ETV Bharat / politics

এয়া সনাতনৰ জয় : বিজয়ৰ পিচতে কংগনাৰ প্ৰতিক্ৰিয়া - Lok Sabha Election Results 2024

Lok Sabha Election Results 2024: হিমাচলৰ মাণ্ডি সমষ্টিত ৭০ হাজাৰৰ অধিক ভোটৰ ব্যৱধানত জয়ী হ'ল কংগনা ৰণৌত । বিজয়ৰ পিচতে সমষ্টিবাসীক কৃতজ্ঞতা জনালে কংগনাই । স্বভাৱসুলভ দৃষ্টিভংগীৰে বিৰোধীকো আক্ৰমণ কংগনাৰ ।

Lok Sabha Election Results 2024
'এয়া সনাতনৰ জয়'; বিজয়ৰ পিচতে কংগনাৰ প্ৰতিক্ৰিয়া (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 4, 2024 at 5:34 PM IST

2 Min Read
Choose ETV Bharat

নেশ্যনেল ডেস্ক,৪ জুন : হিমাচল প্ৰদেশৰ মাণ্ডিত বৃহৎ জয় কংগনা ৰণৌতৰ । কংগ্ৰেছৰ বিক্ৰমাদিত্য সিঙৰ বিৰুদ্ধে কংগনাই ৭২,০৮৮ টা ভোটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰে । বিজয় নিশ্চিত হোৱাৰ পিচতে অভিনেত্ৰী তথা বিজেপিৰ প্ৰাৰ্থী কংগনাই সামাজিক মাধ্যমৰ জৰিয়তে সমষ্টিটোৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে । কংগনাই ইনষ্টাগ্ৰামত হিন্দীত কৃতজ্ঞতা জ্ঞাপন কৰি কয়, "এই মৰম আৰু বিশ্বাসৰ 🙏🏻 বাবে মাণ্ডিৰ সকলো লোকক আন্তৰিক ধন্যবাদ । এই বিজয় সকলোৰে, ই নৰেন্দ্ৰ মোদী আৰু বিজেপিক বিশ্বাস কৰাৰ জয়, ই সনাতনৰ জয়, ই মাণ্ডিৰ সন্মানৰ জয় ।"

সংবাদমেল সম্বোধন কৰি ৰণৌতে কয় যে তেওঁ নৰেন্দ্ৰ মোদীৰ নামত এই নিৰ্বাচনত যুঁজিছিল । এয়া তেওঁৰ বিশ্বাসযোগ্যতা আৰু তেওঁৰ গ্যেৰাণ্টি আৰু তেওঁৰ ওপৰত থকা লোকসকলৰ বিশ্বাস । যাৰ বাবে বিজেপিয়ে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ গৈ আছে বুলি তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক :মেঘালয়ৰ তুৰা সমষ্টিত উৰিল কংগ্ৰেছৰ বিজয় ধ্বজা - LOK SABHA ELECTION RESULTS 2024

আনহাতে কংগনাই বিৰোধীকো লক্ষ্য কৰি লয় আৰু মাণ্ডিৰ পৰা বিজেপি প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ পিচতে তেওঁৰ বিৰুদ্ধে কৰা অপমানজনক মন্তব্যৰ সমালোচনা কৰি কয় যে কংগ্ৰেছে এগৰাকী মহিলাৰ বিৰুদ্ধে কটু মন্তব্য কৰাৰ পৰিণাম ভুগিব লাগিব । সেয়া আজি তেওঁ লাভ কৰা বিজয়ৰ সৈতে স্পষ্ট হৈ পৰিছে বুলি তেওঁ উল্লেখ কৰে ।

মুম্বাইলৈ তেওঁ স্থানান্তৰ সন্দৰ্ভত কয় যে হিমাচল প্ৰদেশ তেওঁৰ জন্মস্থান আৰু তেওঁ ইয়াত জনসাধাৰণৰ সেৱা অব্যাহত ৰাখিব । কংগনাৰ মতে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 'সবকা সাথ, সবকা বিকাশ'ৰ দৃষ্টিভংগীৰ প্ৰতি সৈনিক হিচাপে কাম কৰাৰ প্ৰতিশ্ৰুতি দি আহিছে । সেয়েহে তেওঁ ক'লৈও যোৱা নাই । সম্ভৱত: আন কোনোৱে তেওঁলোকৰ মোনা বান্ধি গুচি যাব লাগিব আৰু তেওঁ তালৈ ৰৈ আছে বুলিও কংগনাই উল্লেখ কৰে ।

লোকসভা নিৰ্বাচনৰ ফলাফলৰ অধিক বা-বাতৰিৰ বাবে ক্লিক কৰক :

https://www.etvbharat.com/en/!elections/election-2024