ETV Bharat / state

চুৰি সামগ্ৰীৰ বিনিময়ত বেংকৰ পৰা সংগ্ৰহ বৃহৎ পৰিমাণৰ ঋণ; ধৰা পৰিল চোৰ - Thief arrested

author img

By ETV Bharat Assamese Team

Published : May 15, 2024, 11:05 PM IST

Theft In Tinsukia: চুৰি সোণৰ আ-অলংকাৰৰ বিনিময়ত বেংকৰ পৰা সংগ্ৰহ লাখ লাখ টকাৰ ঋণ ৷ আৰক্ষীৰ জিম্মাত ধৃত ৷ আটনা সন্দৰ্ভত আৰম্ভ তদন্ত ৷

Large amounts of debt collected from banks in exchange for stolen goods
চুৰি সামগ্ৰীৰ বিনিময়ত বেংকৰ পৰা সংগ্ৰহ বৃহৎ বৃহৎ পৰিমাণৰ ঋণ; ক’ৰ এই ঘটনা (Etv bharat assam)

চুৰি সামগ্ৰীৰ বিনিময়ত বেংকৰ পৰা সংগ্ৰহ বৃহৎ বৃহৎ পৰিমাণৰ ঋণ; ক’ৰ এই ঘটনা (Etv bharat assam)

তিনিচুকীয়া, 15 মে’: তিনিচুকীয়া আৰক্ষীৰ বিশেষ সফলতা ৷ বিগত কিছুদিনৰ পৰা তিনিচুকীয়া চহৰৰ চলিহানগৰ, বৰদলৈ নগৰ আদিকে ধৰি বিভিন্ন প্ৰান্তত দিন দুপৰতে সংঘটিত হৈ আহিছিল ধাৰাবাহিক চুৰিকাণ্ড ৷ উক্ত চুৰিকাণ্ডবোৰ সন্দৰ্ভত তিনিচুকীয়া সদৰ আৰক্ষী থানাত দুটাকৈ গোচৰ ৰুজু হোৱাৰ পাচত আৰক্ষীয়ে এই সন্দৰ্ভত আৰম্ভ কৰিছিল তদন্ত ৷

তিনিচুকীয়া আৰক্ষীয়ে ক্ষীপ্ৰতাৰে গোপন কেমেৰাৰ ভিডিঅ’ সংগ্ৰহ কৰি শিৱসাগৰ জিলাৰ কোঁৱৰপুৰৰ চেনচোৱাৰপৰা ঘটনা সন্দৰ্ভত এজনক আটক কৰিবলৈ সক্ষম হয় ৷ ধৃতটো কুলধৰ দাসৰ পুত্ৰ অংকুৰ দাস বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে অংকুৰ দাসক আটক কৰাৰ লগতে AS 04 Z7173 নম্বৰৰ এখন মাৰুতি এল্ট’ আৰু AS 04 AE3890 নম্বৰৰ এখন স্কুটিও জব্দ কৰিবলৈ সক্ষম হৈছে ৷

ইয়াৰ লগতে, ধৃত অংকুৰ দাসে বহুলোকৰ পৰা চুৰি কৰা সোণৰ গহনা-পাতি আদিও আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে বুলি জনায় ৷ এই গহনা-পাতিবোৰেৰে অংকুৰে ঋণ লয় বুলি তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰাগজ্যোতি বুঢ়াগোহাঁইয়ে জানিবলৈ দিছে ৷ তিনিচুকীয়াৰ SBFC finance ত চুৰি সোণ বন্ধকত ৰাখি 3 লাখ 74 হাজাৰ টকা লোন লোৱাৰ লগতে মৰাণৰ আশীৰ্বাদ মাইক্ৰ’ফাইনেঞ্চটো কিছু সোণৰ আ-অলংকাৰ বন্ধকত ৰাখি ঋণ লৈছিল বুলি সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় ৷

তিনিচুকীয়া আৰক্ষীয়ে ইতিমধ্যে দুয়োটা প্ৰতিষ্ঠানৰ পৰা আ-অলংকাৰখিনি উদ্ধাৰ কৰাৰ লগতে প্ৰতিষ্ঠান দুটাই কি ভিত্তিত চুৰি সামগ্ৰী লৈ ঋণ প্ৰদান কৰিছিল সেই সন্দৰ্ভতো তদন্ত অব্যাহত ৰাখিছে বুলি জানিবলৈ দিছে ৷

লগতে পঢ়ক: চোৰে চাফাই অভিযান চলালে মহিলা সাংবাদিকৰ ভাড়াঘৰত - Theft In Guwahati

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.