ETV Bharat / state

আৰক্ষীৰ ভয়ত পানীত জাপ তীৰ জুৱাৰীৰ - Gambler arrested in Kalgachia

author img

By ETV Bharat Assamese Team

Published : Jun 11, 2024, 9:13 AM IST

Illegal Teer gambling racket : নদীত জাপ দি আৰক্ষীৰ হাতৰ পৰা ৰেহাই পোৱাৰ চেষ্টা তীৰ জুৱাৰীৰ ৷ এই ঘটনা কলগাছিয়াৰ বালাগাঁও-ক্ষুদ্ৰকুছি গাঁৱৰ । তীৰ জুৱাৰীৰ পৰা তীৰৰ টিকট, ম’বাইল জব্দ কৰে আৰক্ষীয়ে ৷

police crackdown against gambler
আৰক্ষীৰ ভয়ত পানীত জাপ তীৰ জুৱাৰীৰ (ETV Bharat Assam)

কলগাছিয়া, 11 জুন : কলগাছিয়াত অভাৱনীয় হাৰত বৃদ্ধি পাইছে তীৰ খেলৰ পয়োভৰ ৷ বৰপেটা জিলাৰ বালাগাঁও-ক্ষুদ্ৰকুছিত অবৈধ তীৰ খেলৰ বিৰুদ্ধে কলগাছিয়া আৰক্ষীয়ে অভিযান চলায় । এই অভিযানত কলগাছিয়াৰ বালাগাঁও-ক্ষুদ্ৰকুছি গাঁৱৰ পৰা দুটা অভিযুক্তক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে । ধৃত তীৰ জুৱাৰী দুটা তাপেশ্বৰা গাঁৱৰ আইনাল হ’ক আৰু ক্ষুদ্ৰকুছি গাঁৱৰ বাকী আলী বুলি জানিব পৰা গৈছে ।

বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালাগাঁও-ক্ষুদ্ৰকুছি গাঁৱত দীৰ্ঘদিন ধৰি আইনাল হক, বাকী আলীৰ লগতে আন কেইবাজনেও তীৰৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল বুলি অভিযোগ উত্থাপন হৈছে । সেই অভিযোগৰ ভিত্তিতেই সোমবাৰৰ আবেলি কলগাছিয়া আৰক্ষীৰ এটা সজাতি দলে অভিযান চলাই আৰু তীৰৰ টিকট বিক্ৰী কৰি থকা অৱস্থাতে আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷

অভিযানৰ বিষয়ে অৱগত হোৱাৰ পাচতে কেইটামান জুৱাৰীয়ে দৌৰি পলাই সাৰিবলৈ সক্ষম হয় যদিও আইনাল হক আৰু বাকী আলী নদীত জাপ মাৰি আৰক্ষীৰ হাতৰ পৰা ৰক্ষা পোৱাৰ বাবে চেষ্টা কৰে ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে দুয়োকে কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে তীৰ জুৱাৰীৰ পৰা তীৰৰ টিকট, ম’বাইল আৰু কিছু টকা উদ্ধাৰ কৰাৰ লগতে আইনাল হক আৰু বাকী আলীক কলগাছিয়া আৰক্ষী থানালৈ লৈ যায় ।

উল্লেখ্য যে, বৃহত্তৰ কলগাছিয়া অঞ্চলটোত দীৰ্ঘদিনৰে পৰা তীৰ খেলৰ লগতে অবৈধ কাৰ্যকলাপ চলি আহিছে । তীৰ, জুৱা আদি বৃদ্ধি পোৱাত অঞ্চলটোত এক অৰাজক পৰিৱেশৰ সৃষ্টি হৈছে ৷ যুৱ প্ৰজন্ম ধ্বংসৰ দিশলৈ গতি কৰাৰ লগতে চুৰি, ডকাইতিকে ধৰি বিভিন্ন অসামাজিক কাৰ্যকলাপ বৃদ্ধি পাইছে বুলি স্থানীয় লোকে অভিযোগ তুলিছে । সেয়ে আৰক্ষীক এইক্ষেত্ৰত অধিক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক: তীৰৰ সাম্ৰাজ্যত বিশেষভাৱে সক্ষম লোক, জালত পৰিল তীৰ মাফিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.