আনফালে ড্ৰাগছৰ বেহা - anti drugs operation

author img

By ETV Bharat Assamese Team

Published : May 22, 2024, 7:17 AM IST

Drugs seized in Assam : ৰাজ্যজুৰি অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান ৷ একেদিনাই দুই স্থানত ড্ৰাগছসহ তিনি সৰবৰাহকাৰীক আটক আৰক্ষীৰ ৷

Drugs seized in Assam
এফালে আৰক্ষীৰ অভিযান, আনফালে ড্ৰাগছৰ বেহা (ETV BHARAT ASSAM)

ৰঙাপৰা/ জনিয়া, 22 মে’ : ৰাজ্যজুৰি অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰখাৰ পিচতো একাংশ সৰবৰাহকাৰীয়ে এতিয়াও আৰক্ষীৰ চকুত ধূলি ছটিয়াই ড্ৰাগছৰ অবাধ বেহা চলাই আছে ৷ মঙলবাৰে ৰাজ্যৰ দুই স্থানত ড্ৰাগছসহ তিনিটাকৈ সৰবৰাহকাৰী আটক কৰাৰ ঘটনা পোহৰলৈ আহিছে ৷

প্ৰথমতে, শোণিতপুৰ জিলাৰ মিছামাৰীত অসম আৰক্ষীয়ে ড্ৰাগছসহ দুই সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় । মিছামাৰীস্থিত ভাৰতীয় সেনা ছাউনীৰ ভিতৰৰ পৰা ড্ৰাগছসহ দুই সৰবৰাহকাৰীক আটক কৰা হয় ৷

মিছামাৰী আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি সেনা ছাউনীৰ ভিতৰত থকা শ্বপিং কমপ্লেক্সৰ এখন দৰ্জী দোকানৰ স্বত্বাধিকাৰী মাচুম শ্বেখৰ পৰা 85 টা ড্ৰাগছৰ কণ্টেইনাৰ জব্দ কৰে ৷ ইয়াৰোপৰি মাচুম শ্বেখৰ পিতৃ ৰচিদ শ্বেখকো আটক কৰে আৰক্ষীয়ে ৷

অভিযোগ অনুসৰি, সেনা ছাউনীৰ ভিতৰত দৰ্জীৰ দোকান দিয়া মাচুম শ্বেখে শ্বপিং কমপ্লেক্সৰ পৰাই দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই আহিছিল ৷

মিছামাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সীমান্ত পাঠকে এক গোপন সূত্ৰৰ ভিত্তিত সেনা ছাউনীৰ শ্বপিং কমপ্লেক্সৰ পৰাই ড্ৰাগছ সৰৱৰাহকাৰীদ্বয়ৰ লগতে 85 টা কণ্টেইনাৰকেইটা জব্দ কৰিছে । মিছামাৰী আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছখিনিৰ মূল্য প্ৰায় 50 হাজাৰ টকা হ’ব বুলি জানিব পৰা গৈছে । কটকটীয়া নিৰাপত্তা ব্যৱস্থা থকা সেনা ছাউনীৰ ভিতৰত এনেদৰে নিৰাপদে ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই থকা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

দ্বিতীয়টো ঘটনাত, বৰপেটা জিলাৰ কলগাছিয়া থানাৰ অন্তৰ্গত আদিতপুৰ গাঁৱত মঙলবাৰে বিয়লি বৰপেটা আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছসহ আটক কৰে এজন ব্যৱসায়ীক । আটকাধীন ড্ৰাগছ ব্যৱসায়ীটো আদিতপুৰ গাঁৱৰ শ্বৰিফুল ইছলাম (26) ৷ ধৃত শ্বৰিফুল ইছলাম এই ব্যৱসায় কৰাৰ লগতে দীৰ্ঘদিনে ড্ৰাগছ আসক্ত বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, এক গোপন সূত্ৰৰ পম খেদি আদিতপুৰৰ কবৰস্থানৰ সন্মুখৰ পৰা এটা চাবোনৰ বাকচত মুঠ 10.49 গ্ৰাম ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে । কিছুদিন পূৰ্বে ধৃত শ্বৰিফুল ইছলামৰ ঘৰলৈ ড্ৰাগছ সেৱন কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰিছিল দুই যুৱক ।

লগতে পঢ়ক: ৰাইজৰ ৰোষত দীৰ্ঘদিন ধৰি ত্ৰাস চলাই অহা দুই গভাইত চোৰ - Theft incident in sonari

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.