ETV Bharat / state

এজন ব্যক্তিৰ নিৰুদ্দেশ হোৱা ঘটনাই হাহাকাৰ লগাইছে এখন বাগিচাত - Missing Case in Jorhat

author img

By ETV Bharat Assamese Team

Published : May 1, 2024, 4:31 PM IST

MISSING CASE IN JORHAT
নিৰুদ্দেশ হোৱা ঘটনাই হাহাকাৰ লগাইছে পৰিয়ালত

JORHAT MISSING CASE : যোৰহাটৰ পৰা এজন ব্যক্তিৰ নিৰুদ্দেশ হোৱা ঘটনাই হাহাকাৰ লগাইছে পৰিয়ালত । 26 এপিলৰ পৰা নিৰুদ্দেশ হৈ আছে ৰেৱকান্ত পাটনায়ক নামৰ ব্যক্তিজন ৷


যোৰহাট, 1 মে’ : গটঙা চাহ বাগিচাৰ পৰা নিৰুদ্দেশ পঞ্চাশোৰ্ধৰ এজন ব্যক্তি ৷ যোৰহাট জিলাৰ ৰৰৈয়া আৰক্ষী চকীৰ অন্তৰ্গত গটঙা চাহ বাগিচাৰ উৰিয়া লাইনৰ এগৰাকী ব্যক্তিৰ নিৰুদ্দেশে হাহাকাৰ লগাইছে পৰিয়ালত ৷

জানিব পৰা মতে, বাগিচাখনৰ ৰেৱকান্ত পাটনায়ক নামৰ 56 বছৰীয়া ব্যক্তিজন পুৱা খোজকাঢ়িবলৈ যোৱাৰ পথত 26 এপিলৰ পৰাই নিৰুদ্দেশ হৈ আছে ৷ বহু বিচাৰ-খোঁচাৰ কৰাৰ লগতে আত্মীয়-স্বজনৰ ঘৰত খবৰ কৰাৰ পিচতো এই পৰ্যন্ত নিৰুদ্দেশ হৈ থকা ৰেৱকান্ত পাটনায়কৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই পৰিয়ালে ৷ ফলত পৰিয়ালটোৱে দু-চিন্তাত উজাগৰী নিশা কটাবলৈ বাধ্য হৈছে ৷

স্বামী নিৰুদ্দেশ হোৱাৰ বিষয়ে ৰেৱকান্ত পাটনায়কৰ পত্নী আৰু আত্মীয়-স্বজনে যোৰহাটৰ ৰৰৈয়া আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে ৷ কিন্তু এই পৰ্যন্ত নিৰুদ্দেশ হোৱা ব্যক্তিজনক আৰক্ষীয়ে উদ্ধাৰ তথা কোনো শুং-সূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই ৷

আনহাতে গটঙা চাহ বাগিচা অঞ্চলৰ পৰা ৰেৱকান্ত পাটনায়ক বিগত কেবাদিন ধৰি নিৰুদ্দেশ হৈ থকাৰ ঘটনাই বাগিচাখনত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ইতিমধ্যে দৰিদ্ৰ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনক্ষম ব্যক্তিজন নিৰুদ্দেশ হোৱা পিচৰ পৰাই পৰিয়ালটোত এক শোকাকুল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে ৷

ইফালে সন্ধানহীন ব্যক্তিজনক বিভিন্ন স্থানত গৈ বিচাৰ-খোচাৰ কৰাৰ বাবে ঘৰৰ বয়-বস্তু বিক্ৰী কৰি আৰ্থিকভাৱে এক প্ৰকাৰ জুৰুলা হৈ পৰিছে পৰিয়ালটো ৷ কোনো যদি সদাশয় ব্যক্তিয়ে ৰেৱকান্ত পাটনায়ক নামৰ লোকজন যদি দেখা পায়, তেন্তে 93954-80021 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালটোৱে ৷ এই ঘটনাই চিন্তিত কৰি তুলিছে অঞ্চলবাসীকো ৷

লগতে পঢ়ক : অন্ধ্ৰ প্ৰদেশলৈ কামৰ সন্ধানত যোৱা টিংখাঙৰ উমাকান্ত সন্ধানহীন - Tingkhong Labour Missing

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.