ভুৱা ৱৰ্ক অৰ্ডাৰ ! আৰক্ষীৰ কাষ চাপিল কামতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ - Kamatapur Autonomous Council

By ETV Bharat Assamese Team

Published : May 22, 2024, 10:46 PM IST

thumbnail
আৰক্ষীৰ কাষ চাপিল কামতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ (ETV Bharat Assam)

বঙাইগাঁও,  ২২ মে’ : কামতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষই ন্যায় বিচাৰি কাষ চাপিছে আৰক্ষীৰ ৷ অধ্যক্ষৰ চহী জালিয়াতি কৰি প্ৰায় ৩৪ কোটি টকা ভুৱা ৱৰ্ক অৰ্ডাৰ সামাজিক মাধ্যমত প্ৰচাৰ কৰা একাংশ দুষ্ট চক্ৰৰ বিৰুদ্ধে উত্তৰ শালমাৰা আৰক্ষী চকীত এজাহাৰ দাখিল কৰে পৰিষদৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মনে ।

উল্লেখ্য যে বহিঃৰাজ্যৰ এটা প্ৰতিষ্ঠানক কামতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষই ৱৰ্ক অৰ্ডাৰ দিয়া বুলি বিগত কেইদিনমান ধৰি সামাজিক মাধ্যমত প্ৰচাৰ হৈ আছিল ৷ প্ৰায় ৩৪ কোটি টকাৰ বিভিন্ন সামগ্ৰীৰ অৰ্ডাৰ দিয়াৰ কথা উল্লেখ কৰা হৈছিল উক্ত ভুৱা ৱৰ্ক অৰ্ডাৰত, য’ত KAC ৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মনৰ চহী আৰু চীল স্পষ্ট আছিল ।

এনে অপপ্ৰচাৰে অধ্যক্ষগৰাকীৰ ভাবমূৰ্তি জনমানসত ম্লান কৰাৰ অভিযোগ উত্থাপন কৰিছে হিতেশ্বৰ বৰ্মন । উল্লেখ্য যে ইয়াৰ পূৰ্বেও কামতাপুৰ স্বায়ত্তশাসিত পৰিষদত এনে ভুৱা ৱৰ্ক অৰ্ডাৰ উলিয়াই ধন সংগ্ৰহ কৰাৰ অভিযোগত পৰিষদৰ বিষয়ববীয়াৰ লগতে দুষ্ট চক্ৰক জে’ললৈ প্ৰেৰণ কৰা হৈছিল ৷

লগতে পঢ়ক: পাণবজাৰ আৰক্ষীৰ জালত ভুৱা জামিনদাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.