ETV Bharat / snippets

তীৰৰ সাম্ৰাজ্যত বিশেষভাৱে সক্ষম লোক, জালত পৰিল তীৰ মাফিয়া

author img

By ETV Bharat Assamese Team

Published : May 23, 2024, 12:39 PM IST

Specially Abled Teer mafia arrested by Basistha Police
তীৰৰ সাম্ৰাজ্যত বিশেষভাৱে সক্ষম লোক, জালত পৰিল তীৰ মাফিয়া (ETV Bharat Assam)

গুৱাহাটী,২৩ মে': মহানগৰীৰ বশিষ্ঠৰ ভিন্ন স্থানত এতিয়াও চলি আছে অবৈধ তীৰৰ‌ কাউন্টাৰ । বুধবাৰে নিশা বশিষ্ঠ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হয় এটা তীৰ মাফিয়া । তীৰ মাফিয়াটো বিশেষভাৱে সক্ষম লোক হোৱাৰ পিছতো চলাই আহিছিল তীৰৰ‌ ক'লা সাম্ৰাজ্য । গ্ৰেপ্তাৰ কৰা হয় নজৰুল হক ওৰফে হাজৰিকা নামৰ বিশেষভাৱে সক্ষম তীৰ মাফিয়াটোক ।

পাটৰকুচিৰ লেচিয়া নগৰস্থিত বকুল ষ্ট'ৰৰ পৰা গ্ৰেপ্তাৰ কৰে তীৰ মাফিয়া হাজৰিকাক । লগতে অভিযানত আৰক্ষীয়ে দুটাকৈ ম'বাইল ফোনসহ জব্দ কৰে বহু নথি-পত্ৰ । উল্লেখ্য যে উক্ত অঞ্চলটোত মাফিয়াটোৱে দীৰ্ঘদিন ধৰি চলাই আহিছিল তীৰৰ‌ অবৈধ বেহা । গাতে লাগি থকা মেঘালয়ৰ পৰা নিয়ন্ত্ৰণ কৰিছিল এই ক'লা ব্যৱসায় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.