কাষতে আৰক্ষী থানা, সামগ্ৰী ভৰ্তি পিকআপ বাহন লৈ উধাও চোৰ

By ETV Bharat Assamese Team

Published : Mar 1, 2024, 9:48 AM IST

thumbnail

ৰঙিয়া, 1 মাৰ্চ : ৰাজ্যজুৰি ক্ৰমাৎ বৃদ্ধি চুৰিকাণ্ডৰ ঘটনা ৷ বৃহস্পতিবাৰে নিশা ৰঙিয়া আৰক্ষী থানাৰ সমীপৰ পৰা দোকানৰ সামগ্ৰীৰে ভৰ্তি হৈ থকা এখন মহিন্দ্ৰা পিকআপ ভেন লৈ চোৰ উধাও হয় ৷ 

ৰঙিয়া নগৰৰ মাজ মজিয়াত থকা ডাকঘৰ তথা ৰঙিয়া থানাৰ পৰা মাত্ৰ কেইবাশ মিটাৰ আঁতৰৰ পৰা চুৰি হোৱা গাড়ীখনৰ নম্বৰ হৈছে AS 01 DD 1524 । ঘটনা অনুসৰি ৰঙিয়াৰ 1 নং পুলিচ পইণ্টৰ সমীপৰ কৃষ্ণ ভাণ্ডাৰ নামৰ দোকানখনৰ বাবে গুৱাহাটীৰ পৰা খেজুৰ, পনীৰ আৰু অন্যান্য সামগ্ৰী লৈ অনা হৈছিল বাহনখনত । তাৰ পিচতে ৰখাই থোৱা অৱস্থাত দুৰ্বৃত্তই নিশা বাহনখন চুৰি কৰি লৈ যায় ।

আজি (শুকুৰবাৰ) সামগ্ৰী ভৰ্তি বাহনখন নেদেখি দোকানখনৰ স্বত্বাধিকাৰীগৰাকীৰ হাহাকাৰ লাগে । বাহনখন বহু ঠাইত বিচৰা হয় যদিও কোনো সন্ধান নোলোৱাত বাহনখন চোৰে লৈ যোৱা বুলি নিশ্চিত হয় । পৰৱৰ্তী সময়ত ঘটনা সন্দৰ্ভত কৃষ্ণ ভাণ্ডাৰৰ স্বত্বাধীকাৰী কৃষ্ণ চন্দ্ৰ শৰ্মাই ৰঙিয়া থানাত এজাহাৰ দাখিল কৰে বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক: প্ৰথমবাৰৰ বাবে আৰক্ষীৰ চৰিত্ৰত দেখা যাব কাজলক, চাওক দু পট্টিৰ টিজাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.