পাণবজাৰ আৰক্ষীৰ জালত ভুৱা জামিনদাৰ - FAKE BAILER IN GUWAHATI

By ETV Bharat Assamese Team

Published : May 22, 2024, 4:59 PM IST

thumbnail
পাণবজাৰ আৰক্ষীৰ জালত ভুৱা জামিনদাৰ (ETV Bharat Assam)

গুৱাহাটী, ২২ মে’ : পাণবজাৰ আৰক্ষীৰ জালত পৰিল ভুৱা জামিনদাৰ  । গ্ৰেপ্তাৰ কৰা হৈছে গাড়ীগাঁৱৰ মীৰ আলী নামৰ এজন লোকক ।

নিজকে চৰকাৰী চাকৰিয়াল বুলি কৈ কেইটামান টকাৰ বিনিময়ত অভিযুক্তক জামিন লোৱাত সহায় কৰে ধৃত মীৰ আলীয়ে  ৷ NDPS Actৰ অধীনত গ্ৰেপ্তাৰ হোৱা আচামীক জামিন লোৱাত সহায় কৰি দিয়া অভিযোগ মীৰ আলীৰ বিৰুদ্ধে ৷ বুধবাৰে গাড়ীগাঁৱৰ নিজা বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে মীৰ আলীক ৷ আৰক্ষী যোৱাৰ খবৰ পাই মীৰ আলীয়ে পলায়ন কৰাৰ চেষ্টা কৰিছিল যদিও গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে আচামীক জামিন লৈ দিয়া বিষয়টো দৃষ্টিগোচৰ হৈছিল আদালতৰ  । আদালতে সমগ্ৰ বিষয়টো মহানগৰ আৰক্ষীক চোৱা-চিতা কৰিবলৈ নিৰ্দেশ দিছিল । আদালতে আৰক্ষীক জনায় যে এটা বৃহৎ চক্ৰ জড়িত হৈ আছে এই জামিন প্ৰক্ৰিয়াত ৷

উক্ত চক্ৰটোৰ সন্ধানত আৰক্ষীয়ে আৰম্ভ কৰিছিল অভিযান ৷  চক্ৰটোৰ প্ৰথমগৰাকী সদস্য হিচাপে মীৰ আলীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । পাণবজাৰ থানাত ভাৰতীয় দণ্ড বিধি ৪২০/৪৬৮ ধাৰাৰ অধীনত ১০৫/২৪ নম্বৰ গোচৰ পঞ্জীয়ন কৰি গ্ৰেপ্তাৰ কৰে মীৰ আলীক ।

লগতে পঢ়ক: গৰাকীৰ অজ্ঞাতেই দালালে বেচিলে দুবিঘা ভূমি; ন্যায়ৰ বাবে চৰকাৰক আহ্বান ভুক্তভোগীৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.