ETV Bharat / sports

আই পি এল 2024 ৰ ফাইনেলত কেকেআৰ; প্ৰথম কোৱালিফায়াৰত আঠ উইকেটত পৰাস্ত কামিন্স বাহিনী - KKR VS SRH QUALIFIER 1

author img

By ETV Bharat Assamese Team

Published : May 21, 2024, 11:03 PM IST

KKR VS SRH match: আই পি এল 2024 ৰ ফাইনেলত স্থান নিশ্চিত কৰিলে কেকেআৰে ৷ ছান ৰাইজাৰ্ছ হায়দৰাবাদক অতি সহজেই পৰাস্ত কৰি ফাইনেল পালেগৈ কেকেআৰ ৷ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল খেলখন ৷

KKR VS SRH match
KKR VS SRH QUALIFIER 1 (ETV Bharat)

নিউজ ডেস্ক, 21 মে’: মঙলবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত কলকাতা নাইট ৰাইডাৰ্ছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত অনুষ্ঠিত হোৱা আই পি এল 2024 ৰ প্ৰথমখন কোৱালিফায়াৰ মেচত জয়লাভ কলকাতা নাইট ৰাইডাৰ্ছৰ ৷ ছান ৰাইজাৰ্ছ হায়দৰাবাদক অতি সহজেই 8 উইকেটত পৰাস্ত কৰি ফাইনেলত উপনীত হ’ল কেকেআৰ ৷ 20 অভাৰত কেকেআৰক জয়ৰ বাবে 160 ৰানৰ লক্ষ্য বান্ধি দিছিল এছআৰএইচে ৷ কিন্তু 13.4 অভাৰতে মাত্ৰ 2 টা উইকেট হেৰুৱাই বিজয় সাব্যস্ত কৰে কলকাতা দলে ৷

আজিৰ খেলখনত টছত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে পেট কামিন্স নেতৃত্বাধীন ছান ৰাইজাৰ্ছ হায়দৰাবাদে ৷ কিন্তু খেলৰ আৰম্ভণিৰ পৰাই বেটিং বিপৰ্যয়ৰ সন্মুখীন হোৱা এছআৰএইচে 4.6 অভাৰতে 39 ৰাণত চাৰিটাকৈ গুৰুত্বপূৰ্ণ উইকেট হেৰুৱায় ৷ অপেনাৰ ট্ৰেভিছ হেডে কোনো ৰাণ নকৰাকৈয়ে পেভিলিয়নলৈ ওভতে ৷ তাৰ পিচতে অভিষেক শৰ্মা(3), নিতিশ ৰেড্ডী(9) আৰু শ্বাহবাজ আহমেদ(0) পেভিলিয়নমুখী হয় ৷

লগতে পঢ়ক: অভিলেখৰ বাবে পৰিচিত হ’ব আই পি এল ২০২৪: জানো আহক এই ছিজনৰ কিছু দৰ্শনীয় অভিলেখ - IPL 2024

ৰাহুল ত্ৰিপাঠীয়ে 35 টা বলত 7 টা বাউণ্ডেৰী আৰু 1 টা ছিক্সাৰৰ সৈতে 55 ৰাণৰ সুন্দৰ ইনিংছ খেলে ৷ ক্লাসেনে 21 টা বলত 32 ৰাণৰ বৰঙণি যোগায় ৷ অধিনায়ক কামিন্সে 24 টা বল খেলি 30 ৰাণ সংগ্ৰহ কৰে ৷ আন কেইজন বেটছমেনৰ প্ৰদৰ্শন আছিল হতাশজক ৷ তেওঁলোকৰ ৰাণ আছিল এনেধৰণৰ- ছামাদ(16), সনবীৰ সিং(0), ভূৱনেশ্বৰ কুমাৰ(0), আৰু বিজয়কান্থ(7) ৷ 19.3 বলত আটাইকেইটা উইকেট হেৰুৱাই এছআৰএইচে 159 ৰাণ সংগ্ৰহ কৰে ৷ কলকাতাৰ হৈ ষ্টাৰ্কে 3 টা, বৰুণ চক্ৰবৰ্তীয়ে 2 টা, বৈভৱ, হৰ্শিত, সুনীল আৰু ৰাচেলে 1 টাকৈ উইকেট দখল কৰে ৷

160 ৰাণৰ লক্ষ্যৰে বেটিং আৰম্ভ কৰা কলকাতা নাইট ৰাইডাৰ্ছে 44 ৰাণত প্ৰথমটো উইকেট হেৰুৱায় ৷ 23 ৰাণ কৰি কেচ আউট হয় ৰহমানুল্লাহ গুৰবাজ ৷ তাৰ পিচতেই 21 ৰাণ কৰি সুনীল নাৰিনেও পেভিলিয়নমুখী হয় ৷ কিন্তু ভেংকটেশ আয়েৰ আৰু শ্ৰেয়াস আয়েৰে অপৰাজিত অৰ্ধশতকৰ সহায়ত দলক জয়ৰ সোৱাদ দিয়াৰ লগতে ফাইনেলত উপনীত কৰে ৷

ভেংকটেশ আয়েৰে 28 টা বলত 4 টা ছিক্সাৰ আৰু 5 টা বাউণ্ডেৰী কোবাই মুঠ 51 ৰাণ সংগ্ৰহ কৰে ৷ অধিনায়ক শ্ৰেয়াসে 24 টা বলত 4 টা ছিক্সাৰ আৰু 5 টা বাউণ্ডেৰীৰ সহায়ত 58 ৰাণৰ বৰঙণি যোগায় ৷ এছআৰএইচৰ হৈ কামিন্স আৰু নটৰাজনে এটাকৈ উইকেট লাভ কৰে কৰে ৷

লগতে পঢ়ক: নিৰ্বাচকৰ ভৰি স্পৰ্শ নকৰাৰ বাবেই দলত স্থান পোৱা নাছিল এইগৰাকী ভাৰতীয় ক্ৰিকেটাৰে - Gautam Gambhir

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.