ETV Bharat / business

এতিয়া আপুনি ১ টকাতো ক্ৰয় কৰিব পাৰিব সোণ; জানক কেনেকৈ সম্ভৱ এয়া - Digital Gold Investment

author img

By ETV Bharat Assamese Team

Published : May 15, 2024, 2:01 PM IST

Digital Gold Investment: ডিজিটেল গোল্ড আপোনাৰ বাবে এনেকুৱা এটা বিকল্প, য’ত বিনিয়োগ কৰাটো অতি সহজ যাৰ বাবে এতিয়া ডিজিটেল সোণৰ সুবিধা আৰু সুলভ মূল্যৰ বাবে দ্ৰুতগতিত ক্ৰেতাৰ পছন্দৰ হৈ পৰিছে ৷ আপুনি মাত্ৰ 1 টকাতো বিনিয়োগ কৰিব পাৰে । জানক কেনেকৈ...

what-is-digital-gold-who-can-invest-in-it-and-who-cannot-and-what-are-the-benefits-know-everything
এতিয়া আপুনি 1 টকাতো ক্ৰয় কৰিব পাৰিব সোণ; জানক কেনেকৈ সম্ভৱ এয়া (GETTY IMAGES)

এতিয়া আপুনি ১ টকাতো ক্ৰয় কৰিব পাৰিব সোণ; জানক কেনেকৈ সম্ভৱ এয়া (ETV BHARAT ASSAM)

গুৱাহাটী, 15 মে’: সোণ প্ৰতিগৰাকী লোকৰ বাবে অতি মূল্যৱান ৷ সোণৰ প্ৰতি ভাৰতীয় লোকৰ পূৰ্বৰে পৰা আকৰ্ষণ আছে ৷ কিন্তু সোণৰ দাম দিনে দিনে ব্যাপক হাৰত বৃদ্ধি পাইছে ৷ দাম বৃদ্ধি হোৱাৰ লগে লগে সোণ লগত বা পিন্ধি ৰখাটো সমস্যাৰ সৃষ্টি হৈছে ৷ কিয়নো চোৰ ডকাইতে প্ৰথমে সোণকে লক্ষ্য কৰি লয় ৷ বহুলোকেই সেইবাবেই চিন্তিত যে তেওঁলোকে তেওঁলোকৰ সাঁচতীয়া ধনেৰে ক্ৰয় কৰা সোণখিনি চোৰ ডকাইতে যদি লৈ যায় তেন্তে তেওঁলোক সৰ্বস্বান্ত হৈ পৰিব ৷

বিশেষকৈ গুৱাহাটী মহানগৰীত সোণ পিন্ধাটো বিপজ্জনক হৈ পৰিছে ৷ কেৱল বাহিৰতে নহয় ঘৰতো আজিৰ দিনত সুৰক্ষিত নহয় আপোনাৰ মূল্যৱান সোণ ৷ যাৰ বাবে এতিয়া ডিজিটেল সোণৰ প্ৰতি আগ্ৰহী হৈছে গ্ৰাহক ৷ ডিজিটেল সোণৰ সুবিধা আৰু ব্যয়সাধ্যতাৰ বাবে দ্ৰুতগতিত ক্ৰেতাৰ পচন্দৰ হৈ পৰিছে ৷ ডিজিটেল পেমেণ্টৰ বাবে চৰকাৰে সুবিধা কৰি দিয়া, ডিজিটেলাইজেচন সম্প্ৰসাৰণ, অনলাইনত সোণ ক্ৰয় কৰাত সহজ হৈ পৰিছে ৷ সেয়ে বৰ্তমান বহু মানুহে ডিজিটেল সোণৰ দৰে আধুনিক সম্পদৰ ৰূপত বিনিয়োগ কৰিবলৈ বাছি লৈছে ৷ কাৰণ এই সোণ সাধাৰণ সোণতকৈ কিছু পৃথক ৷

সেয়ে এতিয়া উত্তৰ পূৰ্বাঞ্চলৰ বিপনীত আৰম্ভ হৈছে ডিজিটেল সোণৰ সুবিধা ৷ প্ৰতিদিনে ১ টকাৰ পৰা ১ লাখ ৯৯ হাজাৰ টকালৈকে ডিজিটেল সোণৰ ক্ৰয় কৰিব পৰা ব্যৱস্থা কৰিছে ৷ সেয়ে এতিয়া ডিজিটেল সোণৰ সুবিধা আৰু ব্যয়সাধ্যতাৰ বাবে দ্ৰুতগতিত ক্ৰেতাৰ পচন্দও হৈ পৰিছে । ভাৰতত সোণত বিনিয়োগৰ পৰিৱেশ পৰম্পৰাগত ভৌতিক ৰূপৰ পৰা ডিজিটেল ফৰ্মেটলৈ সলনি হৈছে । এই পৰিৱৰ্তন সোণ ভিত্তিক এক্সচেঞ্জ ট্ৰেডেড ফাণ্ড (ইটিএফ) পৰ্টফলিঅ'ৰ সংখ্যা বৃদ্ধিৰ জৰিয়তে দেখা গৈছে, যিটো চাৰি বছৰত ১৫গুণ বৃদ্ধি পাইছে । ভাৰতত ২০১৫ চনৰ পৰা ৬১ টা ট্ৰেঞ্চ ছ'ভাৰেইন গোল্ড বণ্ড (এছজিবি)ও দেখা গৈছে আৰু এক কথাত ক’বলৈ গ’লে বিপনীৰ পৰা সোণ ক্ৰয় কৰি ঘৰত অসুৰক্ষিতভাৱে সাঁচি ৰখাতকৈ বহুতে এটিয়া ডিজিটেল সোণ ক্ৰয় কৰাটো বৰ্তমান সময়ত অধিক সুৰক্ষিত ৷

ডিজিটেল সোণ কি ?

ডিজিটেল সোণ অনলাইনত সোণ ক্ৰয় কৰাৰ একমাত্ৰ উপায় ৷ ইটিএফ, গোল্ড চেভিংছ ফাণ্ডৰ দৰে ইলেক্ট্ৰনিক ৰূপত সোণ কিনিব পাৰিব ৷ ডিজিটেল সোণত বিনিয়োগ নূন্যতম 1 টকাৰ পৰা আৰম্ভ কৰিব পাৰি ৷ বজাৰৰ দাম চাই ইয়াক আপুনি ক্ৰয় বা বিক্ৰী কৰিব পাৰিব ৷ বিশেষকৈ ভাৰতৰ ৩টা কোম্পানী হৈছে MMTC-PAMP India Pvt. লিমিটেড, অগমন্ট গোল্ড লিমিটেড আৰু ডিজিটেল গোল্ড ইণ্ডিয়া প্ৰাইভেট লিমিটেডে তেওঁলোকৰ ছেফগল্ড ব্ৰেণ্ডৰ অধীনত ডিজিটেল গোল্ড আগবঢ়ায় ৷

কোনে কিনিব পাৰে ডিজিটেল সোণ
ভাৰতত বসবাস কৰা যিকোনো ব্যক্তিয়ে ডিজিটেল সোণ কিনিব পাৰিব । এক্সিছ বেংকৰ ৱেবছাইট অনুসৰি ডিজিটেল সোণ ক্ৰয় কৰিবলৈ এজন ব্যক্তিৰ ছেভিংছ একাউণ্ট বা কাৰেণ্ট একাউণ্ট থাকিব লাগিব । ভাৰতত এন আৰ অ’ একাউণ্ট নথকা এজন সৰু একাউণ্টধাৰী আৰু প্ৰবাসী ভাৰতীয় গ্ৰাহকে ডিজিটেল সোণ ক্ৰয় কৰিব পাৰে ।

লগতে পঢ়ক: অব্যাহত আছে সোণ-ৰূপৰ দাম বৃদ্ধিৰ দৌৰ, হতাশ ক্ৰেতা - Gold And Silver Rate India

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.