কাজিৰঙাৰ পদপথত শান্ত সমাহিত দুটা এশিঙীয়া; স্বচক্ষে প্ৰত্যক্ষ কৰি আনন্দিত বহিঃৰাজ্যৰ পৰ্যটক - Tourist In Kaziranga

By ETV Bharat Assamese Team

Published : May 23, 2024, 11:16 AM IST

thumbnail
কাজিৰঙাৰ পদপথত শান্ত সমাহিত দুটা এশিঙীয়া (ETV Bharat Assam)

কাজিৰঙা, 23 মে’ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এতিয়া পৰ্যটকৰ ভিৰ ৷ অসম বিখ্যাত এশিঙীয়া চাবলৈ বহিঃৰাজ্যৰ পৰা আহিছে বহু পৰ্যটক ৷ সকলোৰে এটাই আশা স্থল পথেৰে হাতী অথবা জীপত উঠি এবাৰ নিচেই কাষৰ পৰা চাব অসম বিখ্যাত এশিঙীয়া গঁড় ৷ বুধবাৰে সেই আশাই যেন পূৰণ হ’ল বহু বহিঃৰাজ্যৰ পৰা অহা বহু পৰ্যটকৰ বাবে ৷

জীপৰ সহায়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰি থকা পৰ্যটকৰ সন্মুখত হঠাৎ আহি ধৰা দিলে মাকসহ এটা গঁড়ৰ পোৱালি ৷ পথাৰৰ ঘাঁহ খাই থকাৰ পৰা দুয়োটা গঁড় উঠি আহিল পদপথলৈ । শান্ত সমাহিত আছিল দুয়োটা গঁড় । কাকোৱে আক্ৰমণ কৰা নাই দুয়োটা গঁড়ে ৷ সেই সুযোগ গ্ৰহণ কৰি পৰ্যটকেও ল'লে এই বিৰল দৃশ্য স্বচক্ষে প্ৰত্যক্ষৰ সুবিধা । লগতে পৰ্যটকে নিজৰ কেমেৰাত আৱদ্ধ কৰিলে এই মনোৰোম দৃশ্য ।

উল্লেখ্য যে, কাজিৰঙা বিশ্ব সমুদায়ৰ এটি পৰিচিত নাম । সৌন্দৰ্য পিয়াসী,পৰ্যটন প্ৰিয় বিশ্বৰ প্ৰতিগৰাকীৰ বুকুত সাঁচি ৰখা এক সপোনৰ নাম কাজিৰঙা । কিন্তু আকাশৰ পৰা, শূন্যৰ পৰা সৌন্দৰ্য জুমি চোৱাৰ হাবিয়াস থাকে বহুতৰে । সেয়ে হয়তো শূন্যৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আন অপূৰ্ব দৃশ্য বন্দী কৰিছে বোকাখাতৰ প্ৰাক্তন অতিৰিক্ত আয়ুক্ত ৰণনময় ভৰদ্বাজে ।

লগতে পঢ়ক : ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ কাজিৰঙাৰ সৌন্দৰ্য উপভোগৰ পূৰ্বে সাৱধান, জাৰি কৰা হৈছে কেতবোৰ নিয়ম - Rules For Kaziranga Visitors

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.