ETV Bharat / state

অন্ধ্ৰ প্ৰদেশলৈ কামৰ সন্ধানত যোৱা টিংখাঙৰ উমাকান্ত সন্ধানহীন - Tingkhong labour Missing

author img

By ETV Bharat Assamese Team

Published : May 1, 2024, 11:56 AM IST

Missing out of state
বহিঃৰাজ্যত টিংখাঙৰ শ্ৰমিক সন্ধানহীন

Missing out of state: বহিঃৰাজ্যত টিংখাঙৰ এজন লোক সন্ধানহীন হোৱাৰ পাছতেই পৰিয়ালত হাহাকাৰ । কোনে বহিঃৰাজ্য়লৈ নিয়ে অসমৰ শ্ৰমিকক ? ৰহস্য়জনকভাৱে সন্ধানহীন হয় বহুতো শ্ৰমিক ।

বহিঃৰাজ্যত টিংখাঙৰ শ্ৰমিক সন্ধানহীন

মৰাণ, ১ মে' : অসমৰ পৰা কামৰ সন্ধানত বহিঃৰাজ্যলৈ গৈ প্ৰায়ে ৰহস্য়জনকভাৱে সন্ধানহীন হোৱাৰ ঘটনা সংঘটিত হৈ আহিছে । লগতে একাংশই নিৰ্যাতনৰ সন্মুখীন হোৱা খবৰ প্ৰায়েই সংবাদ মাধ্য়মত প্ৰকাশিত হৈ আহিছে । এনেবোৰ খবৰে অসমৰ ৰাইজক ব্যথিত কৰাৰ সময়তে পুনৰ বহিঃৰাজ্যত সন্ধানহীন হৈছে টিংখাঙৰ এজন ব্যক্তি । কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ গৈ সন্ধানহী নহয় টিংখাঙৰ ভালুকমৰা গাঁৱৰ এজন লোক । উমাকান্ত বৰা (৫৫) নামৰ শ্ৰমিকজন যোৱা ২০ এপ্ৰিলত ঘৰৰ পৰা দিনৰ ভাগত ওলাই গৈছিল ।

লোকজনে একে গাঁৱৰে হৰিপ্ৰসাদ ভূমিজ আৰু কাজি নামৰ লোক দুজনৰ সৈতে তিনিচুকীয়াৰ পৰা অন্ধপ্ৰদেশলৈ বুলি ৰে'লেৰে ৰাওনা হৈছিল । ইয়াৰ পিছতে সোমবাৰে পুৱা শেষবাৰৰ বাবে ফোনত যোগাযোগ হয় । যোৱা মঙলবাৰে দুপৰীয়া লগৰ এজনৰ লগত যোগাযোগ হয় যদিও উমাকান্ত বৰাৰ সৈতে কথা হোৱা নাছিল । তেওঁৰ লগৰ এজনে উমাকান্ত বৰা বিয়লি কোঠাৰ পৰা ওলাই গৈ বৰ্তমানলৈকে ঘূৰি অহা নাই বুলি কয় । ইয়াৰ পিছৰে পৰা উমাকান্ত বৰাৰ সৈতে কোনো যোগাযোগ হোৱা নাই পৰিয়ালটোৰ ।

উমাকান্ত বৰাৰ নিৰুদ্দেশৰ খৱৰ পোৱাৰ পিছতে পৰিয়ালটোত এতিয়া হাহাকাৰ অৱস্থা । পৰিয়ালৰ লোকসকলে জানিবলৈ দিয়া অনুসৰি চৰাইদেউ জিলাৰ সাপেখাতীৰ মঙ্গল নামৰ এজন লোকে তেওঁলোকক কোম্পানীৰ কাম কৰাৰ বাবে অন্ধপ্ৰদেশলৈ প্ৰেৰণ কৰিছিল । কিন্তু লোকজন সন্ধানহীন হোৱাৰ পাছতেই অন্ধপ্ৰদেশলৈ প্ৰেৰণ কৰা কোম্পানীৰ এজেণ্টজনে পৰিয়ালৰ সৈতে কোনো ধৰণৰ সহযোগিতা কৰা নাই বুলি ভুক্তভোগী পৰিয়লটোৰ সদস্য়সকলে অভিযোগ উত্থাপন কৰিছে । ফলত দৰিদ্ৰ পৰিয়ালটোত হাহাকাৰ পৰিবেশ সৃষ্টি হৈছে । এই ক্ষেত্ৰত ৰাজ্য চৰকাৰক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে লোকজনৰ পত্নী আৰু পুত্ৰই ।

লগতে পঢ়ক:মাতৃগৃহলৈ ওলাই যোৱাৰ পিচৰে পৰাই চিলাপথাৰত পাঁচ দিনেই সন্ধানহীন মহিলা - Woman Missing In Silapathar

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.