ৰাইজৰ ৰোষত দীৰ্ঘদিন ধৰি ত্ৰাস চলাই অহা দুই গভাইত চোৰ - Theft incident in sonari

By ETV Bharat Assamese Team

Published : May 21, 2024, 8:54 PM IST

thumbnail
ৰাইজৰ ৰোষত দীৰ্ঘদিন ধৰি ত্ৰাস চলাই অহা দুই গভাইত চোৰ (Etv bharat assam)

মৰাণ, 21 মে’: অপৰাধীৰ ঘাটিলৈ পৰিগণিত হৈছে চৰাইদেউ জিলাৰ সোণাৰি । সোণাৰিত দিনক দিনে বৃদ্ধি পাইছে বিভিন্ন অপৰাধজনিত ঘটনা ।

সোমবাৰে সোণাৰিত পুনৰ সংঘটিত হয় চুৰিৰ ঘটনা ৷ সোণাৰি নগৰৰ গৌতম ঘোষৰ ঘৰৰ পৰা চোৰৰ এটা দলে সোমবাৰৰ নিশাৰ ভাগত ই-ৰিক্সাৰ বেটাৰী চুৰি কৰে যদিও স্থানীয় লোকৰ তৎপৰতাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় বেটাৰীকেইটা । আনহাতে চুৰি কাৰ্যত জড়িত থকাৰ অভিযোগত ৰাইজে কৃষ্ণা সিং আৰু ৰাজীৱ আলি নামৰ দুটা গভাইত চোৰক কৰায়ত্ত কৰি উত্তম-মধ্যম শোধাই ইতিমধ্যে আৰক্ষীক চমজাই দিছে । 

উল্লেখ্য যে, ধৃত দুই চোৰৰ সৈতে এটা বৃহৎ চোৰৰ দলে সোণাৰি তথা পাৰ্শ্বৱৰ্তী অঞ্চলত চুৰি কাৰ্য সংঘটিত কৰি অহাৰ কথা নিজ মুখে স্বীকাৰ কৰিছে চোৰ দুটাই । চোৰ দুটা আটক হোৱাৰ পাছতেই বহু ভুক্তভোগীয়ে হেৰুওৱা সামগ্ৰী বিচাৰি ভিৰ কৰা পৰিলক্ষিত হৈছে আৰক্ষী থানাত । 

লগতে পঢ়ক: কাষতে আৰক্ষী থানা, সামগ্ৰী ভৰ্তি পিকআপ বাহন লৈ উধাও চোৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.